নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ বৰপুখুৰীৰ পাৰতেই আজি পুৱা এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে পুলিচ কলনিৰ এগৰাকী ব্যক্তিক গুৰুত্বৰভাৱে আক্ৰমণ কৰি আহত কৰাৰ ঘটনাই তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বৰপুখুৰীৰ পাৰৰ ব্ৰিটিছ আমোলৰে পুলিচ কলনিত আক্ৰমণ চলাই গুৰুতৰভাৱে আহত কৰা ব্যক্তিজনক অপুৰ্ব গগৈ বুলি জানিব পৰা গৈছে ৷ হাত, পেট আৰু বুকুত গুৰুত্বৰ ভাৱে আহত হোৱা অপুৰ্ব গগৈক লগে লগেই শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ইফালে অপুৰ্ব গগৈক আক্ৰমণৰ পিছতেই প্ৰকাণ্ড নাহৰ ফুটুকী বাঘটোৱে কাষতে থকা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰি ছোৱালী হোষ্টেলৰ দিশে ধাৱিত হয় ৷ আনহাতে মহাবিদ্যালয় খনৰ মূল দেৱালৰ কাষৰ পুলিচ কলনিত হুলস্থুল শুনি কি হৈছে বুলি চাবৰ বাবে কোঠাৰ পৰা ওলাই অহা মহাবিদ্যালয় খনৰ নৈশ চকীদাৰ গৰাকীকো বাঘটোৱে আক্ৰমণৰ চেষ্টা চলাই ৷ কিন্তু নৈশ চকীদাৰ গৰাকীয়ে তাৎক্ষনিকভাৱে হোষ্টেলৰ এটা কোঠাত দৰ্জা মাৰি প্ৰৱেশ কৰিবলৈ সক্ষম হোৱাৰ বাবেই কথমপি প্ৰাণ ৰক্ষা পৰে ৷ উল্লেখ্য যে পুলিচ কলনিৰ নিবাসী অপুৰ্ব গগৈয়ে পুৱা চাৰে ছয় মান বজাত বাহিৰত চৰাইৰ তীব্ৰ কোহাল শুনি বাহিৰলৈ ওলাই চাওতেই কলগছৰ মাজত লুকাই থকা বাঘটোৱে গগৈক আক্ৰমণ কৰি মাটিত বগৰাই দিয়ে ৷ইফালে মহাবিদ্যালয়ৰ চৌহদত বাঘৰ ওলোৱাৰ কথা নৈশ চকীদাৰৰ যোগে জানিব পাৰি অধ্যক্ষ ডঃ সৌমাৰজ্যোতি মহন্তই লগে লগেই মহাবিদ্যালয়ত উপস্থিত হয় চি চি টিভি পৰীক্ষা কৰাত ছোৱালী হোষ্টেলৰ কৰিডৰত বাঘটো গৈ থকা প্ৰতক্ষ্য কৰে ৷ তৎমুহূত্বতেই অধ্যক্ষ গৰাকীয়ে নিকৱৰ্তী বন বিভাগক খবৰ দিয়ে ৷শিৱসাগৰ চহৰ খনৰ হৃদ পিণ্ড তথা তথা সবাটোতকৈ নিৰাপদ স্থান হিচাবে পৰিচিত বৰপুখুৰীৰ পাৰত বাঘৰ উপস্থিতি তথা এজনক আক্ৰমণৰ তথ্য লাভ কৰিয়েই বন সংমণ্ডল বিষয়া দেৱেন চন্দ্ৰ কলিতা, এ চি এফ বুবুল বৰুৱাল লগতে ৰেঞ্জাৰ হিমাংশু গগৈৰ নেতৃত্বত বন সুৰক্ষা বাহিনীৰ এটা বৃহত দল উপস্থিত হয় বাঘটোৰ সন্ধান আৰম্ভ কৰে ৷স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে কিছু উগ্ৰ হৈ থকা বাঘটোৱে মহাবিদ্যালয়ৰ চৌহদৰ পৰা ওলাই গৈ একেবাৰে পিছফালে লাগি থকা যমুনা জলাশয়ত আত্মগোপন কৰাৰ সন্দেহ কৰিছে ৷বন বিভাগৰ দলটোৱে ইতিমধ্যে সন্দেহজনক স্থান সমুহ খোজ অনুসৰণ কৰি অভিযান চলাইছে যদিও অৱস্থিতি নিৰ্ণয় কৰিবলৈ সক্ষম হোৱা নাই ৷ স্মৰ্তব্য যে, শিৱসাগৰ বৰপুখুৰীৰ পাৰত কঠোৰ নিৰাপত্তাৰ মাজত থকা এই স্থানটোত বাণিজ্য মহাবিদ্যালয়ৰ লগতে তিনি গৰাকীকৈ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক, বহু কেইগৰাকী কনিষ্ঠ আৰক্ষী বিষয়া, পিয়লি ফুকন উদ্যাণ, কেন্দ্ৰীয় কাৰাগাৰৰ লগতে একাধিক চৰকাৰী কাৰ্য্যালয় অৱস্থিত ৷ইয়াৰোপৰি বৰপুখুৰীৰ পাৰৰ এই সুৰক্ষিত স্থানটোত প্ৰতিদিনে পুৱা আৰু সন্ধিয়া শ শ চহৰৰ বাসিন্দাই প্ৰাতঃভ্ৰমণ, সান্ধ্য ভ্ৰমণ কৰিবলৈ আহে ৷কিন্তু আজি বাঘৰ উপস্থিতি আৰু আক্ৰমণৰ খবৰ বিয়পি পৰাৰ পিছতেই সৰ্বত্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে সান্ধ্য ভ্ৰমণকাৰীৰ সংখ্যাও একেবাৰে হ্ৰাস পালে ৷ইফালে এই ঘটনাৰ সন্দৰ্ভদ আশ্বৰ্য্য প্ৰকাশ কৰা মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ সৌমাৰজ্যোতি মহন্তই আজি অনুষ্ঠিত দুয়োবেলাৰ স্নাতক পৰ্য্যায়ৰ পৰীক্ষাত শিক্ষাৰ্থী সকলেও মানসিক চাপৰ মাজতে পৰীক্ষাত বহিব লগীয়া হয় ৷ইয়াৰোপৰি আজি নাকৰ এটি দলো মহাবিদ্যালয়খনত উপস্থিত আছিল ৷এই আতংক আৰু নিৰাপত্তাহীন পৰিৱেশৰ সৃষ্টি কৰা বাঘটো সুৰক্ষিত ভাৱে উদ্ধাৰ কৰিবলৈ বন বিভাগৰ প্ৰতি আহব্বান জনাই ৷বাতৰি লিখাৰ পৰলৈকে বন বিভাগৰ দলটোৱে বাঘৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান