নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ নকছাৰি মহাবিদ্যালয়ত বক্তৃতানুষ্ঠান সম্পন্ন

বিশেষ বাৰ্তা, ২০ ছেপ্টেম্বৰঃ যোৰহাটৰ মৰিয়নিৰ বৃহত্তৰ নকছাৰি অঞ্চলৰ একমাত্র উচ্চ শিক্ষাৰ অনুষ্ঠান নকছাৰি মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগ আৰু ন-আলি ঢেঁকীয়াজুলিৰ ডাঃ নবীন বৰদলৈ মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ যৌথ উদ্যোগত আৰু নকছাৰি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত আজি বুধবাৰে নকছাৰি মহাবিদ্যালয়ত এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। “শিক্ষাৰ অৰ্থনীতি আৰু শৈক্ষিক নীতি গ্ৰহণত ইয়াৰ ভূমিকা” শীর্ষক আকৰ্ষণীয় বক্তৃতানুষ্ঠানখনি সঞ্চালনা কৰে নকছাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ উত্তম বৰুৱাই। আনহাতে, নকছাৰি মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড° কুমুদ ঘোষে আঁ‌ত ধৰা বক্তৃতানুষ্ঠানৰ আৰম্ভণীতে দুয়োখন মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ হৈ আদৰণি ভাষণ প্রদান কৰে নকছাৰি মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ অধ্যাপিকা অৰ্চনা হাজৰিকাই। বক্তৃতানুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে নকছাৰি মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ অধ্যাপিকা গীতাঞ্জলি বৰাই। নকছাৰি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত বক্তৃতানুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি মূল বক্তৃতা প্ৰদান কৰে ডাঃ নবীন বৰদলৈ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ উৎপল বৰদলৈয়ে। তেওঁ‌ নিজ বক্তব্যত শিক্ষাৰ চাহিদা, বিনিয়োগ হিচাপে শিক্ষা, শিক্ষাৰ বিনিয়োগ ব্যয়, শিক্ষাত বিনিয়োগৰ প্ৰতিদান, শিক্ষাৰ উৎপাদনশীলতা আদি বিষয়ত ছাত্র-ছাত্ৰীসকলৰ বোধগম্য হোৱাকৈ বক্তব্য আগ বঢ়ায় । অনুষ্ঠানটোত উপস্থিতসকলৰ হৈ বক্তব্য প্ৰদান কৰি নকছাৰি মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক অৰূপ জ্যোতি শইকীয়াই যুগসাপেক্ষ কৰ্ম-সংস্থাপন দিব পৰাকৈ শিক্ষানীতি প্ৰস্তুত কৰা উচিত যাতে অৰ্থনৈতিক প্ৰতিদান হিচাপে ৰাষ্ট্ৰৰ সামগ্রিক বিকাশ হয় বুলি উল্লেখ কৰে । আনহাতে, সঞ্চালকৰ বক্তব্যত নকছাৰি মহাবিদ্যালয় অধ্যক্ষ উত্তম বৰুৱাই শিক্ষা এক সামাজিক মূলধন বুলি উল্লেখ কৰি শিক্ষানীতিৰ অৰ্থনৈতিক গুৰুত্ব সম্পর্কে উল্লেখ কৰে। নকছাৰি মহাবিদ্যালয়ৰ উপাধ্যক্ষ উজ্জ্বল বৰুৱা, ডাঃ নবীন বৰদলৈ মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা জ্যোৎস্না বৰা আদিৰ লগতে নকছাৰি মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আদি বক্তৃতানুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। ডাঃ নবীন বৰদলৈ মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ অধ্যাপিকা অলকা গগৈয়ে শলাগৰ শৰাই আগবঢ়োৱা বক্তৃতানুষ্ঠানখনি সাফল্যমণ্ডিত কৰাত সহযোগ আগবঢ়োৱা সকলোলৈকে নকছাৰি মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড° কুমুদ ঘোষে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like