নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ নকছাৰিত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

বিশেষ বাৰ্তা, ২৭ মাৰ্চঃ মৰিয়নিৰ সমীপৰ মৰঙীয়াল খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত নকছাৰি চিনাতলি অঞ্চলত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা এটা নাহৰফুটুকী আজি পিঞ্জৰাবদ্ধ কৰা হয়। বৃহত্তৰ চিনাতলি অঞ্চলত বহুদিন ধৰি নাহৰফুটুকীয়ে সন্ত্ৰাস চলাই আহিছিল। অঞ্চলটোৰ বহুকেইটা পৰিয়ালৰ পোহনীয়া জীৱ জন্তু বধ কৰি আহিছিল। স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে, একেটা পৰিয়ালৰে ১৪টাকৈ ছাগলী নাহৰফুটুকীয়ে বধ কৰি ভক্ষণ কৰিছিল। ইয়াৰোপৰি আন কেবাটাও পৰিয়ালৰ বহু পোহনীয়া জীৱ জন্তুও বধ কৰিছিল। উল্লেখযোগ্য যে অঞ্চলটোত মুকলিলৈ বিচৰণ কৰি থকা অৱস্থাত তিনিটাকৈ নাহৰফুটুকীক ৰাইজে প্ৰত্যক্ষ কৰাৰ পিছতেই ৰাইজ সন্ত্ৰস্ত হৈ পৰে। অঞ্চলটোৰ ৰাইজে এই বিষয়ে বন বিভাগক অৱগত কৰাত দুদিন পূৰ্বে বন বিভাগে পিঞ্জৰা স্থাপন কৰে। যোৱানিশা চিনাতলিৰ এক ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাত স্থাপন কৰা পিঞ্জৰাত নাহৰফুটুকী আৱদ্ধ হয়। বন বিভাগৰ মতে, পিঞ্জৰাবদ্ধ হোৱা মাইকী নাহৰফুটুকীজনীৰ বয়স প্ৰায় ডেৰবছৰ। অঞ্চলটোৰ ৰাইজৰ মতে, ধৃত নাহৰফুটুকীজনী পোৱালিহে, অঞ্চলটোত আৰু ডাঙৰ নাহৰফুটুকী আছে। ৰাইজৰ দাবীত আজি বন বিভাগে পুনৰ অঞ্চলটোত সুকীয়াকৈ পিঞ্জৰা স্থাপন কৰিছে। অঞ্চলটোৰ সমীপৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰাই নাহৰফুটুকী ওলাই গৈ কাষৰীয়া অঞ্চলত সন্ত্ৰাস চলোৱা বুলি সন্দেহ কৰা হৈছে। আন একাংশৰ মতে, কাষৰীয়া দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ পৰাও নাহৰফুটুকী উক্ত অঞ্চললৈ অহাৰ সম্ভাৱনা আছে। ইফালে, ধৃত নাহৰফুটুকীজনীক হোলোঙাপাৰ গিবন অভয়াৰণ্যত মুকলি কৰি দিয়া বুলি বন বিভাগৰ সূত্ৰই জানিবলৈ দিছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like