নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম’বাইলত বিনা পইচাত আই পি এলৰ মেচ

নিয়মীয়া বার্তা, ৩১জানুৱাৰীঃ মার্চৰ শেষ অথবা এপ্রিলৰ আৰম্ভণিতে অনুষ্ঠিত হ’ব আই পি এল৷ এই কোটিপতি লীগ দেখুওৱাৰ দায়িত্ব লাভ কৰিছে বিজনী ষ্টাৰ আৰু ভায়াকম ১৮ই৷ টিভি স্বত্ব ক্রয় কৰিছে ষ্টাৰে৷ ম’বাইলত খেল দেখুৱাব ভায়াকমে৷ তেওঁলোকৰ এপ জি’ চিনেমাত খেল উপভোগ কৰিব পাৰিব৷ ফুটবল বিশ্বকাপৰ মেচ সম্প্রচাৰ কৰিছিল জি’ চিনেমাই৷ জি’ চিনেমা এপ’টো ৰিলায়েন্সৰ৷ তেওঁলোকে আই পি এলৰ মেচসমূহো প্রদর্শন কৰিব৷ ম’বাইলত ফুটবল বিশ্বকাপ উপভোগ কৰোঁতে কোনো খৰচ হোৱা নাছিল৷ আই পি এল চাবলৈও টকাৰ প্রয়োজন নহ’ব৷ বিনামূল্যেই ম’বাইলত আই পি এল চাব পৰা যাব৷ অৱশ্যে সেই সময়ত ১০ৰ পৰা ৫০ শতাংশ নেট অধিক খৰচ হ’ব৷ ভাৰতত ৫জি নেটৱর্ক আৰম্ভ হোৱাৰ বাবে খেল উপভোগ কৰোঁতে কোনো সমস্যাৰ সন্মুখীন নহয় সাধাৰণ দর্শক৷ আই পি এলৰ মেচ যি সময়ত অনুষ্ঠিত হয় সেই সময়ত বহুতেই ম’বাইলত খেল উপভোগ কৰে৷ বিনামূল্যেই খেল চাব পাৰিলে দর্শকৰ সংখ্যা বৃদ্ধি পায়৷ দর্শক বঢ়াৰ লগে লগে বাঢ়ি যায় নেটৰ খৰচ৷ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত এই বিষয়ৰ এক বিশ্লেষকে কয়– ‘১০ৰ পৰা ১৫ শতাংশ নেটৰ খৰচ বৃদ্ধি পাব৷ এদিনত কোনোবাই আই পি এলৰ দুখন মেচ উপভোগ কৰিলে ৩–৪ জিবি নেট খৰচ হ’ব পাৰে৷’ যোৱাবাৰৰ দৰে এইবাৰো দিনত প্রায়ে দুখনকৈ মেচ অনুষ্ঠিত হ’ব পাৰে৷ আই পি এলৰ টেলিভিছন স্বত্ব ২৩,৫৭৫ কোটি টকাত ক্রয় কৰিছে বিজনী ষ্টাৰে৷ ২০,৫০০ কোটি টকাত আই পি এলৰ ডিজিটেল স্বত্ব কিনিছে ভায়াকমে৷ পাঁচ বছৰৰ বাবে দায়িত্বত আছে তেওঁলোক৷ সকলো মিলাই আই পি এলৰ প্রতিখন মেচৰ সম্প্রচাৰ মূল্য ১০৫ কোটি টকা৷ এই সংখ্যাটি সমগ্র বিশ্বৰ খেলা–ধূলাৰ ক্ষেত্রত দ্বিতীয় সর্বোচ্চ৷ শীর্ষত আছে আমেৰিকাৰ ৰাগবী লীগ এন এফ এল৷ তেওঁলোকৰ ক্ষেত্রত এই সংখ্যাটো ২৭৪ কোটি টকা৷ আই পি এলে প্রত্যাহ্বান জনাইছে ইংলিছ প্রিমিয়াৰ লীগকো৷

You might also like