নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ পূর্বতকৈ পৰিস্থিতি কিছু স্থিৰ কৰি ৰাজ্যত ক্রমাৎ হ্রাস পাইছে ক’ৰোনাৰ সংক্রমণ৷ শেহতীয়াকৈ দুটা দিনত আক্রান্তৰ সংখ্যাতকৈ ক’ৰোনামুক্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে৷ অৱশ্যে এনে পৰিস্থিতিৰ পাছতো এই ৰোগত আক্রান্ত হৈ প্রতিদিনে বৃদ্ধি হৈ আহিছে মৃত্যু হোৱা লোকৰ সংখ্যা৷ সোমবাৰে পুনৰ ৮গৰাকী লোকৰ মৃত্যু হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই তথ্য সদৰী কৰিছে৷ মৃত্যু হোৱা লোককেইজন হ’ল– তিনিচুকীয়া জিলাৰ প্রিয়ব্রত আচার্য (৬৪), দৰং জিলাৰ উপেন ডেকা (৬০), ডিব্রুগড় জিলাৰ বানৱাৰীলাল টোডী (৬৯), কাছাৰ জিলাৰ জীৱন ৰয় (৪৫), মজিবুৰ ইছলাম হাজাৰী (৫৭), গোলাঘাট জিলাৰ মতিউৰ ৰহমান (৬৫), ওদালগুৰি জিলাৰ জোনা ছেত্রী (২৪) আৰু কামৰূপ গ্রাম্য জিলাৰ সুৰেন মহন্ত (৭৮)৷ ৰাজ্যত এতিয়ালৈ মুঠ ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৯৭লৈ বৃদ্ধি পালে৷ এনে পৰিস্থিতিৰ মাজতে ক’ৰোনাক জয় কৰি সুস্থ হৈ উঠিছে ৯৪ বছৰীয়া বয়োজ্যেষ্ঠ৷ যোৱা ১৪ দিন মহেন্দ্র মোহন চৌধুৰী হাস্পতালত গুৰুতৰভাৱে ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা ৯৪ বছৰীয়া এগৰাকী বয়োজ্যেষ্ঠক সোমবাৰে সুস্থ অৱস্থাত ৰিলিজ দিয়া হয়৷ বিগত ১০টা দিন ধৰি আই চি ইউত মৃত্যুৰ সৈতে যুঁজ দি সুস্থ হৈ উঠা বয়োজ্যেষ্ঠগৰাকীক আজি ৰিলিজ দিয়া খবৰে স্বাভাৱিকতে চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলক উৎফুল্লিত কৰি তুলিছে৷ বয়োজ্যেষ্ঠগৰাকীৰ ৬৫ বছৰীয়া পত্নীও ক’ৰোনাৰ পৰা মুক্ত হৈ আজি ঘৰলৈ উভতিবলৈ সক্ষম হৈছে৷ ইফালে সোমবাৰে ৰাজ্যত পুনৰ ২,৭৯২গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই তথ্য প্রকাশ কৰিছে৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যত ৪৯,৫১০গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে৷ এই লোকসকলৰ মাজৰ পৰাই ২,৭৯২গৰাকী লোক পজিটিভ চিনাক্ত হৈছে৷ আক্রান্তসকলৰ ভিতৰত ৪৫৮গৰাকী লোক কামৰূপ মহানগৰ জিলাৰ, ২২৭গৰাকী কাছাৰ জিলাৰ, ২২৫গৰাকী ডিব্রুগড় জিলাৰ আৰু ১৯৫গৰাকী কামৰূপ গ্রাম্য জিলাৰ৷ এই সংখ্যাৰে ৰাজ্যত বর্তমান মুঠ আক্রান্তৰ সংখ্যা হৈছে ৭৯,৬৬৭গৰাকী৷ আক্রান্তৰ হাৰ হ’ল ৫.৬৩ শতাংশ৷ আনহাতে, আজি ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা ক’ৰোনামুক্ত হৈ ১,৫১৯গৰাকী লোকক ৰিলিজ দিয়া হৈছে৷ এই সংখ্যাৰে এতিয়ালৈ ক’ৰোনামুক্ত হোৱা লোকৰ সংখ্যা ৫৬,৭৩৪গৰাকী৷ এতিয়াও চিকিৎসাধীন হৈ আছে ২২,৭৩৩গৰাকী লোক৷
