নলবাৰীৰ চামতীয়াপাৰাত পুথিভঁৰাল উদ্বোধন
নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ নলবাৰী জিলাৰ আখৰাৰ সমিপৰ চামতীয়াপাৰাত এটি পুথিভঁৰালৰ আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আখৰা-সুৰাদী মিলন প্ৰাথমিক শাখাৰ উদ্যোগত প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাংগনত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত নামঘৰ চৌহদত স্থাপন কৰা পুথিভঁৰালটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে কেন্দ্ৰীয় ৰেচম বিভাগৰ অৱসৰী নিৰ্দেশক প্ৰমোদ বৰ্মন৷জনকল্যাণ হাইস্কুল আখৰাৰ প্ৰধান শিক্ষক অনন্ত কুমাৰ বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত পুথিভঁৰাল উদ্বোধনী অনুষ্ঠানত পুথিভঁৰাল উদ্বোধক প্ৰমোদ বৰ্মনে নিজৰ ভাষণ আগবঢ়াই কয় যে “পুথি অধ্যয়নত বয়সৰ কোনো সীমা নাথাকে৷ আজিকালি মানুহৰ মুখত পুথিভঁৰালৰ বিষয়ে কোৱা শুনা নাযায়৷এটা সময়ত পুথিভঁৰাল সমাজ জীৱনৰ অৱিশেদ্য অংগ আছিল৷যাক নেকি শিক্ষাৰ ভঁৰাল বা সমাজৰ বাটকটিয়া বুলি সকলোৱে আকোৱালি লৈছিল৷বৰ্তমান সময়ত সমগ্ৰ বিশ্বজুৰি কিতাপ পঢ়াৰ প্ৰতি মানুহৰ ধাউতি কমিছে৷ বৰ্তমান ছাত্ৰ-ছাত্ৰীকে ধৰি সকলোৱে এতিয়া নজনা কথা জানিবলৈ কিতাপ পঢ়াতকৈ ইন্টাৰনেটৰ গুগলৰ দৰে ৱেবছাইটৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিছে৷গতিকে ছাত্ৰ-ছাত্ৰী আৰু আজিৰ নৱপ্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰাটো আজিৰ সমাজত অতি প্ৰয়োজনীয় হৈ পৰিছে৷শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আখৰা-সুৰাদী মিলন প্ৰাথমিক শাখাই লোৱা এই পদক্ষেপ সচাকে প্ৰশংক্ষণীয় আৰু আদৰণীয়৷শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰমা আঞ্চলিক শাখাৰ সম্পাদক তথা চামতীয়াপাৰা নিৱাসী যোগেন চন্দ্ৰ দাসে আঁতধৰা অনুষ্ঠানটোত অৱসৰী শিক্ষক ৰবীন্দ্ৰ বৰ্মন,সমাজকৰ্মী জয়দেৱ বৰ্মনৰ লগতে অঞ্চলটোৰ কেবাগৰাকীওঁ বিশিষ্ট ব্যক্তি আৰু অঞ্চলটোৰ স্থানীয় ৰাইজ উপস্থিত থাকে৷ অনুষ্ঠানত যোগেন চন্দ্ৰ দাসে পুথিভঁৰাল প্ৰতিষ্ঠাৰ উদ্দেশ্য ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিশদভাৱে দাঙি ধৰি সকলোকে পুথিভঁৰালটোৰ বাবে গ্ৰন্থ আগবঢ়াবলৈও আহ্বান জনায়৷আনফালে পুথিভঁৰালটো শুভ উদ্বোধন হোৱাৰ পাছতে বহুজনে পুথিভঁৰালৰ বাবে গ্ৰন্থ আগবঢ়ায়৷
প্ৰেৰক শৈলেন বৰ্মন