নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ ৰাইজৰ

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ ৰূপহীহাটত আজি পুৱতিনিশা চোৰাং কাঠৰ ফান্টাসহ পৃথকে পৃথকে দুটাকৈ বাহন জব্দ কৰে ৰাইজে৷ কাৰ্বি আংলঙৰ পৰা ডুমডুমীয়া অভিমুখে গৈ থকা অৱস্থাত আমবাগান আৰু ছাইদৰীয়াত ৰাইজে জব্দ কৰে দুখনকৈ চোৰাং কাঠ কঢ়িওৱা বাহন। নিতৌ এন্ধাৰ ৰাতিৰ সুযোগ লৈ এটা দুষ্ট চক্ৰৰ দলে সৰবৰাহ কৰি আহিছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। আৰক্ষী আৰু বন বিভাগৰ লোকক মেনেজ কৰি চোৰাং কাঠৰ সৰবৰাহ কৰাৰ অভিযোগ। চোৰাং কাঠখিনি ৰাইজে জব্দ কৰাৰ পিছতে পলায়ন কৰে কাঠ কঢ়িওৱা বাহনৰ চালক। ঘটনা সন্দৰ্ভত আমবাগান আৰক্ষীক খৱৰ দিয়া হয় যদিও ৰহস্যজনকভাৱে উপস্থিত নোহোৱাৰ অভিযোগ ৰাইজৰ। অৱশেষত শিলঘাট বন বিভাগৰ বন কৰ্মী উপস্থিত হৈ কাঠখিনি জব্দ কৰি লৈ যায় কাঠৰ ফান্টাসহ বাহন৷ আমবাগানত জব্দকৃত বাহনৰ নম্বৰ এএছ-০৩-চিচি-৩৬০৮। বাহনখনত প্ৰায় ৮০ লাখ টকাৰ চোৰাং কাঠ হব বুলি বন বিভাগৰ লোকে জানিব দিছে ৷আৰু ছাইদৰীয়াত জব্দকৃত বাহনৰ নম্বৰ এএছ-০২-ডিচি-১৭০৫।

প্ৰেৰক জহিৰুল ইছলাম

You might also like