নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ চাইবাৰ অপৰাধীৰ জালত কৰ্ণাটকৰ চিকিৎসক

🔹 চাইবাৰ অপৰাধীক বিচাৰি কৰ্ণাটক আৰক্ষীৰ শিৱসাগৰত অভিযান

🔹 শিক্ষক পৱন বৰপাত্ৰ-জাকিৰ আলমক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰ : ৰাজ্যৰ বাহিৰৰ চাইবাৰ অপৰাধীয়ে বিভিন্ন সময়ত তথ্য প্ৰযুক্তিৰে অসমৰ চাকৰিয়াল, ব্যৱসায়ীৰ বেংকৰ একাউন্টৰ ধন হৰলুকী কৰি অহা ঘটনাই সংবাদ শিৰোনাম দখল কৰি অহাৰ সময়তে এইবাৰ শিৱসাগৰৰ দুই চাইবাৰ অপৰাধীয়ে কৰ্ণাটকৰ এগৰাকী আগশাৰীৰ চিকিৎসকৰ একাউন্টৰ পৰা বিশাল পৰিমাণৰ ধন হৰলুকী কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শিৱসাগৰত বহিয়েই কৰ্ণাটকৰ চিকিৎসকৰ একাউন্টৰ পৰা ১ কোটি ২৮ লাখ টকা হৰলুকী কৰিবলৈ সক্ষম হোৱা দুই চাইবাৰ অপৰাধী অৱশেষত কৰ্ণাটক আৰক্ষী আৰু শিৱসাগৰ সদৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় ৷ কৰ্ণাটক আৰক্ষীয়ে নিজৰ জিম্মাত লোৱা দুই চাইবাৰ অপৰাধী হৈছে নগৰৰ ধাইআলিৰ জাকিৰ আলম বৰা (৩৮) আৰু পাণবেচাৰ পেছাত শিক্ষক পৱন বৰপাত্ৰ (৫৮) ৷ ইতিমধ্যে আজি দুপৰীয়া দুয়োটা চাইবাৰ অপৰাধীক লগত লৈ কৰ্ণাটক আৰক্ষীৰ দলটোৱে ডিব্ৰুগড় বিমানবন্দৰৰ পৰা কৰ্ণাটকলৈ ৰাওনা হৈছে ৷ প্ৰাপ্ত বাতৰি মতে, এখন ৱেল্ডিং দোকানৰ গৰাকী জাকিৰ আলমে নগাঁৱৰ আন এটা কুখ্যাত চক্ৰৰে মিলি বহু দিনৰ পৰাই দেশৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিসকলক লুন্ঠন চলাই আহিছিল ৷ তথ্য অনুসৰি, বিগত ৮টা মাহৰ ভিতৰত নগাঁও আৰু মৰিগাঁৱৰ শতাধিক চাইবাৰ অপৰাধীক দুয়োখন জিলাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত একাংশই সেই জিলা দুখন এৰি শিৱসাগৰত বাহৰ পাতিছিল ৷ এই চক্ৰটোৰে ঘনিষ্ঠতা বৃদ্ধি পাইছিল জাকিৰৰ ৷ জানিব পৰা মতে, অত্যন্ত চতুৰ চক্ৰটোৱে শিৱসাগৰৰ বহুসংখ্যক ব্যক্তিৰ নামত কৌশলেৰে পান কাৰ্ড, আধাৰ কাৰ্ডসহ অন্যান্য প্ৰামাণিক নথিৰ সহায়ত একাউন্ট খোলাই সেই একাউন্টসমূহ নিজৰ দ্বাৰা পৰিচালিত কৰিছিল৷ আন একাংশই আকৌ এই চাইবাৰ অপৰাধী চক্ৰটোক নিজৰ একাউন্ট ভাৰালৈ দিছিল ৷ অজ্ঞাত স্থানৰ পৰা সোমোৱা এক লাখ টকাৰ বিনিময়ত ৪ হাজাৰ টকা কমিছন লৈ উলিয়াই দিছিল ধন ৷ এনেদৰে এই চক্ৰটোৰ লোভনীয় জালত বন্দী হৈছিল পেছাত শিক্ষক পৱন বৰপাত্ৰ ৷ কৰ্ণাটক আৰক্ষীৰ সূত্ৰই শিৱসাগৰৰ সাংবাদিকক জানিবলৈ দিয়া মতে, কিছুদিন পূৰ্বে পৱন বৰপাত্ৰৰ একাউন্টত কৰ্ণাটকৰ উল্লেখিত চিকিৎসকজনৰ একাউন্ট হেক কৰি জাকিৰ বাহিনীয়ে উলিয়াই নিয়া ১ কোটি ২৮ লাখ টকা সোমাইছিল ৷ পৰৱৰ্তী সময়ত পৱন বৰপাত্ৰৰ সৈতে বুজাবুজি কৰি নিদিষ্ট কমিছনৰ ভিত্তিত সমুদায় ধন অনলাইন প্ৰক্ৰিয়াৰে আন ৯০জন বিভিন্ন ব্যক্তিৰ নামত থকা একাউন্টলৈ ট্ৰেন্সফাৰ কৰিছিল ৷ ইফালে, কৰ্ণাটকৰ চিকিৎসকগৰাকীৰ একাউন্ট হেক কৰি ১ কোটি ২৮ লাখ টকা উলিয়াই নিয়াৰ পিছতেই কৰ্ণাটকৰ চিকিৎসকগৰাকীয়ে আৰক্ষীৰ কাষ চাপি এজাহাৰ দাখিল কৰিছিল ৷ এই এজাহাৰৰ ভিত্তিতেই কৰ্ণাটক আৰক্ষীয়ে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি অনুসন্ধান আৰম্ভ কৰাত চাইবাৰ চক্ৰৰ অভিকেন্দ্ৰ শিৱসাগৰ বুলি নিশ্চিত হয় ৷ ইয়াৰ পিছতেই পৰহি কৰ্ণাটক আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শকৰ নেতৃত্বত তিনিজনীয়া আৰক্ষীৰ এটা দল শিৱসাগৰত উপস্থিত হৈ দুয়োটা অপৰাধীৰ উপস্থিতি নিশ্চিত কৰে ৷ অৱশেষত আজি পুৱতি নিশা দুটাকৈ আৰক্ষীৰ দলে একে সময়তে পৃথকে পৃথকে চলোৱা অভিযানত শোৱাপাটীৰ পৰাই দুই চাইবাৰ অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ কৰ্ণাটকত পঞ্জীয়নভুক্ত গোচৰৰ ভিত্তিত দুয়োটা অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ কথা নিশ্চিত কৰা আৰক্ষীৰ দলটোৱে কাইলৈ আদালতত হাজিৰ কৰাই অধিক জেৰাৰ বাবে নিজৰ জিম্মাত ল’ব বুলি ব্যক্ত কৰিছে ৷ আনহাতে, এই ঘটনাৰ লগত নগাঁৱৰ এটা চাইবাৰ অপৰাধীৰ লগতে আন একাধিক ব্যক্তি গ্ৰেপ্তাৰৰ সম্ভাৱনাও উল্লেখ কৰে কৰ্ণাটক আৰক্ষীৰ উপ-পৰিদৰ্শকগৰাকীয়ে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like