ক’ৰোনাত আক্রান্ত হোৱা দৰঙৰ আৰক্ষী কনিষ্টবলৰ মৃত্যু
দৰং আৰক্ষীৰ শস্ত্র শাখাৰ কনিষ্টবল উপেন ডেকাৰ সোমবাৰে ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হয়৷ প্রয়াত ডেকাক দৰং আৰক্ষীৰ প্রথমগৰাকী ক’ৰোনা শ্বহীদ হিচাপে ঘোষণা কৰি মঙলদৈ আৰক্ষীয়ে শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ উল্লেখ্য যে সোমবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) শেষ নিশ্বাস ত্যাগ কৰে আৰক্ষী জোৱানজনে৷ যোৱা ৩১ জুলাইত ক’ভিড আক্রান্ত হিচাপে চিনাক্ত হোৱাত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৱার্ডত ভর্তি কৰোৱা হৈছিল যদিও মধুমেহ ৰোগত আক্রান্ত জোৱানজনৰ অৱস্থা সংকটজনক হোৱাত ৬ আগষ্টত জি এম চি এইচত ভর্তি কৰোৱা হৈছিল৷ আজি বিয়লি দৰং আৰক্ষীৰ শইকীয়াপাৰাস্থিত আৰক্ষী ছাউনীত আয়োজিত এক শোক অনুষ্ঠানত অসম আৰক্ষীৰ মধ্য–পশ্চিম সংমণ্ডলৰ উপ–আৰক্ষী মহাপৰিদর্শক গজেনজিৎ সিংহই প্রয়াত জোৱানজনৰ প্রতিচ্ছবিত মাল্যার্পণ কৰি শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ দৰং আৰক্ষীৰ অধীক্ষক অমৃত ভূঞা, সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱী মজুমদাৰকে ধৰি কেইবাজনো শীর্ষ বিষয়াই আৰক্ষী জোৱানজনক শ্রদ্ধা জ্ঞাপন কৰে৷ প্রয়াত কনিষ্টবল উপেন ডেকাৰ শেষকৃত্য কাইলৈ ক’ভিড প্রট’কল অনুসৰি উলুবাৰী ৰাজহুৱা শ্মাশনত সম্পন্ন কৰা হ’ব৷
হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্ত ক’ভিডত আক্রান্ত
হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্ত ইলিয়াছ আহমেদ ক’ৰোনাত আক্রান্ত হৈছে৷ যোৱা কিছুদিনৰ পৰা জ্বৰ–কাহত ভুগি থকা বিষয়াজনে ক’ভিড টেষ্ট কৰাত পজিটিভ চিনাক্ত হয়৷
শিৱসাগৰত একেদিনাই ৩৭জন আক্রান্ত
শিৱসাগৰত সোমবাৰে দিনটোত পুনৰ ৩৭জন লোক ক’ভিড পজিটিভ চিনাক্ত হৈছে৷ আনহাতে, শিৱসাগৰ কেন্দ্রীয় বজাৰৰ দুজন ব্যৱসায়ী ক’ৰোনাত আক্রান্ত হোৱাৰ পাছতেই কেন্দ্রীয় বজাৰখন কনটেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷
যোৰহাটত পুনৰ ১১৪গৰাকী ক’ৰোনাত আক্রান্ত
যোৰহাটত সোমবাৰে পুনৰ ১১৪গৰাকী ক’ৰোনাত আক্রান্ত হৈছে৷ ইয়াকে লৈ জিলাখনত আক্রান্তৰ সংখ্যা ৩,৭৯৬গৰাকীলৈ বৃদ্ধি পালে৷ আনহাতে, ক’ৰোনামুক্ত হৈছে ২,১৬৭গৰাকী লোক৷