নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ সপোন বাস্তৱায়িত কৰাই কৃষক মৰ্চাৰ লক্ষ্য : ৰঞ্জিত ভট্টাচাৰ্য

আঠিয়াবৈৰ ‘আকাংক্ষা’ কৃষিগোটৰ সৰিয়হ চপোৱা-আলু বিক্ৰী কাৰ্যসূচীৰ আৰম্ভ 
নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিৰ চাংসাৰিৰ সমীপৰ আঠিয়াবৈৰ ‘আকাংক্ষা’ কৃষি গোটে এইবেলি প্ৰায় দুই হাজাৰ বিঘা ভূমিত কৰা সৰিসহ খেতি চপোৱা তথা উঠোৱা পৰ্ব আজিৰে পৰা আৰম্ভ কৰা হৈছে। একেদৰে আকাংক্ষাই কৰা উৎপাদিত ফচল আলু বিক্ৰী কাৰ্যসূচীও আজিৰে পৰা মুকলি কৰা হৈছে। তদুপলক্ষে বিজেপি কিষাণ মৰ্চাৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগত আৰু আকাংক্ষা কৃষিগোটৰ সহযোগত আজি আঠিয়াবৈৰ খেতিপথাৰত অনুষ্ঠিত এই সৰিসহ তোলা আৰু আলু বিক্ৰী কাৰ্যসূচীত বিশেষভাৱে অংশগ্ৰহণ কৰে মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই। কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক গৰাকীয়ে নিজে সৰিয়হ খেতি উঠোৱা কাৰ্যত অংশলৈ আকাংক্ষা কৃষিগোটৰ সদস্যসকলৰ লগতে যুৱ কৃষকসকলক উৎসাহিত কৰি তোলা পৰিলক্ষিত হয়। একেদৰে তেও আলু বিক্ৰী কাৰ্যসূচীও আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে। কাৰ্যসূচী ৰূপায়ণ কৰি ৰঞ্জিত ভট্টাচাৰ্যই কয় যে ‘মাটি আমাৰ, খেতি আমাৰ, বজাৰ আমাৰ’ এই কথা সাৰোগত কৰি ৰাজ্যৰ কৃষক সকলক স্বাৱলম্বী আৰু আয় বৃদ্ধিৰ লক্ষ্য আগত লৈ বিজেপি কিষাণ মৰ্চাই অহৰস প্ৰচেষ্টা চলাই আছে । কৃষকক প্ৰতিনিয়ত উৎসাহ, অনুপ্ৰাণিত কৰি অহাৰ লগতে সকলোপ্ৰকাৰৰ সহযোগিতা আগবঢ়াই আছে। সেই মতে যথেষ্ট সফলতা পাবলৈও সক্ষম হৈছে। তাৰ এক জলন্ত উদাহৰণ আকাংক্ষা কৃষিগোট। একেডৰা ভূমিত বছৰত তিনিটাকৈ খেতি কৰি কৃষি বিপ্লৱৰ নিদৰ্শন দাঙি ধৰা আকাংক্ষা কৃষিগোটে বিগত বছৰটোত ৮০ কুইণ্টল সৰিসহ বিক্ৰী কৰিবলৈ সক্ষম হৈছে । এইবেলি ২ হাজাৰ বিঘা ভূমিত সৰিসহ খেতি কৰা হৈছে। তদুপৰি সৰিসহৰ লগতে তাত মৌ পুহি ইতিমধ্যে উৎপাদিত দুই কুইণ্টল মৌ বিক্ৰী কৰিবলৈ সক্ষম হৈছে। এতিয়াও কৃষিগোটৰ হাতত মজুত আছে এক কুইণ্টল ২০ কিলো মৌ। একেদৰে বিগত বছৰৰ দৰে এইবেলিও কমেও ৭০ কুইণ্টল আলু গোটটোৱে উৎপাদন কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে চিপছ কোম্পানীৰ স্বতাধিকাৰী পংকজ আগৰৱলা আজি নিজেই উপস্থিত থাকি আলু সমুহ ক্ৰয় কৰিছে। এয়া স্বাভাৱিকতে আমাৰ বাবে আশাৰ বাৰ্তা। মুঠৰ ওপৰত অসমৰ কৃষিখণ্ডৰ সমান্তৰালকৈ কৃষক সকলকলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ যি সপোন তাক বাস্তৱায়িত কৰাৰ লক্ষ্যই হৈছে বিজেপি কিষাণ মৰ্চাৰ অংগীকাৰ। অসমক ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্যৰূপে গঢ়ি তোলাৰ যি সপোন তাক সাৰ্থক কৰিবলৈ কৃষক মৰ্চাই সদায় এনেদৰে কাম কৰি যাব বুলি ৰঞ্জিত ভট্টাচাৰ্যই সংবাদ মাধ্যমক জানিবলৈ দিয়ে। উল্লেখ যে আজিৰ কাৰ্যসূচীত বিজেপি মহিলা কিষাণ মৰ্চাৰ অসম প্ৰদেশৰ সম্পাদিকা ইস্পিতা বৰুৱা, মৌ উৎপাদন ব্যৱস্থাপনাত বিশেষ সহায় আগবঢ়োৱা আৰোহণ ফাউণ্ডেচনৰ পৰিচালন সঞ্চালিকা ড° সীমা বৰাৰ লগতে  চিপছ কোম্পানীৰ স্বতাধিকাৰী পংকজ আগৰৱালা উপস্থিত থাকে। ইপিনে কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক তথা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব ৰঞ্জিত ভট্টাচাৰ্যই আকাংক্ষা কৃষিগোটৰ কৃষি কাৰ্যত সদায় উৎসাহ আৰু অনুপ্ৰাণিত কৰি অহা বাবে আকাংক্ষা কৃষি গোটৰ হৈ তেওক কৃতজ্ঞতা প্ৰকাশ কৰে বুবুল ভড়ালী আৰু অমূল্য কলিতাই।
প্ৰেৰক অনুভৱ কুমাৰ
You might also like