নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শক্তিহীন ভূপেন বৰাই ওফৰাব মুখ্যমন্ত্ৰীৰ ঠিকনা

বিশেষ বাৰ্তা, ২৭ মাৰ্চঃ মুখ্যমন্ত্রীৰ ঠিকনা সলাই দিব প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই। আজি লখিমপুৰত এখন সংবাদ মেলত এইদৰে মুখ্যমন্ত্রীক প্ৰত্যুত্তৰ দিয়ে ভূপেন বৰাই। উল্লেখ্য যে বিগত কিছুদিন ধৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০২৫ত ভূপেন বৰা বিজেপিলৈ আহিব বুলি বিভিন্ন স্থানত সজোৰে ঘোষণা কৰি আহিছে। লখিমপুৰত তাৰ প্ৰত্যুত্তৰ হিচাপে ভূপেন বৰাই এইদৰে কয়। জিলা কংগ্রেছৰ কাৰ্য্যালয়ত আয়োজিত সংবাদ মেলখনত তেওঁ কয় কিছুদিনৰ পৰা মুখ্যমন্ত্রীয়ে তেওঁক পেংলাই কৰি আহিছে। মোক বিজেপিত যোগদান কৰোৱাৰ কথা কৈ আছে। কিন্তু মুখ্যমন্ত্রীৰ ঠিকনা মই সলাই দিম। ড০ হিমন্ত বিশ্ব শৰ্মাইহে হাতৰ প্ৰতীক বিচাৰি আহিব। তেওঁক হাতৰ প্ৰতীক দিম নে নাই ঠিক নাই। সেয়া দলৰ শীর্ষ নেতৃত্বই সিদ্ধান্ত লব। ভূপেন বৰাই মুখ্যমন্ত্রীক সমালোচনা কৰি আৰু কয়, ২০২৬ত তেওঁ মুখ্যমন্ত্রী হৈ নাথাকে। ঠিকনা সলনি হব। তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আছে। আৰএছএছৰ টেবুলত, গৃহমন্ত্ৰীৰ টেবুলত তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ পৰি আছে। বিজেপিয়ে কৰ্ণাটক, হাৰিয়ানা, ত্ৰিপুৰা আদিৰ মুখ্যমন্ত্রীক সলনি কৰিছে। একেদৰে ড০ হিমন্ত বিশ্ব শৰ্মাৰো চকী যাব। তেতিয়া তেওঁ পুৰণি প্ৰতীক বিচাৰি আহিব। ২০২৬ৰ নিৰ্বাচনত ভূপেন বৰা কংগ্রেছ দলৰ সন্মুখৰ সেনাপতি হৈ থাকিব। কিন্তু বিজেপিৰ সন্মুখৰ সেনাপতি ড০ হিমন্ত বিশ্ব শৰ্মা নহয়। সৰ্বানন্দ সোণোৱাল বা দিলীপ শইকীয়া আদি কোনোবা এজনহে সেই স্থানত থাকিব বুলি তেওঁ কয়।

প্ৰেৰক জীৱন গোস্বামী

You might also like