নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আন্দোলনৰ অগ্ৰণী নেতা, বিশিষ্ট সমাজকৰ্মী, ধৰ্মপৰায়ণ ব্যক্তি ডিব্ৰুগড়ৰ থানেশ্বৰ বৰাৰ পৰলোক

বিশেষ বাৰ্তা, ২৩মেঃ ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক,অসম আন্দোলনৰ অগ্ৰণী নেতা, বিশিষ্ট সমাজকৰ্মী, ধৰ্মপৰায়ণ ব্যক্তি থানেশ্বৰ বৰা (৭৪) আজি নতুন দিল্লীস্থিত ইন্দ্ৰপ্ৰস্থ এ’পল হাস্পতালত চিকিৎসাধীন অৱস্থাত বিয়লি প্ৰায় ৪:৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰায় দুটা সপ্তাহ ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বৰা। তেওঁৰ উন্নত চিকিৎসাৰ বাবে দেওবাৰে ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ লৈ যোৱা হৈছিল যদিও নিয়তিৰ ওচৰত হাৰ মানিলে অত্যন্ত সাহসী, উদ্যমী থানেশ্বৰ বৰাই। প্ৰয়াত সমাজকৰ্মী থানেশ্বৰ বৰা ১৯৪৯ চনত নগাঁৱত জন্ম গ্ৰহণ কৰা থানেশ্বৰ বৰাৰ কৰ্মজীৱন অতিবাহিত হৈছিল এগৰাকী নিস্বাৰ্থ সংগ্ৰামী নেতা হিচাপে।প্ৰয়াত বৰা ৰাজহুৱা স্বাৰ্থ সুৰক্ষা মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি হোৱাৰ লগতে ‘৮২ চনত সদৌ অসম মহিলা সংগঠনৰ জন্মদাতা আছিল লগতে সদৌ অসম ছপাশাল স্বত্বাধিকাৰী সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ ২০০১ বৰ্ষৰ সম্পাদক,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন কাৰ্যনিবাহক।অসম আন্দোলনৰ সময়তে বৰাই লিখা আন্দোলন আকৌ আন্দোলন নামৰ কিতাপখনে বেচ সমাদৰ লাভ কৰিছিল।সদৌ অসম নামঘৰ সম্বন্বয় সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি হোৱাৰ উপৰি বৰ অসম নাট্য গোষ্ঠীৰ আহ্বায়কৰ দ্বায়িত্বত আছিল বৰা।লগতে তিনি বছৰ অবিভক্ত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সম্পাদক, ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক, ডিব্ৰুগড় জিলা গণ সংগ্ৰাম পৰিষদৰ প্ৰাক্তন সম্পাদক সাহিত্য সভাৰ আজীৱন সভ্য,ৰেলৱে সংযুক্ত সংগ্ৰাম সমিতিৰ সৈতে জৰিত আছিল।তেওঁ অসম আন্দোলনৰ ভৰপক সময়ত চাকৰি এৰি চৰকাৰৰ ৰোষত পৰিব লগা হৈছিল।অসম সাহিত্য সভাৰ ৰামেশ্বৰলাল চহৰীয়া সংহতি ভৱনৰ তত্বাৱধায়কৰ দায়িত্বত আছিল। বিভিন্ন সামাজিক তথা ধৰ্ম্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হোৱাৰ লগতে ২০১১ চনত অসম গণ পৰিষদৰ হৈ ডিব্ৰুগড় বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লগতে এবাৰ নিৰ্দলীয় হৈও প্ৰতিদ্বন্দ্বিতাত নামিছিল।অতি সাহসী, আগৰণুৱা, নিৰ্ভীক বৰাই বগীবিল দলং নিৰ্মাণ, গেছ ক্ৰেকাৰ প্ৰকল্প, ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয় স্থাপনৰ ক্ষেত্ৰত বিশেষ আগ-ভাগ লৈছিল। তেওঁ মৃত্যুৰ সময়ত একমাত্ৰ পুত্ৰ কিশোৰ বৰা আৰু দুই বিবাহিত কন্যাসহ, নাতি-নাতিনী, আত্মীয়স্বজন, অনেক গুণমুগ্ধক এৰি যায়। তেওঁৰ মৃত্যুত ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি ড° শশীকান্ত শইকীয়া,উপ-সভাপতি বিভাস দুৱৰা, সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে ডিব্ৰুগড়ৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী তথা এগৰাকী সংগ্ৰামী নাগৰিক,ডিব্ৰুগড়ৰ বিভিন্ন উন্নয়নমূলক কামত সৈতে জৰিত, সাহিত্য সভাৰ এগৰাকী নিষ্ঠাবান কৰ্মী হেৰুওৱাটো ডিব্ৰুগড়ৰ সমাজ জীৱনৰ এক বৃহৎ ক্ষতি বুলি কয়।ভাষা-সাহিত্য-সংস্কৃতিৰ সৈতে ওতপ্ৰোতভাবে জড়িত থকা এগৰাকী সক্ৰিয় ৰাজহুৱা কৰ্মী আছিল বুলি কৈ তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। আনহাতে তেওঁৰ মৃত্যুত ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি প্ৰবীৰ কুমাৰ চক্ৰৱৰ্তী, সম্পাদক অনিল পোদ্দাৰ, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছক্লাবৰ সভাপতি মনজিৎ বৰা, ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্য্যকৰী সভাপতি শৰৎ চন্দ্ৰ নেওগ,ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন,পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই গভীৰ শোক প্ৰকাশ কৰে।

প্ৰেৰক বিভাস দুৱৰা

You might also like