নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত গ্রেপ্তাৰ আল-কায়দাৰ সহযোগী সংগঠনৰ দুই সন্ত্রাসবাদী

🔹 গুজৰাটৰ পৰা শিলচৰেৰে বাংলাদেশলৈ যোৱাৰ পৰিকল্পনা ব্যর্থ

বিশেষ বাৰ্তা, ১৪ মে’ : কুখ্যাত ইছলামিক জেহাদী সংগঠন আইছিছৰ পাছত এইবাৰ গুৱাহাটীত গ্রেপ্তাৰ হ’ল আল–কায়দাৰ সহযোগী সংগঠন আনচাৰুল্লাহ বাংলা টীম, চমুকৈ এবিটিৰ দুটা সন্ত্রাসবাদী৷ ধৃত সন্ত্রাসবাদী দুটা হৈছে বাংলাদেশৰ ব্রাহ্মণবাড়িয়া জিলাৰ বাহাৰ মিঞা (৩০) আৰু নেত্রাকানা জিলাৰ ৰাছেল মিঞা (৪০)৷ গুজৰাটৰ পৰা গুৱাহাটী হৈ শিলচৰ অভিমুখে যাবলৈ তৎপৰ হোৱাৰ মুহূর্ততে গোপন সূত্রৰ খবৰৰ ভিত্তিত অপৰাধ শাখাই অসম আৰক্ষীৰ বিশেষ শাখাৰ সহযোগত কালি পুৱা গুৱাহাটী ৰে’ল ষ্টেচনৰ ১নং প্লেটফর্মৰ পৰা দুয়োকে গ্রেপ্তাৰ কৰে৷ অতি সাধাৰণভাৱে আন যাত্রীৰ দৰেই ৰে’লৰ পৰা নমা অৱস্থাতে দুয়োটাক আৰক্ষীৰ দলটোৱে কৰায়ত্ত কৰে৷ অসম আৰক্ষীৰ বিশেষ সূত্রৰ পৰা জানিব পৰা মতে, বহুদিন পূর্বেই সন্ত্রাসবাদীদ্বয়ে বাংলাদেশ সীমান্ত পাৰ হৈ ভাৰতবর্ষত প্রৱেশ কৰিছিল৷ গুজৰাটৰ লগতে বিভিন্ন ৰাজ্যত সন্ত্রাসবাদৰ মৰহি যাবলৈ ধৰা শিপাডাল পুনৰুজ্জীৱিত কৰাৰ কামত দুয়োজন নিয়োজিত হৈ আছিল৷ যিহেতুকে শিলচৰৰ পৰা বাংলাদেশৰ আন্তঃৰাষ্ট্রীয় সীমান্ত ওচৰত অৱস্থিত গতিকে দুয়োজনে শিলচৰৰ পৰাই আন্তঃৰাষ্ট্রীয় সীমান্ত পাৰ হৈ বাংলাদেশত প্রৱেশ কৰাৰ পৰিকল্পনা যুগুতাইছিল৷ আল–কায়দাৰ সহযোগী সংগঠন আনচাৰুল্লাহ বাংলা টীম, চমুকৈ এবিটিৰ সক্রিয় জেহাদী বাহাৰ মিঞা আৰু ৰাছেল মিঞাই অসমত সংগঠনটোৰ শিপাডাল কটকটীয়া কৰাৰ বাবেও চেষ্টা চলোৱাৰ সন্দেহ প্রকাশ কৰিছে বিশেষ শাখাই৷ উল্লেখ্য যে চলিত বর্ষৰ আৰম্ভণিতে দুয়োটা সন্ত্রাসবাদীৰ বিৰুদ্ধে অসম আৰক্ষীৰ বিশেষ শাখাত ১/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছিল৷ বিশেষ শাখাই নিজাববীয়াকৈ উক্ত গোচৰটো গ্রহণ কৰিছিল৷ সেইমর্মে দুয়োজন সন্ত্রাসবাদী বহুদিন ধৰি অসম আৰক্ষীৰ বিশেষ শাখাৰ ম’ষ্ট ৱাণ্টেড অপৰাধী আছিল বুলি জানিব পৰা গৈছে৷ গোপন সূত্রৰ খবৰৰ ভিত্তিত সন্ত্রাসবাদীদ্বয়ে গুজৰাটত বাহৰ পাতি থকাৰ বিষয়ে অৱগত হৈ চোৰাংচোৱাই তাৰ পৰাই দুয়োজনক অনুসৰণ কৰি আহিছিল৷ তাৰ পাছতে দুয়োজনকে গুৱাহাটী ৰে’ল ষ্টেচনত কৰায়ত্ত কৰে আৰক্ষীয়ে৷ দুয়োজনৰ বিৰুদ্ধে বিশেষ শাখাই নতুনকৈ এটা গোচৰ পুনৰ ৰুজু কৰিব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে পাছপ’ৰ্ট জালিয়াতি কৰি দুয়ো সন্ত্রাসবাদীয়ে ভাৰতবর্ষত প্রৱেশ কৰি দীর্ঘদিন ধৰি সন্ত্রাসবাদী কার্যকলাপত লিপ্ত আছিল৷ আৰক্ষীয়ে বিশেষ শাখাত ৰুজু হোৱা পূর্বৰ গোচৰটো ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/১২১/১২২/৪৬৮/৪৭১নং ধাৰাৰ অধীনত ৰুজু কৰিছিল যদিও উক্ত গোচৰটোতে বে–আইনী কার্যকলাপ প্রতিৰোধ আইনৰ ধাৰা ১০/১৩ আৰু পাছপ’ৰ্ট আইন–১৯২০ৰ ১২ আৰু বিদেশী আইনৰ ১৪নং ধাৰা সংযোজিত কৰি তদন্ত অব্যাহত ৰাখিছে৷ অসমত আনচাৰুল্লাহ বাংলা টীমৰ কার্যকলাপ বৃদ্ধি কৰাৰ বাবে দুয়োজনে বিভিন্ন ব্যৱস্থা গ্রহণ কৰাৰ সন্দেহ আৰম্ভণিতে কৰা হৈছে যদিও অসমৰ বিভিন্ন স্থানত কূটাঘাত সংঘটিত কৰাৰো পৰিকল্পনা হয়তো দুয়োৰে থাকিব পাৰে বুলিও আৰক্ষীয়ে সন্দেহ প্রকাশ কৰি সেই মতে সম্প্রতি তদন্ত আগুৱাই নিছে৷

You might also like