নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংসদ কুইন ওজাৰ ভতিজা কৌশিক ওজাৰ ৰহস্যজনক মৃত্যু

নিয়মীয়া বাৰ্তা ১৭ এপ্ৰিলঃ  আদাবাৰীস্থিত শৰাইঘাট হুণ্ডাইৰ কাৰ্যবাহী সঞ্চালক কৌশিক ওজা (৩৮) লতাশিলৰ এছ কে ভূঞা পথস্থিত বাসগৃহৰ তৃতীয় মহলাৰ চাদৰ ওপৰত পৰি থকা অৱস্থাত কৌশিক ওজাৰ মৃতদেহ উদ্ধাৰ হয়। ডিঙিত ৰছী লাগি থকা অৱস্থাত কৌশিক ওজাৰ মৃতদেহ উদ্ধাৰ কৰে পৰিলায়ৰ লােকে। পৰিয়ালৰ লােকৰ খবৰৰ ভিত্তিত স্থানীয় লতাশিল আৰক্ষীয়ে প্রাথমিক অনুসন্ধান কৰাৰ পাছত মৃতদেহটো মৰণােত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে। আৰক্ষী সুত্রে জানিব পৰা মতে, এছ কে ভূঞা পথত নতুনকৈ এটা ফ্লেট ক্রয় কৰিছিল কৌশিক ওজাই। সেই উপলক্ষে কৌশিক ওজাই ১৪ এপ্রিলৰ নিশা কেইজনমান বন্ধু আৰু আত্মীয় লােকক লৈ এক প্রীতিভােজৰ আয়ােজন কৰে। কিন্তু সিদিনা সন্ধিয়া ৫মান বজাৰ পৰা কৌশিক ওজা নিৰুদ্দেশ হৈ পৰে। পৰিয়ালৰ লােক আৰু বন্দু-বান্ধৱে কিবা জৰুৰী কামত ব্যৱসায়ীজন বাহিৰলৈ ওলাই যােৱা বুলি ভাবে। কিন্তু প্রীতিভােজ আৰম্ভ হােৱাৰ আগমুহুৰ্তলৈ ব্যৱসায়ীজন ঘৰ আহি নােপােৱাত উপস্থিত সকলােৱে চিন্তিত হৈ পৰে। এনে পৰিস্থিতিত কৌশিক ওজাৰ পত্নীয়ে স্বামীৰ ম’বাইল ফোনত ফোন কৰে যদিও ফোন ৰিচিভ নকৰিলে।

ব্যৱসায়ীজনৰ পত্নীয়ে কেইবাবাৰাে ফোন কৰি কথা পতাৰ চেষ্টা কৰে যদিও প্রতিবাৰে ফোন কলটো ৰিং হৈ হৈ কাটি যায়। এনে অৱস্থাত ব্যৱসায়ীজনৰ কেইবাজনাে ঘনিষ্ঠ বন্ধুৱেও ফোনত তেওঁৰ সৈতে যােগাযােগ কৰাৰ চেষ্টা কৰে যদিও তেওঁলােকেও কোনাে সদুত্তৰ নাপালে। এনে পৰিস্থিতিত উপায়ান্তৰ হৈ কৌশিক ওজাৰ পত্নীয়ে বাসগৃহৰ ওচৰে-পাজৰে স্বামীক বিচাৰিবলৈ ধৰে। এটা সময়ত ফোন কৰি তৃতীয় মহলাত থকা চাদলৈ চিৰিৰে উঠি যাওঁতে কৌশিক ওজাৰ মবাইল ফোনৰ ৰিংটন শুনিবলৈ পায়। ফোনৰ ৰিংটন শুনা পাই চাদলৈ উঠি গৈ মহিলাগৰাকীয়ে ডিঙিত ৰছীৰে বন্ধা অৱস্থাত পৰি থকা স্বামীক প্রত্যক্ষ কৰে। নিশা প্রায় এক বজাত কৌশিক ওজাক তেনেদৰে পৰি থকা প্রত্যক্ষ কৰি ব্যৱসায়ীজনৰ পত্নীয়ে হুৱাদুৱা। লাগয়। ব্যৱসায়ীজনৰ পত্নীৰ চিঞৰ-বাখৰ শুনি সেই সময়ত উপস্থিত থকা অন্যান্য লােকসকলেও চাদৰ ওপৰলৈ উঠি যায় আৰু ব্যৱসায়ীজনক তেনেদৰে পৰি থকা প্রত্যক্ষ কৰি এই বিষয়ে লতাশিল থানাত খবৰ দিয়ে।

কিছু সময়ৰ পাছতে আৰক্ষী উপস্থিত হৈ অনুসন্ধান কৰাৰ অন্তত ব্যৱসায়ীজনৰ নিথৰ দেহটো মৰণােত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে। প্রাথমিক অনুসন্ধান কৰাৰ অন্তত কৌশিক ওজাই আত্মহত্যা কৰা বুলি সন্দেহ কৰে। আৰক্ষীৰ সূত্ৰটোৱে জনােৱা মতে অৱশ্যে এয়া আত্মহত্যা নে কি, সেয়া মৰণােত্তৰ পৰীক্ষাৰ প্রতিবেদন লাভ কৰাৰ পাছতহে জানিব পৰা যাব। পৰিয়ালৰ লােকে আৰক্ষীক জনােৱা মতে, কৌশিক ওজা কিছুদিন ধৰি মানসিক অশান্তিত ভূগি আছিল। মানসিক চাপ সহিব নােৱাৰি ব্যৱসায়ীজনে চাদৰ ওপৰত গৈ আত্মহত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰাৰ লগতে আত্মহত্যা কৰাৰ পাছত ৰছীৰ গাঁঠি সুলকি চাদত পৰি যােৱা বুলি অনুমান কৰে। সি যি কি নহওক এই ঘটনা পােহৰলৈ অহাৰ পাছতে অঞ্চলটোত শােকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত ব্যৱসায়ীজনে পত্নী, সন্তান আৰু আত্মীয়-স্বজনক এৰি থৈ যায়।

You might also like