ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ আগষ্ট : দেশৰ স্বাধীনতা দিৱসৰ প্রাক্ক্ষণত আজি অসম আৰক্ষীয়ে লতাশিল খেলপথাৰৰ পৰা দীঘলীপুখুৰীলৈ এক বিশেষ পেৰেড প্রদর্শন কৰে৷ উক্ত পেৰেডত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত থাকে ৷ সেইদৰে দীঘলীপুখুৰীত থকা অমৰ জোৱান জ্যোতিত সকলোৱে শ্রদ্ধা নিবেদন কৰাৰ পিছত যুদ্ধ স্মাৰকত লেজাৰ শ্ব’ আৰু আতচবাজী প্রদর্শন কৰে৷ এই সম্পর্কত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজিৰ এই অনুষ্ঠানত বায়ুসেনাৰ জোৱানসকলেও সুন্দৰভাৱে বাদ্যযন্ত্রৰ সংগীত প্রস্তুত কৰে৷ অহা ১৫ আগষ্টত স্বাধীনতা দিৱসত জনসাধাৰণক হিলদল ভাঙি যোগদান কৰাৰ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এইবাৰ স্বাধীনতা দিৱসত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দুটা কার্যসূচীৰ আয়োজন কৰিছে৷ ইয়াৰে এটা হ’ল হৰ ঘৰ ত্রিৰংগা ৷ এই হৰ ঘৰ ত্রিৰংগা কার্যসূচীত প্রত্যেককে নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, উত্তোলন কৰি তাৰ এখন ফটো নির্দিষ্ট প’র্টেলত আপলোড কৰিবলৈ আহ্বান জনায় ৷ নির্দিষ্ট প’র্টেলত সেয়া আপলোড কৰাৰ পিছত প্রত্যেকেই প্রমাণ পত্র আৰু প্রশস্তি পত্র লাভ কৰিব ৷ সেইদৰে স্বাধীনতা দিৱসৰ দিনা প্রত্যেককে ঘৰত, অনুষ্ঠানত, ব্যৱসায়িক প্রতিষ্ঠানত ত্রিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় ৷ এইবাৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি পঞ্চপ্রাণ প্রতিজ্ঞা, য’ত দেশৰ হৈ কাম কৰাৰ বাবে আমাৰ দেশৰ মাটি হাতত লৈ প্রতিজ্ঞা কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আহ্বান জনাইছে ৷ প্রধানমন্ত্রী মোদীয়ে এই কার্যসূচীক ‘মেৰী মাটি মেৰা দেশ’ হিচাপে নামকৰণ কৰিছে৷ এই কার্যসূচী সমগ্র অসমত চলি আছে ৷ সকলোৱে মাটি হাতত লৈ প্রতিজ্ঞা কৰি ইয়াৰ ফটোও নির্দিষ্ট প’র্টেলত আপলোড কৰাৰ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইয়াৰ বাবেও প্রত্যেকে এখন প্রশস্তি পত্র লাভ কৰিব৷ স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱৰ সামৰণিৰ লগে লগে আমাৰ দেশত অমৃতকাল আৰম্ভ হ’ব ৷ অমৃতকালৰ প্রাককালত বা অমৃতকালৰ আৰম্ভণিৰ সময়ছোৱাত সকলোকে আকৌ এবাৰ মন–প্রাণ উৎসর্গিত কৰাৰ বাবে আহ্বান জনাইছে আৰু আজিৰ কার্যসূচীৰ বাবে অসম আৰক্ষীৰ শলাগ লয়৷ আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্রীৰ সহধর্মিণী ৰিণিকি ভূঞা শর্মা, সাংসদ কুইন ওজা, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালকপ্রধান জি পি সিং, মেজৰ জেনেৰেল আৰ কে ঝা, মেয়ৰ মৃগেন শৰণীয়া প্রমুখ্যে উচ্চপদস্থ বিষয়াবর্গ আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