নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্ৰাগছৰ বিৰুদ্ধে ঐতিহাসিক সিদ্ধান্ত লাহৰীঘাট মছজিদ কমিটীৰ

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ : মৰিগাঁৱৰ লাহৰীঘাটত ড্ৰাগছ, মদ, ভাঙৰ বিৰুদ্ধে মছজিদ কমিটীয়ে লৈছে এক সাহসী সিদ্ধান্ত। ৰাইজৰ সহযোগত লোৱা এই সিদ্ধান্ত অনুসৰি ড্ৰাগছৰ লগত জড়িত লোকৰ জানাজাত অংশ গ্ৰহণ নকৰে মুছলমান সমাজে। এই সিদ্ধান্ত গ্ৰহণ কৰে লাহৰীঘাটৰ বৰখাবল গাঁৱৰ স্থানীয় ৰাইজৰ লগতে মছজিদ কমিটীয়ে। উল্লেখ্য যে দিনক দিনে ড্ৰাগছৰ ভয়াৱহতাই মানৱ সমাজক অতিষ্ঠ কৰি তুলিছে। বিশেষকৈ যুৱ সমাজক ধ্বংসৰ গৰাহত ঠেলি দিছে মাৰাত্মক ড্ৰাগছে। ড্ৰাগছৰ কৱলত পৰি যুৱ প্ৰজন্মৰ একাংশই চুৰি কাৰ্য সংঘটিত কৰাও পৰিলক্ষিত হৈছে। আৰক্ষীৰ প্ৰশাসনে ইয়াৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও সমাজৰ পৰা ইয়াৰ প্ৰভাৱ নিৰ্মূল কৰিব পৰা নাই। ড্ৰাগছৰ পৰা নিজ সমাজখনক ৰক্ষা কৰাৰ উদ্দেশ্যে আজি মধ্য বৰখাবল বাইতুল মোকাৰম জামে মছজিদ কমিটিৰ লগতে বৰখাবল গাঁৱৰ স্থানীয় ৰাইজ,গাঁও ৰক্ষী বাহিনী, স্থানীয় দল সংগঠনে সিদ্ধান্ত গ্ৰহণ কৰে যে, গাঁৱখনৰ যিসকল ব্যক্তি ড্ৰাগছ বিক্ৰী আৰু ক্ৰয় কৰাৰ লগতে অসামাজিক কাৰ্য কলাপৰ লগত জড়িত সেই ব্যক্তিসকলক সামাজিক ভাৱে কোনো কামত সহযোগ নকৰে।লগতে সেই পৰিয়ালৰ মৃত ব্যক্তিৰ জানাজা বা কোনো লোকৰ বিবাহ আদি কাৰ্যত সমাজৰ কোনেও অংশ গ্ৰহণ নকৰে বুলি সংবাদ মাধ্যমক জনায়।স্মৰ্তব্য, লাহৰীঘাটত কিছুদিন ধৰি ড্ৰাগছৰ প্ৰচলন অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

প্ৰেৰক আবুল কালাম

You might also like