নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নীৰ নগ্ন ছবি ভাইৰেল : লাহোৱাল আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ পাষণ্ড ব্ৰীতম

নিয়মীয়া বাৰ্তা, ১৩ মেঃ নিজ পত্নীৰ নগ্ন ছবি সামাজিক মাধ্যমত ভাইৰেল কৰি গোলাঘাট দেৰগাঁও এবানি গাঁৱৰ ব্ৰীতম হাজৰিকা অৱশেষত লাহোৱাল আৰক্ষীৰ জালত পৰিল। ডিব্ৰুগড় লাহোৱালৰ ভুক্তভোগী মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত লাহোৱাল আৰক্ষীয়ে কালি  দেৰগাঁও আৰক্ষীৰ সহযোগত দেৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে। উল্লেখৰ আৱশ্যক  যে এবছৰ পূৰ্বে এই যুৱকজনে প্ৰেমৰ প্ৰলোভন দেখুৱাই যুৱতীগৰাকীক ডিব্ৰুগড়ৰ নিজ গৃহ পৰা পলুৱাই নিছিল যুৱকজনৰ দেৰগাঁও নিজ গৃহলৈ। দুমাহ থকা পিছতে স্বামী অত্যাচাৰ সহ্য কৰিব নোৱাৰি পুনৰ নিজ গৃহলৈ ঘুৰি আহে বিবাহিতা যুৱতীগৰাকী।কাৰণ, বিবাহৰ সময়ত যুৱতীগৰাকীৰ বয়স আছিল মাত্ৰ ১৪ বছৰ। যাৰবাবে যুৱতীগৰাকী পৰিয়ালবৰ্গও এইক্ষেত্ৰত সন্মত হোৱা নাছিল। ইফালে যুৱতীগৰাকী ঘৰলৈ ঘূৰি অহাৰ পিছতেই স্বামী ব্ৰীতম হাজৰিকাই যুৱতীগৰাকী ওপৰত মানসিক অত্যাচাৰ চলাই আহিছিল বুলি জানিব পৰা গৈছে ৷ স্বামীৰ ঘৰলৈ পুনৰ ঘূৰি নাহিলে যুৱতীগৰাকীৰ নগ্ন ছবি চ’চিয়েল মিডিয়াত ভাইৰেল কৰি দিয়া ভাবুকি প্ৰদান কৰে। স্বামীয়ে সামাজিক মাধ্যম ফেচবুক, ইনষ্ট্ৰাগামত আপলোড কৰে নগ্ন ছবিসমূহ। যুৱতীগৰাকীয়ে যুৱকজনৰ লগত পুনৰ বিবাহ পাশত আৱদ্ধ নোহোৱা বাবে ধুৰন্ধৰ যুৱকজনে বিগত এমাহ ধৰি এইদৰে ছ’চিয়েল মিডিয়াত  নিজ পত্নীৰ নগ্ন ছবিসমূহ ভাইৰেল কৰাৰ অভিযোগ উঠিছে৷ ইয়াৰ পিছতেই যুৱতীগৰাকীয়ে ইয়াৰ এক উচিত ন্যায় বিচাৰি লাহোৱাল থানাত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। ঘটনা সন্দৰ্ভত লাহোৱাল আৰক্ষীয়ে 75/23 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 366 ধাৰা RW ধাৰাৰ 6/13(a) POCSO আইনৰ 2012, R/W ধাৰাৰ 9 PCM 2006 আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল ৷ লাহোৱাল থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিতে কালি লাহোৱাল থানাৰ আৰক্ষীৰ উপ পৰিদৰ্শক প্ৰাঞ্জল শৰ্মাৰ নেতৃত্বত যোৱা  এটা আৰক্ষীৰ দলে  দেৰগাঁৱৰ পৰা অভিযুক্ত ব্ৰীতম হাজৰিকাক গ্ৰেপ্তাৰ কৰি নিশাই লাহোৱাল থানালৈ লৈ আনে৷ আজি পুৱা স্বাস্থ্য পৰীক্ষা কৰোৱাৰ  অন্তত  যুৱকজনক আজি জেইল  হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে৷ ইফালে, অভিযুক্ত  ব্ৰীতম হাজৰিকাই ছ’চিয়েল মেডিয়াত নিজ পত্নীৰ নগ্ন ছবি ভাইৰেল কৰাৰ কথা অস্বীকাৰ কৰিছে ৷ব্ৰীতম হাজৰিকাৰ মতে যুৱতীগৰাকীয়ে  নিজৰ নগ্ন  ফটো নিজেই ছ’চিয়েল মেডিয়াত আপলোড কৰা বুলি যুৱতীগৰাকীৰ বিৰুদ্ধে বিপৰীত ভাষ্য প্ৰদান কৰিছে যদিও আৰক্ষীৰ তদন্তত হে প্ৰকৃত ঘটনাৰ ৰহস্য পোহৰলৈ আহিব ৷
প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই
You might also like