নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ যাতায়াত ব্যৱস্থাৰ বিষয়ে সবিশেষ জানক…

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনলৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী৷ লখিমপুৰ জিলাৰ নাৰাণপুৰ নগৰৰ সমীপত অনুষ্ঠিত অধিবেশন স্থলীলৈ আপুনি যদি আহিব বিচাৰে স্থলপথ, জলপথ আৰু বিমানপথ এই তিনিও পথেৰে অনায়াসে আহিব পৰা পৰ্যাপ্ত ব্যৱস্থা আছে৷ অসম সাহিত্য সভা অধিবেশনৰ বাবে বুলি যদি নাৰায়ণপুৰলৈ আপোনাৰ প্ৰথম যাত্ৰা তথাপিও আপুনি যাতায়াতৰ ক্ষেত্ৰত সমস্যা সন্মুখীন হোৱাৰ কোনো কাৰণ নাই ৷ নাৰায়ণপুৰ নগৰৰ পৰা পূৱ দিশে অৰ্থাৎ নাৰায়ণপুৰ-বিহপুৰীয়া ৪৩নং ৰাজ্যিক ঘাইপথৰ পৰা অধিবেশন স্থলীলৈ ৫০০ মিটাৰ দূৰত্ব৷ একেদৰে নাৰায়ণপুৰ নগৰৰ পৰা বান্দৰদেৱাৰ উত্তৰ দিশৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৪০০ মিটাৰ দূৰত্ব৷ অধিবেশনলৈ ৰে’লেৰে আহিব পৰা সুন্দৰ ব্যৱস্থা আছে৷ নাৰায়ণপুৰৰ নিকতবৰ্তী তাঁতিবাহৰ ৰে’ল ষ্টেচন ৫.৫ কিলোমিটাৰ৷ ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিতে থকা টিপলিং ৰে’লৱে ষ্টেচনৰ পৰা সাহিত্য সভাস্থলীলৈ ১০ কিলোমিটাৰ ৷ ধলপুৰস্থিত উত্তৰ কাঠনি ষ্টেচনৰ পৰা ৮.৫ কিলোমিটাৰ আৰু হাৰমতী ৰে’লৱে জংচনৰ পৰা অধিবেশনস্থলীলৈ দুৰত্ব ২৫ কিলোমিটাৰ৷ স্থলপথৰ ব্যক্তিগত বাহন বা যাত্ৰীবাহী বাছত তেজপুৰৰ পৰা ১৫৫ কিলোমিটাৰ, বিশ্বনাথ চাৰিআলিৰ পৰা ৭৯ কিলোমিটাৰ, গহপুৰৰ পৰা কেৱল ২৯ কিলোমিটাৰ৷ মাজুলীৰ পৰা ঢকুৱাখনা হৈ ১৬০ কিলোমিটাৰ, লখিমপুৰ নগৰৰ পৰা বান্দৰদেৱা হৈ ৫৪ কিলোমিটাৰ আৰু বিহপুৰীয়াৰ পৰা সভাস্থলীলৈ ২৫ কিলোমিটাৰ৷ জলপথৰে মাজুলীৰ পৰা সাহিত্য সভা স্থানলৈ ধূনাগুৰি (চেলেক), বাঁহগড়া বা চেনিমৰা ঘাটেৰে ২২ৰ পৰা ২৪ কিলোমিটাৰ একেদৰে ডেৰগাঁৱৰ পৰা বৰুৱাচুক হৈ জামুগুৰি ঘাটেৰে ৪০ কিলোমিটাৰ৷ স্থলপথ আৰু জলপথৰ উপৰি অধিবেশনস্থলীলৈ আহিবৰ বাবে বিমান পথৰো পৰ্যাপ্ত ব্যৱস্থা আছে৷ অসমৰ সীমান্তবৰ্তী অৰুণাচল প্ৰদেশৰ সোলেঙি (হোলেংগী)ৰ পৰা ৪০ কিলোমিটাৰ আৰু লীলাবাৰীৰ পৰা ৬৫ কিলোমিটাৰ দুৰত্ব অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনলৈ ৷

প্ৰেৰক মাধুৰ্য দাস আৰু সমীন কুমাৰ শইকীয়া

You might also like