নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯.৪৫ চিজিপিএৰে আইআইটি ইন্দোৰৰ টপাৰ অসম সন্তান কৃশাংগী কাশ্যপ

নিয়মীয়া বাৰ্তা, ২১ মে’ : ৰাষ্ট্ৰীয় বিমান চালনবিদ্যা আৰু মহাকাশ প্ৰশাসন চমুকৈ NASAৰ উদ্যোগত আমেৰিকাৰ টেক্সাছত যোৱা মাৰ্চ মাহত অনুষ্ঠিত 55th Lunar and Planetary Science Conference (LPSC 55) 2024ত যোগদানেৰে ভাৰতবৰ্ষক গৌৰবান্বিত কৰা অসম সন্তান তথা বজালীৰ মেধাৱী শিক্ষাৰ্থী কৃশাংগী কাশ্যপে আন এক কৃতিত্বৰে পুনৰবাৰ অসমক গৌৰবান্বিত কৰিলে৷ উল্লেখ্য যে ভাৰতীয় প্ৰযুক্তিবিজ্ঞান প্ৰতিষ্ঠান চমুকৈ আই আই টি ইন্দোৰৰ জ্যোতিৰ্বিজ্ঞানৰ মেধাৱী ছাত্ৰী কৃশাংগী কাশ্যপে৷ কৃশাংগীয়ে Astronomy, Astrophysics and Space Engineering বিষয়ৰ স্নাতকোত্তৰ পৰীক্ষাত সৰ্বমুঠ ৯.৪৫ চিজিপিএ লাভেৰে আই আই টি টপাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখযোগ্য যে, সম্প্ৰতি বৰপেটাত বসবাস কৰা পাঠশালাৰ ৰহাধৰ বিৰকলা (হৰিপুৰ) গাঁৱৰ হিতেশ শৰ্মা আৰু কৰবী শৰ্মাৰ কন্যা মেধাৱী ছাত্ৰী কৃশাংগী কাশ্যপে এক অতি সাধাৰণ পৰিৱেশৰ পৰা ওলাই আহি নিজৰ একাগ্ৰতাৰ বলেৰে পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে আৰু পৰৱৰ্তী সময়ত ২০২২ চনৰ পৰা আই আই টি ইন্দোৰত জ্যোতিৰ্বিজ্ঞান বিষয়ত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন চলাই গৈছে এগৰাকী মহাকাশ বিজ্ঞানী হোৱাৰ মানসেৰে। কৃশাংগী কাশ্যপে চন্দ্রৰ দক্ষিণ মেৰুৰ ওপৰত চলাই থকা গৱেষণাৰ অংশ হিচাপে প্রস্তুত কৰি উলিওৱা ছাৰফেচ এণ্ড ছাব ছাৰফেচ ৰিগুলিথ কেৰেক্টাৰাইজেচন অৱ লুনাৰ ছাউথ প’ল ইউজিং চন্দ্রায়ন–২ ডুৱেল ফ্রিকুৱেঞ্চী ছিন্থেটিক এপাৰচাৰ ৰাডাৰ (‘Surface and Subsurface Regolith Charaterization of Lunar South Pole usinng Chandrayaan-2 Dual-Frequency Synthetic Aperture Radar (DFSAR)) শীর্ষক নিবন্ধটো নাছাৰ অধীনস্থ লুনাৰ প্লেনেটাৰী ইনষ্টিটিউট (Lunar and Planetary Institute (LPI)) ৱেবছাইটত প্রকাশ পাইছে৷ ইপিনে ছাত্ৰীগৰাকীয়ে চন্দ্ৰপৃষ্ঠত পানীৰ অৱস্থিতি সম্পৰ্কে চলাই থকা এক প্ৰত্যাহ্বানমূলক গৱেষণাও প্ৰায় সমাপ্ত হোৱাৰ পথত। মেধাৱী ছাত্ৰীগৰাকীৰ সাফল্যত বজালীবাসী উৎফুল্লিত হৈ পৰাৰ লগতে কৃশাংগীৰ এই সফলতাত আনন্দিত হৈ শুভেচ্ছা জনাইছে তেওঁ এসময়ত অধ্যয়ন কৰা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ড৹ বিৰিঞ্চি কুমাৰ দাস, জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, শিক্ষাবিদ ড০ ৰণজিৎ ডেকা, পাঠশালা আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতি আদিকে ধৰি বিভিন্নজন ব্যক্তিয়ে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like