নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানৰ অইল আৱাসিক এলেকাত নাহৰফুটুকীৰ বিচৰণ

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ তৈলনগৰী দুলীয়াজানৰ অইল আৱাসিক এলেকাত নাহৰফুটুকীৰ মুক্ত বিচৰণে ৰাইজৰ মনত আতংকৰ সৃষ্টি কৰে। প্ৰাপ্ত খৱৰ অনুসৰি আজি পুৱাতে অইলৰ বিষয়া আৱাসিক এলেকাৰ ই-টাইপ ৭৭ নং আৱাসত কাম কৰা এজন শ্ৰমিকে স্হানীয় হেলিপেডৰ কাষতে থকা ফল-মূলৰ বাগিছাখনত এটা নাহৰফুটুকী প্ৰত্যক্ষ কৰে। শ্ৰমিকজনে নাহৰফুটুকীৰ উপস্থিতিৰ বিষয়ে অইলৰ বিষয়া গৰাকীক অৱগত কৰাত লগে লগে ডিগবৈ বন সংমণ্ডলত খবৰ দিয়া হয়। ইফালে নাহৰফুটুকীটোক স্ব-চক্ষে চাবলৈ উক্ত অঞ্চলটোত যথেষ্ট জনসমাগম ঘটে। জনসমাগম ঘটাত নাহৰফুটুকীটোৱে ফল-মূলৰ বাগিছাখনৰ এজোপা কঠাল গছৰ ওপৰত অৱস্থান কৰে। ইতিমধ্যে ডিগবৈ বন সংমণ্ডলৰ লোক ঘটনাস্থলীত উপস্থিত হয় যদিও গছৰ ওপৰত অৱস্থান কৰা নাহৰফুটুকীটোক উক্ত স্হানৰ পৰা খেদি পঠিওৱা বা টেংকুলাইজ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়।উল্লেখযোগ্য যে কিছুদিন পূৰ্বেও দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ ঔদ্যোগিক এলেকা ভিতৰতো দুটাকৈ প্ৰকাণ্ড নাহৰফুটুকী বিচৰণ কৰা চি চি টি ভি কেমেৰাত আৱদ্ধ হৈছিল। ইয়াৰ পিছত বন বিভাগে ঔদ্যোগিক এলেকাত স্থাপন কৰা পিঞ্জৰাত এটা নাহৰফুটুকী বন্দী হৈছিল। ঔদ্যোগিক এলেকা আৰু অইল আৱাসিক এলেকাৰ কাষতে থকা চাহ বাগিছাৰ পৰা এইদৰে নাহৰফুটুকীৰ প্ৰৱেশ ঘটা বুলি বন বিভাগে সন্দেহ প্ৰকাশ কৰিছে। আনহাতে এই পৰ্যন্ত নাহৰফুটুকীটোৱে উক্ত স্থান পৰিত্যাগ নকৰাত স্হানীয় লোকৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰি আছে ।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like