ভাৰতলৈ উভতি আহিব ঐতিহাসিক কহিনুৰ হীৰা ! নিউয়র্কৰ মেয়ৰৰ মুখত উৎসাহজনক মন্তব্য
ডিজিটেল ডেস্ক, ১ মে’ : কহিনুৰ নামটোৱেই প্রতিগৰাকী ভাৰতীয়ৰ মনত সৃষ্টি কৰে কৌতূহলৰ৷ বিশ্বৰ আটাইতকৈ মূল্যৱান হীৰাটুকুৰা পোৱাৰ সপোন এবাৰলৈও নেদেখা মানুহ তেনেই নগণ্য৷ কিন্তু ভাগ্যচক্রত ইয়াৰ অধিকাৰী এককভাৱে ব্রিটিছ ৰাজপৰিয়াল, যাক লৈ শতিকাৰ পিছত শতিকা ধৰি চলি আছে বিতর্ক৷
এনে পৰিস্থিতিত নিউয়র্কৰ মেয়ৰ জোহৰান মামদানিৰ মুখত কহিনুৰ উভতি অহাৰ সম্ভাৱনাই আশাৰ সঞ্চাৰ কৰিছে৷ শেহতীয়াকৈ মার্কিন ভূমিলৈ গৈছিল ব্রিটেইনৰ ৰজা তৃতীয় চালর্ছ৷ তাতেই তেওঁক সাক্ষাৎ কৰে ভাৰতীয় বংশোদ্ভৱ মামদানিয়ে৷
বৈঠকৰ পূর্বে মামদানিয়ে এখন সংবাদ মেলত কয়- ‘ব্রিটেইনৰ ৰজাৰ সৈতে যদি আমি সুকীয়াকৈ সাক্ষাৎ কৰিবলৈ পাৰিলোঁহেঁতেন তেনেহ’লে তেওঁক কহিনুৰ হীৰাটুকুৰা ভাৰতক ওভতাই দিবলৈ উৎসাহিত কৰিলোঁহেঁতেন৷ ভাৰতত কহিনুৰ ওভতাই অনাৰ দাবী উঠিছে বহুবাৰ৷ এনে পৰিস্থিতিত মামদানিৰ মন্তব্য যথেষ্ট তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে৷ অৱশ্যে ইয়াৰ কোনো প্রতিক্রিয়া দিয়া নাই ব্রিটিছ ৰাজপৰিয়ালে৷ উল্লেখ্য যে ১৮৪৯ চনত ভাৰতৰ পৰা কহিনুৰ হীৰা ইংলেণ্ডলৈ লৈ যায় ব্রিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে৷