নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত লাডেনক লপাথপা দি আৰক্ষীক গতালে ৰাইজে

🔹 ব্যৱসায়ীৰ গুদামৰ পৰা চোৰে নিলে প্ৰায় ২ লাখ টকাৰ প্ৰেছাৰ কুকাৰ
নিয়মীয়া বাৰ্তা, ১৪ মে’ : জোনাইত ডিজিটেল অসম আৰক্ষীলৈ চোৰৰ চেলেঞ্জ৷ জানিব পৰা মতে, জোনাইত কেইবাদিনৰ পৰা দৈনিক বহু লোকৰ ঘৰৰ লগতে বিদ্যালয়ৰ পানী মটৰ, চিলিণ্ডাৰকে ধৰি বিভিন্ন সামগ্ৰী চোৰে লুটি নিয়াৰ সমান্তৰালভাৱে জোনাই বজাৰৰ এজন ব্যৱসায়ীৰ আগাম দঃলুংস্থিত গুদাম ঘৰৰ পৰা কিছুদিনৰ পৰা প্ৰেছাৰ কুকাৰকে ধৰি প্ৰায় ২ লাখৰো অধিক টকাৰ বিভিন্ন সামগ্ৰী লুটি নিছে চোৰে৷  তেনে সময়তে মঙলবাৰে জোনাই দৈনিক বজাৰত ব্যৱসায়ী ৰাইজে এনে চুৰি কাৰ্যৰ সৈতে জড়িতৰ অভিযোগত এজন যুৱকক ধৰি লপাথপা দি গতাই দিয়ে জোনাই আৰক্ষীক৷ যুৱকজনৰ নাম লাডেন আলী বুলি জানিব পৰা গৈছে৷ ব্যৱসায়ী ৰাইজে জানিবলৈ দিয়া মতে, উক্ত চুৰি কাৰ্যসমূহত লাডেন আলীৰ লগতে আছে আৰু বহু যুৱক৷ উল্লেখযোগ্য যে জোনাইত ইমানবোৰ চুৰিকাৰ্য সংঘটিত হৈ থকাৰ খবৰ আৰক্ষীয়ে লাভ কৰাৰ পিছতো কিন্তু আজি পৰ্যন্ত এজন চোৰকো আটক কৰিব পৰা নাই জোনাই আৰক্ষীয়ে৷ যাৰ ফলত পুনৰ জোনাইৰ বিভিন্ন স্থানত মুক্তভাৱে চুৰিকাৰ্য অব্যাহত ৰাখিছে এক বৃহৎ চোৰৰ গেঙে৷ ইফালে, জোনাইত দৈনিক সংঘটিত হৈ অহা চুৰিকাৰ্য প্ৰতিৰোধ কৰাত ব্যৰ্থ হৈছে জোনাই আৰক্ষী৷ যাৰ ফলত আৰক্ষীৰ এনে ব্যৰ্থতাত ক্ষোভিত হৈ পৰিছে জোনাইৰ ব্যৱসায়ী তথা ৰাইজ৷

 

প্ৰেৰক কৰবী দলে

You might also like