নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ কামৰূপ জিলাৰ বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ উদ্যোগত বিগত বছৰবোৰৰ দৰে এই বৰ্ষও আয়োজন কৰা হৈছে বিশ্ব মহাবীৰ চিলাৰায় দিৱস। এই বেলি বকোৰ ৰায়পাৰা আৰু টেপছিয়া শাখা কোচ ৰাজবংশী জ্ঞাতিৰ সহযোগত ৰায়পাৰা চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাংগনত আয়োজন কৰা হৈছে চিলাৰায় দিৱসৰ কাৰ্য্যসূচী। বিশ্ব মহাবীৰ জনাৰ জন্মজয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তূতি পূৰ্ণ গতিত চলি থকা সময়ত আজি ৰভা মঞ্চ নিৰ্মাণৰ বাবে লাইখুটা স্থাপন কৰা হয়। উল্লেখ্য যে বকো আঞ্চলিক কোচ ৰাজবংশী মহিলা সন্মিলনীৰ সভানেত্ৰী ৰীণা ডেকাৰ গৃহৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগৰ আয়োজন স্থলীলৈ এক বৰ্ণিল শোভাযাত্ৰা কৰি লাইখুটা আনি আনুষ্ঠানিক ভাৱে স্থাপন কৰা হয়। বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ উপদেষ্টা গৌৰাঙ্গ চৌধুৰী ; সভাপতি ; কাৰ্য্যকৰী সভাপতি আৰু উপ সভাপতিৰ তৎপৰতাত চিলাৰায় দিৱস উদযাপন সমিতিৰ সভাপতি গিৰীন্দ্ৰ কুমাৰ চৌধুৰীয়ে স্থাপন কৰে লাইখুটা। অনুস্থানত কোচ ৰাজবংশী মহিলা সন্মিলনী আৰু দিৱস উদযাপন সমিতিৰ শতাধিক জ্ঞাতি উপস্থিত থাকে। ইফালে লাইখুটা স্থাপন অনুস্থানত অধিবেশন আয়োজন সমিতিৰ সাধাৰণ সম্পাদক বলেন দাস; অভ্যৰ্থনা সমিতিৰ মহিলা গোটৰ সম্পাদিকাদ্বয় প্ৰণিতা দাস আৰু ৰেখা দাস; মূখ্য উপদেষ্টা ক্ষীৰোদা ডেকা; কাৰ্য্যালয় বিভাগৰ জিতু দাস; ব্ৰজেন চৌধুৰী; সোনেশ্বৰ মেধিকে ধৰি বহু সংখ্যক লোকে সহযোগ আগবঢ়াই। আনহাতে ৰায়পাৰা আৰু টেপছিয়া ৰাইজৰ লগতে অঞ্চলবাসীৰ সহযোগত চিলাৰায় দিৱস সফল ৰূপায়ণ হোৱাৰ কামনা কৰে সভাপতি গিৰীন্দ্ৰ কুমাৰ চৌধুৰীয়ে।
প্ৰেৰক বিষ্ণু ৰাম দাস