নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রেই ৰিং ৰোড-কাজিৰঙা কৰিড’ৰ-নুমলীগড়ৰ সুৰংগ পথৰ ভূমি অধিগ্রহণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ ডিচেম্বৰঃ নতুন দিল্লীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্রীয় ঘাইপথ দপ্তৰৰ মন্ত্রী নীতিন গাডকাৰিক সাক্ষাৎ কৰে৷ পৰিবহণ ভৱনত কেন্দ্রীয় মন্ত্রীগৰাকীৰে সাক্ষাৎ তথা এখন বৈঠকত অসমৰ তিনিটা মুখ্য আন্তঃগাঁথনিমূলক প্রকল্প গুৱাহাটীৰ ৰিং ৰোড, কাজিৰঙা এলিভেটেড কৰিড’ৰ আৰু গহপুৰৰ পৰা নুমলীগড় সংযোগী পানীৰ তলৰ সুৰংগ পথৰ বাবে শীঘ্রেই ভূমি অধিগ্রহণ আৰু অন্যান্য প্রস্তুতিমূলক কাম সম্পূর্ণ কৰা বিষয়ত আলোচনা কৰা হয়৷ সেইদৰে যোৰহাট–ডিব্রুগড় ৰাষ্ট্রীয় ঘাইপথৰ গুৰুত্বৰ কথাও বৈঠকখনত মুখ্যমন্ত্রীয়ে উল্লেখ কৰি কয় যে যোৱা মাহত মন্ত্রালয়ত হোৱা বৈঠকৰ পাছত উক্ত পথছোৱাৰ কামে কিছু গতি লাভ কৰিছে৷ একেদৰে বাইহাটা চাৰিআলি আৰু মিছন চাৰিআলি সংযোগী ঘাইপথৰ বহলীকৰণৰ বিষয়টোও আজিৰ বৈঠকত আলোচনা কৰা হয়৷ বৈঠকত উপস্থিত থকা বিভাগীয় শীর্ষ বিষয়াসকলৰ ওচৰত মুখ্যমন্ত্রী ড০ শর্মাই অসমত চলি থকা প্রকল্পসমূহ পর্যালোচনা কৰাৰ বাবে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ, ৰাষ্ট্রীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগমক বিশেষভাৱে অনুৰোধ জনায়৷ বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই সামাজিক মাধ্যমযোগে অসমৰ পথ যোগাযোগ ব্যৱস্থা উন্নত কৰি তোলাৰ ক্ষেত্রত কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্রীয় ঘাইপথ মন্ত্রী নীতিন গাডকাৰিয়ে কৰি অহা সহায়–সহযোগিতাৰ কথা উল্লেখ কৰে৷ স্মর্তব্য যে যোৱা দুটা মাহত ৰাজ্যৰ পথ আন্তঃগাঁথনি প্রকল্পক লৈ মুখ্যমন্ত্রী ড০ শর্মাই তৃতীয়বাৰৰ বাবে কেন্দ্রীয় মন্ত্রী গাডকাৰিক সাক্ষাৎ কৰে৷ ইপিনে, মুখ্যমন্ত্রী ড০ শর্মাই বিজেপিৰ ৰাষ্ট্রীয় সভাপতি তথা কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডা, কেন্দ্রীয় বাণিজ্য মন্ত্রী পীয়ূষ গোৱেল, ড’নাৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়া, ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰে৷ অহা বছৰ ফেব্রুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া অসম বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন (এডভাণ্টেজ আছাম ২.০)ত আমন্ত্রণ জনাবলৈয়ে মুখ্যমন্ত্রী ড০ শর্মাই তেওঁলোকক সাক্ষাৎ কৰে৷ জে পি নাড্ডাৰে হোৱা আলোচনাকালত মুখ্যমন্ত্রী ড০ শর্মাই তেওঁক এডভাণ্টেজ আছামত অসমলৈ অহাৰ বাবে আমন্ত্রণ জনোৱাৰ লগতে প্রধানমন্ত্রী জন আৰোগ্য যোজনা, আয়ুস্মান আৰোগ্য মন্দিৰ আদি কেন্দ্রীয় আঁচনিৰ সফল ৰূপায়ণৰ বিষয়েও অৱগত কৰে৷ বাণিজ্য মন্ত্রী পীয়ূষ গোৱেলৰ পৰা এডভাণ্টেজ আছামত কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রালয়ৰ পোনপটীয়া সহযোগিতা একান্তভাৱে কামনা কৰে৷ সেইদৰে উত্তৰ–পূব মন্ত্রালয়ৰ মন্ত্রী হিচাপে জ্যোতিৰাদিত্য সিন্ধিয়াৰো উপস্থিতি কামনা কৰে৷ ড’নাৰ মন্ত্রালয়ৰ অধীনস্থ ৰাজ্যৰ উন্নয়নমূলক প্রকল্পসমূহক লৈও মুখ্যমন্ত্রী ড০ শর্মাই সিন্ধিয়াৰ লগত চমু আলোচনাত মিলিত হয়৷ সেইদৰে চলিত সপ্তাহত নতুন দিল্লীৰ ভাৰত মণ্ডপমত প্রথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া অষ্টলক্ষ্মী মহোৎসৱক লৈও আলোচনা কৰে৷ সেইদৰে কেন্দ্রীয় ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱক সাক্ষাৎকালত মুখ্যমন্ত্রী ড০ শর্মাই অসমৰ ৰে’ল যোগাযোগ ব্যৱস্থাৰ ওপৰত আলোচনা কৰি ৰাজ্যখনত ৰে’ল চলাচলৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে দেশৰ বিকশিত কেন্দ্রলৈ অধিক ৰে’ল চলাচলৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায়৷

You might also like