নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ-পূব এছিয়াক বিদেশী শত্ৰুৰ পৰা ৰক্ষা কৰিছিল লাচিতে : ড০ সব্যসাচী মহন্ত

🔴শিৱসাগৰত আটাছুৰ মহাবীৰ লাচিত দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰ : সদৌ তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ মহকুমা সমিতিৰ উদ্যোগত আজি সন্ধিয়া নগৰৰ লাচিত উদ্যানত উদযাপন কৰা হয় মহাবীৰ লাচিত দিৱস। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি লাচিত উদ্যানত থকা মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট নিবন্ধকাৰ, কবি তথা গড়গাও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই। মুখ্য অতিথিৰ ভাষনত ড০ সব্যসাচী মহন্তই কয় যে, সুদীৰ্ঘ ৬০০ বছৰীয়া আহোম ৰাজত্বৰ উজ্বলতম জ্যোতিস্ক হৈছে মহাবীৰ লাচিত বৰফুকন। ১৬৭১ চনৰ বিখ্যাত শৰাইঘাট যুদ্ধত জয়লাভেৰে মহাবীৰ লাচিত বৰফুকনে অসম বুৰঞ্জীৰ এক মাইলৰ খুঁটি স্হাপন কৰিলে। লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধত জয়লাভেৰে কেৱল অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰাই নহয়, সমগ্ৰ দক্ষিণ পূব এচিয়াক বিদেশী শত্ৰুৰ পৰা ৰক্ষা কৰিলে। লাচিত বৰফুকন এগৰাকী সাৰ্বজনীন বীৰ তথা বিশ্বজনীন বীৰ। আমি সংকীৰ্ন বৃত্তৰ ভিতৰৰ পৰা আগুৱাই নি লাচিত বৰফুকনক বৃহত্তৰ অসমৰ সাৰ্বজনীন বীৰ হিচাপে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব লাগিব। তেতিয়াহে মহাবীৰ গৰাকীৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা নিবেদন কৰা হ’ব। স্বৰ্গদেউ চাওলুং চুকাফাই আৰম্ভ কৰা অসমীয়া মহাজাতি গঠনৰ প্ৰক্ৰিয়াক মহাবীৰ লাচিত বৰফুকনে সেই সময়তে অসমৰ সকলো ভূমিপুত্ৰক একত্ৰিত কৰি বিশাল মোগল বাহিনীক কচুকটা দি বৰ অসমৰ ভেটিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। এনে সংমিশ্ৰণ আৰু সমন্বয়ক সাম্প্ৰতিক সময়ত অধিক শক্তিশালী কৰি তুলিব লাগিব বুলি ড০ সব্যসাচী মহন্তই উল্লেখ কৰে। ইয়াৰ পাছতেই আটাছুৰ শিৱসাগৰ জিলাৰ সভাপতি অখিল আহোমৰ সঞ্চালনাত অনুষ্ঠিত হয় সম্বৰ্ধনা সভা। এই সম্বৰ্ধনা সভাত শিৱসাগৰ জিলাৰ উপ আৰক্ষী অধীক্ষক দীপাংকৰ ফুকন, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মনিৰুল ইছলাম বড়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি উৎপল কোঁৱৰ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দেৱজিৎ দত্ত, শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্তকে ধৰি শিৱসাগৰৰ বহুকেইগৰাকী নবীন প্ৰবীণ সাংবাদিক আৰু সমাজ সংগঠকক আটাছুৰ তৰফৰ পৰা আদৰনি জনোৱা হয়। তাৰপিছতেই এখন ট্ৰাকত মহাবীৰ লাচিত বৰফুকনৰ কাঠেৰে সজা প্ৰতিমূৰ্ত্তি সন্মুখত শিৱসাগৰৰ বিভিন্ন ধৰ্মালম্বী লোকৰ অংশগ্ৰহণেৰে বাহিৰ কৰা সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাই শিৱসাগৰ নগৰ পৰিভ্ৰমণ কৰে।

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like