নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎকোচ লৈ হাত দাঙিলে লখিমপুৰৰ আঞ্চলিক বন বিষয়া শিৱাশিস শাণ্ডিল্যই

ডিজিটেল ডেস্ক, ১ মে’ : টকাৰ খঁক একাংশ চৰকাৰী বিষয়াৰ। দৰমহাৰে নভৰে পকেট। সেয়ে বক্ৰপথৰে লয় ধন। পিছে দিন-দশা বেয়া হ’লে লটিঘটি হ’বলগীয়া হয়। আজি তেনে দশাই হ’ল লখিমপুৰৰ আঞ্চলিক বন বিষয়া শিৱাশিস শাণ্ডিল্যৰ। ১২ হাজাৰ টকা উৎকোচ লওঁতেই হাতে-লোটে ধৰিলে দুৰ্নীতি নিবাৰক শাখাই।

লখিমপুৰ নগৰস্থ বিভাগীয় আৱাসত আজি বিয়লি এজন ডাম্পাৰৰ গৰাকীৰ পৰা ১২ হাজাৰ টকা লওঁতেই দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰে বন বিষয়াজনক। জানিব পৰা মতে, অমৃত গগৈ নামৰ লখিমপুৰৰ এজন ডাম্পাৰৰ গৰাকীয়ে বন বিষয়াজনৰ বিৰুদ্ধে দিয়া অভিযোগ মৰ্মে আজি বন বিষয়াজনক উৎকোচ লওঁতেই দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰে।

অমৃত গগৈয়ে জনোৱা মতে, মাহেকীয়াকৈ ধন নিদিয়াৰ বাবে কেইদিনমানৰ পূৰ্বে তেওঁৰ এখন ডাম্পাৰ ধৰিছিল যদিও পাছত এৰি দিয়ে। মাহেকীয়াকৈ ধন নিদিয়াৰ বাবেই ডাম্পাৰখন ধৰিছিল। অমৃত গগৈয়ে আৰু জনোৱা মতে, ১২ হাজাৰ টকা মাহেকত দিব লাগে বুলি বন বিষয়াজনে দাবী কৰে। সেয়ে তেওঁ দুৰ্নীতি নিবাৰক শাখাক বিষয়টো অৱগত কৰি আজি বিয়লি বন বিষয়াজনক ১২ হাজাৰ টকা দিয়ে। লগে লগে খাপ পিটি থকা দুৰ্নীতি নিবাৰকৰ দলে বন বিষয়া শিৱাশিস শ্যাণ্ডিলক হাটে-লোটে ধৰে।

বৰ্তমান বন বিষয়াজনৰ বিভাগীয় আৱাসত দুৰ্নীতি নিবাৰকৰ দলটোৱে বিষয়াজনক জেৰা কৰাৰ লগতে বিভাগীয় নথি-পত্রসমূহ পৰীক্ষা কৰি আছে। উল্লেখ্য যে লখিমপুৰত এইগৰাকী আঞ্চলিক বন বিষয়াই যোগদান কৰাৰ মাথোঁ কেইমাহমানহে হৈছিল। টকাৰ খঁকৰ বাবে কেইমাহমানৰ কাৰ্যকালতে তেওঁ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিবলগীয়া হয়।

You might also like