নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰপতিৰ পৰা ৰাষ্ট্ৰীয় শিক্ষক পুৰস্কাৰ গ্ৰহণ পাঠশালাৰ কুমুদ কলিতাৰ

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ বজালীৰ সুসন্তান, পাঠশালা ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ শিক্ষক তথা পাঠশালাস্থিত বিশেষভাবে সক্ষম শিশুসকলৰ পীঠস্থান তপোবনৰ সঞ্চালক কুমুদ কলিতাই আজি নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিলে ৰাষ্ট্ৰীয় শিক্ষক পুৰস্কাৰ,২০২৩৷ উল্লেখযোগ্যযে সমাজৰ প্ৰতি অৱদান তথা অতুলনীয় কৰ্মৰাজিৰ বাবে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে “ৰাষ্ট্ৰীয় শিক্ষক পুৰস্কাৰ, ২০২৩” ৰ বাবে নিৰ্বাচিত কৰিছিল বজালীৰ সুসন্তান কুমুদ কলিতাক৷ ইয়াৰ পৰিপ্ৰেক্ষিততে আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনা দেশৰ মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কলিতাক প্ৰদান কৰে ৰাষ্ট্ৰীয় শিক্ষক পুৰস্কাৰ, ২০২৩৷ এই উপলক্ষ্যে নতুন দিল্লীস্থিত বিজ্ঞান ভৱনত আয়োজন কৰা এক বিশেষ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে কলিতাক প্ৰশস্তি পত্ৰৰে সন্মানিত কৰে৷ উল্লেখযোগ্যযে কুমুদ কলিতাই শিক্ষকতাৰ জৰিয়তে প্ৰজ্ঞাৰ সুৱাস বিলাই অহাৰ উপৰিও অশেষ কষ্ট, ত্যাগ আৰু একাগ্ৰতাৰে তপোবন শিশু গৃহৰ জৰিয়তে সমাজৰ অৱহেলিত বিশেষভাৱে সক্ষম শিশুসকলক এক নতুন জীৱন প্ৰদান কৰাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে৷ এই বঁটা গ্ৰহণ কৰি যথেষ্ট সুখ অনুভৱ কৰা কলিতাই মন্তব্য কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like