নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ ৭৪সংখ্যক গণৰাজ্য দিৱসত অসমৰ প্রতীকপট হ’ব লাচিত বৰফুকন

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী:  দেশৰ ৭৪সংখ্যক আগন্তুক গণৰাজ্য দিৱসত অসমৰ প্রতীকপট হ’ব লাচিত বৰফুকন৷ আজি এই কথা জানিবলৈ দিছে ৰাজ্যৰ সাংস্কৃতিক মন্ত্রী বিমল বড়াই৷ মণিৰাম দেৱান বাণিজ্য কেন্দ্রত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লোৱাৰ পাছত সাংবাদিকৰে হোৱা বার্তালাপত এই কথা উল্লেখ কৰে মন্ত্রী বড়াই৷ উল্লেখ্য যে লাচিত বৰফুকনৰ ৪০০সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি ইতিমধ্যে ৰাজ্য চৰকাৰে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ অংশস্বৰূপে গণৰাজ্য দিৱসত অসমৰ বীৰজনক ৰাষ্ট্রীয় স্তৰত পুনৰবাৰ তুলি ধৰাৰ লক্ষ্যৰে প্রতীকপট হিচাপে উপস্থাপন কৰা হ’ব৷ নতুন দিল্লীত হ’বলগা গণৰাজ্য দিৱসৰ পেৰেডত লাচিত বৰফুকনক প্রতীকপটত উপস্থাপন কৰা হ’ব৷ সাংস্কৃতিক মন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি এই সন্দর্ভত যাৱতীয় কাম–কাজ আগুৱাই নিয়া হৈছে৷ মন কৰিবলগীয়া যে বিগত বর্ষত অসমৰ প্রতীকপট প্রক্ষেপৰ ক্ষেত্রত সৃষ্টি হৈছিল নানা বেমেজালি৷

You might also like