নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চতিয়াৰ নদুৱাৰ ৰাজহ চক্ৰৰ লাটমণ্ডল আৰফদ ভিজিলেঞ্চৰ জালত

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ ৰাজ্যখনত ঘোচ লৈ হাতদঙা চৰকাৰী কৰ্মচাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই অহাৰ সময়তে নদুৱাৰ ৰাজহ চক্ৰতো এজন লাটমণ্ডলে আজি হাত দাঙিলে দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত \৷ গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে প্ৰাপ্ত অভিযোগৰ ভিত্তিত আজি ঘোচ লৈ থকা অৱস্থা হাতে লোটে ধৰা পেলায় নদুৱাৰ ৰাজহ চক্ৰৰ লাট মণ্ডল আৰফদ আলম বৰাক৷ অভিযানকাৰী দলটোৱে লাটমণ্ডলজনৰ হাতৰ পৰা ঘোচ লোৱা ২০০০ টকা উদ্ধাৰ কৰে৷ ধৃত আৰফদ আলম বৰা নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভোজমাৰী-কলাকাটি অঞ্চলৰ লাটমণ্ডল আছিল৷ প্ৰাপ্ত খবৰ মতে দক্ষিণ চতিয়া অঞ্চলৰ কলাকাটিৰ অলীমুল্লা আহমেদ নামৰ যুৱকজনে তেওৰ পিতৃ ইউনুচ আলীৰ নামত থকা ম্যাদী মাটি চিটা বহীত উঠাবৰ বাবে এখন আবেদন এমাহৰ আগতে লাট মণ্ডল জনৰ ওচৰত দাখিল কৰিছিল ৷অভিযোগকাৰী যুৱকজনে প্ৰকাশকৰা মতে উক্ত কামটো কৰিবৰ বাবে লাট মণ্ডল জনে পাঁচ হাজাৰ টকা বিচাৰিছিল৷ টকা বিচৰাৰ সংক্ৰান্তত অলীমুল্লা নামৰ যুৱকজনে কালি দুৰ্নীতি নিবাৰক শাখাৰ লগত যোগাযোগ কৰে৷ আজি যুৱকজনে ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখতে থকা এখন চাহৰ দোকানত লাটমণ্ডলজনক দুই হাজাৰ টকা ঘোচ দিয়াৰ সময়তে পুৰ্বৰে পৰা সেই স্থানত খাপপিটি থকা অভিযানকাৰী দলটোৱে লাট মণ্ডলজনক হাতেলোটে ধৰা পেলাই ৷ উল্লেখ্য যে ধৃত লাট মণ্ডল আৰফদ আলম বৰাই ২০২৩ বৰ্ষৰ মাৰ্চ মাহত নদুৱাৰ ৰাজহ চক্ৰত নিযুক্তি লাভ কৰিছিল ৷ অভিযানকাৰী দলটোৱে সাক্ষ্য প্ৰমাণ সংগ্ৰহ কৰাৰ অন্তত অধিক তথ্য আহৰণৰ বাবে লাট মণ্ডলজনৰ বিশ্বনাথ চাৰিআলিত থকা ভাৰাঘৰত তালাচী চলাবলৈ লৈ যায় ৷ ধৃত আৰফদৰ ঘৰ কামৰূপ জিলাৰ আজাৰাত ৷

প্ৰেৰক প্ৰণৱ ওজা

You might also like