নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ

অৰুণাচল প্ৰদেশৰ দিৰাঙত সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ ঘটনাৰ ফলত ভালুকপুং টাৱাং সংযোগী পথৰে যাতায়াত বন্ধ হৈ পৰিছে৷ উল্লেখযোগ্য যে এই পথচোৱাত দেওবাৰৰ পৰাই স্হানবিশেষে পাহাৰ খহি পৰা ঘটনা সংঘটিত হৈ আছিল যদিও আজি পুৱা ই ভয়ংকৰ ৰূপ লয়৷

হঠাতে খহি পৰে পাহাৰৰ এক বৃহৎ অংশ আৰু এইদৰে খহি পৰা প্ৰকাণ্ড শিল আৰু মাটিৰ বৃহৎ স্তুপে  দিৰাঙৰ প্ৰসিদ্ধ পদ্মা হোটেলৰ পৰা কিছু দূৰত পথচোৱা  বন্ধ কৰি পেলাই৷ উল্লেখযোগ্য যে এখন জিপচি গাড়ীৰ ওপৰত এটা প্রকাণ্ড শিল বাগৰি পৰাৰ লগতে আন এখন বলেৰ গাড়ীৰ  ছালকৰ আসনৰ ফালে পাহাৰৰ পৰা বাগৰি অহা প্ৰকাণ্ড শিলে খুন্দা মাৰে৷ সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই৷

উল্লেখযোগ্য যে পদ্মা আৰু চেপাৰৰ মাজৰ কেবাটাও ঠাইত এই ভূমিস্খলন সংঘটিত হয়।পৰণিতিত টাৱাঙৰ পৰা তেজপুৰ অভিমুখে যাত্ৰা কৰা সকলো যান বাহন পুনৰ টাৱাঙলৈ উভতি যায় আৰু তেজপুৰৰ দিশৰ পৰাও কোনো যানবাহন টাৱাঙলৈ যাব পৰা নাই। ফলত সম্পূৰ্ণৰূপে ভালুকপুং, চাৰিদুৱাৰ, টাৱাং সংযোগে পথৰে যাতায়াত বন্ধ হৈ থকাৰ বিপৰীতে পথচোৱা মুকলি কৰাৰ কাম আৰম্ভ হৈছে৷

বাৰ্তা ব্যুৰ’, তেজপুৰ, ২৬ আগষ্ট

You might also like