নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কার্বি আংলঙৰ বাহিৰত বসবাস কৰা কার্বি লোকৰ বাবে অচিৰে কার্বি কল্যাণ পৰিষদ

বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰঃ কার্বি আংলং স্বায়ত্ত পৰিষদৰ বাহিৰত বসবাস কৰি থকা লোকসকলৰ বাবেও অচিৰেই গঠন হ’ব কার্বি কল্যাণ পৰিষদ৷ বড়ো–কছাৰী কল্যাণ পৰিষদৰ আর্হিত গঠন হ’ব এই কার্বি কল্যাণ পৰিষদখন৷ সদনত বিধায়ক বিদ্যাছিং ইংলেঙৰ এক প্রশ্নৰ  উত্তৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰিছে৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আমৰি কার্বিসকলক লৈ এখন পৰিষদ আছে৷ এতিয়া চৰকাৰে কার্বি আংলং স্বায়ত্ত পৰিষদৰ পৰা এটা প্রস্তাৱ বিচাৰিছে– কার্বি আংলঙৰ বাহিৰত বসবাস কৰা সকলোকে লৈ নতুন কার্বি কল্যাণ পৰিষদখন গঠন কৰিব নেকি? কার্বি আংলং জিলাৰ আটাইকেইগৰাকী বিধায়কে মিলি এই সম্পর্কত চৰকাৰক পৰামর্শ দিলে চৰকাৰে এমাহৰ ভিতৰতে কার্বি কল্যাণ পৰিষদখন গঠন কৰি দিব৷ আনহাতে, কার্বি শান্তি চুক্তি অনুসৰি কার্বি ভাষাক অষ্টম অনুসূচীৰ অধীনত অন্তর্ভুক্ত কৰি সহযোগী ভাষাৰ মর্যাদা দিয়াৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অষ্টম অনুসূচীৰ অধীনত কোনো ভাষা অন্তর্ভুক্ত কৰিব লাগিলে সেই ভাষাৰ লিপি ভাৰতীয় ভাষাৰ হ’ব লাগে৷ ৰোমান লিপি ব্যৱহাৰ হোৱা কোনো ভাষা অষ্টম অনুসূচীত অন্তর্ভুক্ত নহয়৷ কার্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্যগৰাকীয়ে জনোৱা অনুসৰি এই বিষয়টোক লৈ তেওঁলোকে বিভিন্ন পর্যায়ত আলোচনা কৰি আছে৷ আনহাতে, কার্বি আংলঙৰ বাহিৰত বসবাস কৰা কার্বি লোকসকলক ভৈয়াম জনজাতিৰ মর্যাদা দিয়াৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে একে সময়তে বড়ো জনগোষ্ঠীয়েও কার্বি আংলঙত বসবাস কৰি থকা বড়ো লোকসকলক পার্বত্য জনজাতিৰ মর্যাদা দিয়াৰ দাবী কৰি আহিছে৷ কার্বি চুক্তি আৰু বড়ো চুক্তিক লৈ দুয়োটা জনগোষ্ঠীয়ে প্রথমে সহমতত উপনীত হ’ব লাগে৷ বিষয়টোক লৈ কেন্দ্রীয় চৰকাৰৰ পর্যায়ত আলোচনা চলি আছে যদিও কার্বিসকলে বড়োসকলক পার্বত্য জনজাতিৰ মর্যাদা দিয়াৰ আপত্তি কৰি অহাৰ বাবে বিষয়টো অচলাৱস্থাত আছে৷ সেয়ে মুখ্যমন্ত্রী ড০ শর্মাই বিটিআৰৰ বিধায়ক আৰু কার্বি আংলঙৰ বিধায়কসকলক এই বিষয়ত এক সহমতত উপনীত হ’বলৈ আহ্বান জনায়৷ ইপিনে, যোৱা দুটা বছৰত বিটিআৰ চুক্তিৰ প্রতিটো দফাই ৭০–৯০ শতাংশলৈ ৰূপায়ণ হোৱা বুলি সদৰী কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিটিআৰ অঞ্চল গহপুৰলৈ সম্প্রসাৰণ আৰু বিটিআৰৰ পৰিষদীয় সমষ্টিৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্রতো কাম–কাজ চলি আছে৷ বিটিআৰ চুক্তি ৰূপায়ণৰ দিন অত্যন্ত সন্তোষজনক বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এবছু, বড়ো সাহিত্য সভা, প্রাক্তন এনডিএফবিৰ সৈতে এই বিষয়ক লৈ সময়ে সময়ে আলোচনা কৰি থকা হৈছে৷ কোনো অন্তৰায়ৰ সৃষ্টি হোৱা নাই৷ কার্বি শান্তি চুক্তিৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ছয়টা বিদ্রোহী সংগঠনৰ লগত চুক্তি স্বাক্ষৰৰ পাছত অঞ্চলটোত প্রচুৰ আর্থ–সামাজিক উন্নয়ন হৈছে৷ ডিমাচা শান্তি চুক্তিখনৰ ক্ষেত্রত কয় যে সমষ্টি পুনৰ নির্ধাৰণৰ বাবে চুক্তিখন ৰূপায়ণত কিছু বিলম্ব হৈছে৷ জিলা পুনৰ সংগঠিত কৰাৰ বিষয়ে চুক্তিত উল্লেখ আছে৷ কিন্তু সমষ্টি পুনৰ নির্ধাৰণৰ কাম–কাজ চলি থকাৰ বাবে ইমানদিনে এই দিশত চৰকাৰ অগ্রসৰ হ’ব পৰা নাছিল৷

You might also like