নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ইতিহাসত স্বর্ণিল হৈ থাকিব লাভলীনা

কলাক্ষেত্রত অলিম্পিক পদক বিজয়ী অসম কন্যাক বিপুল সম্বর্ধনা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ  টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক জয়েৰে ইতিহাস ৰচা অসম কন্যা লাভলীনা বৰগোহাঁইলৈ অসম চৰকাৰে এক কোটি টকাৰ পুৰস্কাৰ আগবঢ়াইছে৷ বৃহস্পতিবাৰে গৃহভূমি অসমত উপস্থিত হোৱা বক্সিং তাৰকাগৰাকীক শংকৰদেৱ কলাক্ষেত্র প্রেক্ষাগৃহত বিপুলভাৱে সম্বর্ধনা জ্ঞাপন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এখন প্রশস্তিপত্র, চেলেং চাদৰ, মুগা শ্ব’ল, শৰাই, জাপিৰ সৈতে এক কোটি টকাৰ চেক হাতত তুলি দিয়ে৷ একেদৰে ২০২৪ৰ পেৰিছ অলিম্পিকলৈ উন্নত অনুশীলন চলাবলৈ অসম চৰকাৰে লাভলীনাক প্রতিমাহে এক লাখ টকাৰ জলপানি আগবঢ়াব বুলিও মুখ্যমন্ত্রীয়ে ঘোষণা কৰে৷ ইফালে অলিম্পিকৰ মঞ্চত অসমৰ গৌৰৱধ্বজা উৰুওৱা বক্সাৰগৰাকীক অসম আৰক্ষীৰ উপ–আৰক্ষী অধীক্ষক (ডি এছ পি) পদত যোগদানৰ বাবে মুখ্যমন্ত্রীয়ে আজি মুকলি আহ্বান জনায়৷

সুদীর্ঘ ১২৫ বছৰীয়া প্রতীক্ষাৰ অন্ত পেলাই অলিম্পিকৰ পৰা ৰাজ্যলৈ পদক কঢ়িয়াই অনা লাভলীনা অসমৰ নতুন প্রজন্মৰ বাবে সদায় প্রেৰণাৰ উৎস হৈ থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে অনুষ্ঠানত কয় যে প্রথমগৰাকী পদক বিজয়ী অলিম্পিয়ান হিচাপে লাভলীনাৰ নাম অসমৰ ইতিহাসৰ পাতত স্বর্ণিল আখৰেৰে লিখা থাকিব৷ যুগে যুগে তেওঁক অসমবাসীয়ে মনত ৰাখিব৷ লক্ষ্য আৰু আত্মবিশ্বাস থাকিলে হিমালয় সদৃশ বাধাকো নেওচি কিদৰে সফলতাৰ শিখৰ স্পর্শ কৰিব পাৰি, সেই কথা অসম কন্যাই আজি কর্মৰ জৰিয়তে প্রমাণ কৰি দিলে৷ অসমৰ নৱপ্রজন্মই লাভলীনাৰ আদর্শ গ্রহণ কৰি বিশ্ব দৰবাৰত ৰাজ্যৰ নাম উজলোৱাৰ কামত নিষ্ঠাৰে ব্রতী হোৱাৰ বাবে মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে লাভলীনাৰ গর্বিত পিতৃ–মাতৃক সেৱা জনোৱাৰ লগতে অসমৰ ক্রীড়া জগতৰ উজ্জ্বল নক্ষত্র ভোগেশ্বৰ বৰুৱা, টালিমেৰন আও, দীপাংকৰ ভট্টাচার্য, শিৱ থাপা, হিমা দাসৰ নিপুণ ক্রীড়াশৈলীৰ শলাগ লয়৷

ইফালে লাভলীনাৰ জন্মস্থান সৰুপথাৰত ৰাজ্য চৰকাৰে ২৫ কোটি টকা ব্যয়েৰে এটা ক্রীড়া প্রকল্প স্থাপন কৰিব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰে৷ এই প্রকল্পত বক্সিং একাডেমীকে ধৰি অন্যান্য আধুনিক সা–সুবিধা উপলব্ধ হ’ব৷ তদুপৰি গুৱাহাটী মহানগৰীৰ এটা পথ বক্সাৰ লাভলীনা বৰগোহাঁইৰ নামত নামকৰণ কৰিব বুলি ড০ শর্মাই অনুষ্ঠানত উল্লেখ কৰে৷ ইফালে অলিম্পিকৰ মঞ্চত পদক জয়েৰে অসমৰ লগতে সমগ্র দেশক গর্বিত কৰা প্রতিভাৱান বক্সাৰগৰাকীৰ কেৰিয়াৰৰ উত্থানত উল্লেখনীয় ভূমিকা গ্রহণ কৰা প্রশিক্ষক পদুম বড়ো, সন্ধ্যা গুৰুং, প্রশান্ত দাস, এমি’ কেলকাৰ আৰু ৰাফেল বার্গেমাস্ক’ক অসম চৰকাৰে ১০ লাখ টকাৰে পুৰস্কৃত কৰিব বুলিও মুখ্যমন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷

ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ আয়ুক্ত সচিব মলয় বৰাই আদৰণী ভাষণ আগবঢ়োৱা এই সম্বর্ধনা অনুষ্ঠানত মুখ্যমন্ত্রীৰ সৈতে উপস্থিত থাকে ক্রীড়া আৰু যুৱ কল্যাণ মন্ত্রী বিমল বৰা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অর্জুন ভোগেশ্বৰ বৰুৱা, বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ সচিব তথা অসম এমেচাৰ বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতা, লাভলীনা বৰগোহাঁইৰ পিতৃ টিকেন বৰগোহাঁইকে ধৰি কেইবাগৰাকীও মন্ত্রী–বিধায়ক৷ অনুষ্ঠানত অসম গৌৰৱ লাভলীনাক অসম এমেচাৰ বক্সিং সন্থা, অসম অলিম্পিক সন্থা, অসম ক্রিকেট সন্থাই আনুষ্ঠানিকভাৱে সম্বর্ধনা জনায়৷ অলিম্পিকৰ দৰে বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱত অসমৰ গৌৰৱধ্বজা উৰুওৱা লাভলীনাৰ প্রত্যাহ্বানপূর্ণ জীৱন আৰু সফলতাৰ কাহিনী আলোকপাত কৰি প্রস্তুত কৰা এখন চুটি তথ্যচিত্রও অনুষ্ঠানত প্রদর্শন কৰা হয়৷
ৰাজ্যপাল জগদীশ মুখীৰ সম্বর্ধনা
অলিম্পিকত পদক জয়েৰে দেশ তথা ৰাজ্যক গৌৰৱান্বিত কৰা অসম কন্যা লাভলীনা বৰগোহাঁইক ৰাজ্যপাল প্রফেছৰ জগদীশ মুখীয়ে আজি সম্বর্ধনা জ্ঞাপন কৰে৷ ৰাজভৱনত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ৰাজ্যপাল মুখীয়ে এখন ফুলাম গামোচা, চেলেং চাদৰ, শৰাই আৰু ৫ লাখ টকাৰে বক্সাৰগৰাকীক সম্বর্ধনা জনায়৷ অনুষ্ঠানত ৰাজ্যপাল মুখীয়ে কয়– লাভলীনাৰ সাফল্যক লৈ আমি গর্বিত৷ গোলাঘাট জিলাৰ বাৰমুখীয়া নামৰ এখন সৰু গাঁৱৰ পৰা ওলাই আহি বিশ্ব ক্রীড়াৰ সর্ববৃহৎ মহোৎসৱত বিজয়ধ্বজা উৰুৱাই লাভলীনাই সমগ্র অসমবাসীক গৌৰৱান্বিত কৰিছে৷ তেওঁৰ সাফল্যই অনাগত দিনত সমগ্র দেশৰ যুৱ প্রজন্মক অনুপ্রাণিত কৰি থাকিব৷
দর্শকৰ আসনত হিমা দাসঃ খুব ভাল লাগিছে
শংকৰদেৱ কলাক্ষেত্রত আজি বক্সাৰ লাভলীনা বৰগোহাঁইক সম্বর্ধনা জনোৱা চৰকাৰী অনুষ্ঠানত দর্শকৰ আসনত দেখা গ’ল অসমৰ তাৰকা এথলীট হিমা দাসক৷ ভি আই পিৰ বাবে সংৰক্ষিত আসনত বহা হিমাই সমগ্র অনুষ্ঠানটো প্রত্যক্ষ কৰে৷ পাছত তেওঁ সাংবাদিকৰ আগত প্রতিক্রিয়া ব্যক্ত কৰি কয়– লাভলীনাৰ সাফল্যত খুব ভাল লাগিছে৷ এগৰাকী অসমীয়া হিচাপে ইয়াতকৈ গৌৰৱৰ কথা আৰু কি হ’ব পাৰে? উল্লেখ্য যে জুনিয়ৰ বিশ্ব এথলেটিক্ছ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ প্রথমটো সোণৰ পদক অর্জন কৰি ইতিহাস ৰচা হিমা দাসে টকিঅ’ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰিব বুলি ৰাজ্যবাসী আশাৰে বাট চাইছিল যদিও আঘাতৰ বাবে তেওঁ কোৱালিফিকেচন প্রতিযোগিতাত উন্নত প্রদর্শন দাঙি ধৰিব নোৱাৰিলে৷

You might also like