🔹 অসমৰ বীৰত্বগাথা প্রচাৰৰ অভিনৱ পদক্ষেপ ৰাজ্য চৰকাৰৰ
বিশেষ বাৰ্তা, ১৪ জুন : মহাবীৰ লাচিত বৰফুকনৰ পৰাক্রম তথা বীৰত্বৰ গাথা সমগ্র দেশবাসীৰ আগত দাঙি ধৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে কেইবাটাও পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ অংশ হিচাপে মহাবীৰগৰাকীৰ বীৰত্বপূর্ণ জীৱনগাথাৰ ওপৰত ৰচিত গ্রন্থ ‘মহাবীৰ লাচিত বৰফুকন’ দেশৰ ৪৫ হাজাৰ পুথিভঁৰাললৈ প্রেৰণ কৰা হৈছে৷
মুখ্যমন্ত্রী ড০ শর্মাৰ নির্দেশমর্মে অসম প্রকাশন পৰিষদে বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ পুথিভঁৰালৰ লগতে সমগ্র দেশৰ চৰকাৰী আৰু চৰকাৰী স্বীকৃতিপ্রাপ্ত পুথিভঁৰালসমূহলৈ গ্রন্থখনৰ দুটাকৈ কপী প্রেৰণ কৰিছে৷ প্রতিখন ৰাজ্যত প্রচলিত ভাষালৈ অনুবাদ কৰা গ্রন্থহে সেই ৰাজ্যৰ পুথিভঁৰালসমূহলৈ প্রেৰণ কৰা হৈছে৷ উল্লেখ্য যে দেশৰ ৰাজধানী দিল্লীত ৰাজ্য চৰকাৰৰ উদ্যোগত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী আড়ম্বৰপূর্ণভাৱে অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ মহাবীৰগৰাকীৰ বীৰত্বপূর্ণ জীৱনগাথা গ্রন্থৰ জৰিয়তে সমগ্র দেশতে প্রচাৰ কৰাৰ বাবে এক অভিনৱ পদক্ষেপ গ্রহণ কৰিছিল৷ ইয়াৰ বাবে লাচিত বৰফুকনৰ জীৱনক লৈ এখন গ্রন্থ ৰচনা কৰি ভাৰতৰ সংবিধান স্বীকৃত আটাইকেইটা ভাষালৈ অনুবাদ কৰাৰ বাবে মুখ্যমন্ত্রীগৰাকীয়ে প্রকাশন পৰিষদক দায়িত্ব অর্পণ কৰিছিল৷ এই দায়িত্ব লাভ কৰাৰ পাছতে প্রকাশন পৰিষদে প্রথিতযশা লেখক অৰূপ কুমাৰ দত্তক মহাবীৰ লাচিত বৰফুকনৰ জীৱনভিত্তিক গ্রন্থ ৰচনা কৰিবলৈ দায়িত্ব অর্পণ কৰে৷ সেই অনুসৰিয়েই লেখকগৰাকীয়ে ইংৰাজী ভাষাত মূল গ্রন্থ ‘আছামছ ব্রেভহার্ট লাচিত বৰফুকন’ লিখি উলিয়ায়৷ তেওঁৰ এই মূল গ্রন্থ সংবিধানস্বীকৃত আটাইকেইটা ভাষালৈ অনুবাদ কৰাৰ বাবে সমগ্র দেশতে মুঠ ২৩গৰাকী অনুবাদকক দায়িত্ব অর্পণ কৰা হৈছিল৷ অনুবাদকার্য শেষ হোৱাৰ লগে লগে ২৩টা ভাষাৰ পৰা একোগৰাকীকৈ সম্পাদকক গ্রন্থখন সম্পাদনা কৰাৰ বাবে পৰিষদে নিযুক্ত কৰিছিল৷ ৮ মাহৰ ভিতৰত মুঠ ২৪টা ভাষাত গ্রন্থখন প্রকাশ কৰা হয়৷ এই ভাষাসমূহ হৈছে– অসমীয়া, নেপালী, বড়ো, মণিপুৰী, বাংলা, চাওতালী, মৈথেলী, ওড়িয়া, তেলুগু, তামিল, কানাড়া, মালায়ালম, কংকোনী, মাৰাঠী, গুজৰাটী, উর্দু, সংস্কৃত, পাঞ্জাবী, কাশ্মীৰী, ডোগ্রী, সিন্ধী, ৰাজস্থানী আৰু হিন্দী৷ অনুবাদকার্য সম্পূর্ণ হোৱাৰ পাছত যোৱা ২০ জানুৱাৰীত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত হোৱা এক অনুষ্ঠানত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ২৪টা ভাষালৈ অনূদিত গ্রন্থখন উনেন্মাচন কৰে৷ উন্মোচন অনুষ্ঠানৰ পাছতে প্রকাশন পৰিষদে দেশৰ সকলো বিশ্ববিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী আৰু চৰকাৰী স্বীকৃতিপ্রাপ্ত পুথিভঁৰালৰ ঠিকনা সংগ্রহ কৰি গ্রন্থসমূহ প্রেৰণৰ বাবে যাৱতীয় প্রক্রিয়া আৰম্ভ কৰে৷ নির্দিষ্ট সময়ৰ ভিতৰত মুঠ ৪৫ হাজাৰ পুথিভঁৰাললৈ গ্রন্থ প্রেৰণ কার্য প্রকাশন পৰিষদে সম্পন্ন কৰে৷ ইতিমধ্যে বহু আগশাৰীৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে তেওঁলোকৰ পুথিভঁৰালৰ গুৰুত্বপূর্ণ গ্রন্থসমূহৰ তালিকাত মহাবীৰ লাচিত বৰফুকন গ্রন্থ ৰাখিছে বুলি অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই সদৰী কৰিছে৷ দিল্লী বিশ্ববিদ্যালয়ৰ জাকিৰ হুছেইন কলেজৰ পুথিভঁৰালত নতুনকৈ অন্তর্ভুক্ত হোৱা গ্রন্থৰ প্রদর্শনত লাচিত বৰফুকন বিষয়ক মূল ইংৰাজী গ্রন্থখন জিলিকিছে৷ সেইদৰে কেৰালাৰ ৰামাপুৰমৰ জেমছ কলেজৰ পুথিভঁৰালত বিখ্যাত লেখকৰ গ্রন্থৰ তালিকাত মহাবীৰ লাচিত বৰফুকন গ্রন্থৰ মালায়ালম সংস্কৰণ ৰখা হৈছে৷
সচিব কলিতাই কয় যে উত্তৰ ভাৰতৰ পৰা দক্ষিণ ভাৰতলৈ বৌদ্ধিক সমাজৰ মাজত লাচিত বৰফুকনৰ জীৱন আৰু গৰিমাক গ্রন্থ আৰু সাহিত্যৰ যোগেদি প্রচাৰ কৰাৰ বাবে মুখ্যমন্ত্রীৰ সপোন দিঠকত পৰিণত কৰাৰ বাবে অসম প্রকাশন পৰিষদে চলোৱা প্রচেষ্টাৰ এনেদৰেই সুফল আহিবলৈ আৰম্ভ কৰিছে৷