নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপুখুৰী মধ্য ইংৰাজী বিদ্যালয়ত পুথিভঁৰাল উন্মোচন

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী : ছাত্ৰ-ছাত্ৰীসকলক গুণগত শিক্ষা প্ৰদানৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি অহা শিক্ষা বিভাগৰ দ্বাৰা ওদালগুৰিত পুথিভঁৰাল নিৰ্মাণ কৰা হয় । ওদালগুৰি জিলাৰ খৈৰাবাৰী শিক্ষাখণ্ডৰ অন্তর্গত উত্তৰ বৰপুখুৰী মধ্য ইংৰাজী বিদালয়ত কালি প্রথমটো পুথিভঁৰালৰ শুভ উন্মোচন কৰে । উল্লেখযোগ্য যে কবিৰ আলী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক কৃষ্ণামণি মোছাহাৰী আৰু উত্তৰ বৰপুখুৰীৰ শিক্ষকসকলৰ প্রচেষ্টাত অতি সুন্দৰভাৱে গঢ় লৈ উঠা পুথিভঁৰালটিৰ শুভ উন্মোচন কৰে ভেৰগাঁৱৰ ডি আই এছ ভূমিধৰ বড়োৱে । অতি পিছপৰা উত্তৰ বৰপুখুৰী অঞ্চলৰ শিক্ষাৰ প্ৰাণকেন্দ্র হৈছে প্রার্থমিক উচ্চ মাধ্যমিক আৰু মধ্য ইংৰাজী বিদ্যালয়খন৷ এই বিদ্যালয়খনৰ ছাত্র-ছাত্রীসকলে উক্ত পুথিভঁৰালৰ পুথিৰ জ্ঞানৰ জৰিয়তে মানৱ সম্পদ গঢ়িব পাৰিব বুলি আশা প্রকাশ কৰে সভাত উপস্থিত থকা খৈৰাবাৰী শিক্ষাখণ্ডৰ শিক্ষা বিষয়া বোহৗথি বড়োৱে । একেখন সভাতে ওদালগুৰি জিলাৰ F.L.N কনচাল্টটেণ্ট ড° সুভাষ ৰাভাই পুথিভঁৰালৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ভাষণত কোৱাৰ লগতে শিশুসকলৰ লগত একেলগে গীত পৰিৱেশন কৰে ৷ তদুপৰি ড° সুভাষ ৰাভাৰ দিহা আৰু পৰামৰ্শৰ শলাগ লয় কৃষ্ণামণি মোছাহাৰীয়ে৷ উক্ত পুথিভঁৰাল উন্মোচনী মুকলি সভাত খৈৰাবাৰী শিক্ষাখণ্ডৰ বিদ্যালয় পৰিদৰ্শক ড° সোণামাইনাও বড়ো ,অৱসৰপ্ৰাপ্ত কেইবাগৰাকীও শিক্ষক আৰু কেইবাটাও মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক উপস্থিত থকাৰ উপৰি কিতাপৰ টোপোলা আগবঢ়ায়৷ গাম্ভীৰ্যপূৰ্ণ উন্মাচনী সভাখন পৰিচালনা কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি যজ্ঞৰাম বড়াই।

প্ৰেৰক পিংকু কলিতা

You might also like