নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ জেইলাৰসহ দুজন ৱাৰ্ডাৰক চাকৰিৰ পৰা নিলম্বন 

নিয়মীয়া বাৰ্তা, ১৩ মে’ : শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কুখ্যাত অপৰাধী হিফজুৰ ৰহমান আৰু দীপ নুনিয়াৰ পলায়নৰ পিছতে বিষয়া সহ কৰ্মীক  কৰ্তব্যৰ পৰা নিলম্বন কৰিছে ৰাজ্যিক কাৰাগাৰ বিভাগে। শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ জেইলাৰ সুদীপ বেনাৰ্জী, প্ৰধান ৱাৰ্ডাৰ পৰিমল কান্তি ধৰ আৰু ৱাৰ্ডাৰ আজিম উদ্দিন লস্কৰক নিলম্বন কৰা হৈছে l ৰাজ্য চৰকাৰৰ কাৰাগাৰ বিভাগে এই তিনিজন কাৰাগাৰ বিষয়া-কৰ্মচাৰীক পৃথক নিৰ্দেশনা যোগে চাকৰিৰ পৰা নিলম্বন কৰে। কাৰাগাৰ মহাপৰিদৰ্শকে পি আৰ আইত স্বাক্ষৰ কৰি জেইলাৰ সুদীপ বেনাৰ্জীক ৭২/২০২৩/২ নং আদেশৰ ভিত্তিত চাকৰীৰ পৰা নিলম্বন কৰা হয়। আন এক সুকীয়া আদেশত কাৰাগাৰৰ উপ-মহাপৰিদৰ্শক (গুৱাহাটী ৰেঞ্জ) পি কে ব্ৰহ্মই মুখ্য ৱাৰ্ডাৰ পৰিমল কান্তি ধৰ আৰু ৱাৰ্ডাৰ আজিম উদ্দিন লস্কৰক চাকৰীৰ পৰা নিলম্বন কৰে। উল্লেখ্য, যোৱা বুধবাৰৰ দিনা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা সুৰঙ্গ খান্দি দুই কয়দী পলায়ন কৰে। শিলচৰৰ  কেন্দ্ৰীয় কাৰাগাৰৰ ১০ নং ৱাৰ্ডৰ পৰা পলায়ন কৰে দুজন কয়েদীয়ে। দুয়োজনেই হত্যাৰ শাস্তি ভুগি আছিল। কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ পৰা দুজন কয়দী কেনেকৈ পলায়ন কৰিলে সেই লৈ বহু প্ৰশ্ন উত্থাপন হৈছে। ইতিমধ্যে আৰক্ষীয়ে এটা গোচৰ নথিভুক্ত কৰি তদন্ত আৰম্ভ কৰিছে। দুয়োজনেই কুখ্যাত অপৰাধী। বদৰপুৰৰ এটা হত্যাকাণ্ডৰ অভিযুক্ত হিফজুৰ আৰু শিলচৰ মেহেৰপুৰৰ এটা হত্যাকাণ্ডৰ অভিযুক্ত দীপক।
প্ৰেৰক গৌতম তালুকদাৰ
You might also like