নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

🔹 ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত মহিলা আটক

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰ : নগাঁও জিলাৰ চামগুৰিৰ খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱামুখ অঞ্চলত আজি বিয়লি আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ নগদ ধন আৰু দুখন বলেৰ’ গাড়ীসহ এখন বাইক জব্দ কৰাৰ লগতে এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, চামগুৰিৰ খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱামুখ অঞ্চলত আজি বিয়লি এক গোপন খবৰৰ ভিত্তিত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আজি বিয়লি খাটোৱাল আৰক্ষী থানা আৰু চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ দলটোৱে গেৰুৱামুখ অঞ্চলৰ এঘৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ৩৬টা চাবোনৰ বাকচত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ১ লাখ ৯২ হাজাৰ টকা জব্দ কৰে ৷ আৰক্ষীৰ দলটোৱে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ উমান পাই ড্ৰাগছ ব্যৱসায়ীজনে পলাই যাবলৈ সক্ষম হয় বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷ আনহাতে, আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীজনৰ পত্নীক আটক কৰাৰ লগতে এএছ-০২ ডি চি-০১৬৬ আৰু এএছ-০২ এ এল-৯৪৮৪ নম্বৰৰ দুখন বলেৰ’ গাড়ীসহ এখন মটৰচাইকেল জব্দ কৰে বুলি জানিব পৰা গৈছে ৷ আনহাতে, পলাতক অৱস্থাত থকা ড্ৰাগছ ব্যৱসায়ীজনক আটক কৰিবলৈ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷ আনহাতে, যোৱানিশা চামগুৰি সমষ্টিৰ কাৱৈমাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে শলমাৰী অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ১১টা ড্ৰাগছভৰ্তি কন্টেইনাৰ আৰু ৯০টা খালী কন্টেইনাৰ জব্দ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ী দুজনক আটক কৰে ৷ উল্লেখ্য যে উক্ত ড্ৰাগছ ব্যৱসায়ীকেইজনে দীৰ্ঘদিন ধৰি চামগুৰিৰ লগতে নগাঁও জিলাৰ বিভিন্ন স্থানত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷

প্ৰেৰক প্ৰমোদ শৰ্মা

You might also like