নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰাম মন্দিৰ উদ্বোধনৰ চাৰি দিন মুছলমান সম্প্ৰদায়ে ৰে’ল-বাছ-বিমানত যাত্ৰা নকৰিব’

🔹 দক্ষিণ বৰপেটাৰ কদমতোলাত আজমলৰ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী : দক্ষিণ বৰপেটাৰ কদমতোলাত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা এ আই ইউ ডি এফৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে কালি উপস্থিত হৈ মাদ্ৰাছা গৃহৰ আধাৰশিলা স্থাপন কৰে । আধাৰশিলা স্থাপনৰ পাছতেই এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত তেওঁ বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে বিজেপি মুছলমানৰ সবাতোকৈ ডাঙৰ শত্ৰু-আজানৰ শত্ৰু, মছজিদৰ শত্ৰু, মাদ্ৰাছাৰ শত্ৰু, মুছলমানৰ মা-ভনীৰ পৰ্দাৰ শত্ৰু, ইছলামিক আইনৰ শত্ৰু । ইপিনে, ২০ৰ পৰা ২৫ জানুৱাৰীলৈকে অৰ্থাৎ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ সময়ত বাছ-ৰে’লযাত্ৰা, বিমান যাত্ৰা নকৰিবলৈ প্ৰতিজন মুছলমানক আহ্বান জনাই আজমলে কয়- ৰাম মন্দিৰ উদ্বোধনীৰ দিনা প্ৰতিজন মুছলমানে নিজৰ নিজৰ ঘৰত শান্তিৰে থকাৰ লগতে ঘৰৰ পৰা নোলোৱাৰ বিপৰীতে নিজৰ ঘৰত সুৰক্ষিত থাকি নামাজ পঢ়িবলৈ সকলো মুছলমানক ৰাজহুৱাভাৱে আহ্বান জনায় ৷ তেওঁ আৰু কয়- কংগ্ৰেছেতো চৰৰ মিঞা মুছলমানক মাটিৰ পট্টা নিদিলেই, বিজেপিয়েও মাটিৰ পট্টা নিদিলে, গতিকে বিজেপিয়ে দেশৰ পৰা মুছলমানক উচ্ছেদ কৰিবলৈ নতুন পৰিকল্পনা কৰি আছে ৷ সাম্প্ৰতিক সময়ত মুছলমানৰ আটাইতকৈ ডাঙৰ শত্ৰু বিজেপি ৷ গতিকে এই বিজেপিৰ পৰা মুছলমানে সদায় সতৰ্ক হৈ থাকিব লাগিব, বিজেপি চৰকাৰৰ অপশাসনৰ পৰা পৰিত্ৰাণ বিচাৰি সকলো মুছলমানে প্ৰতিদিনাই নামাজ পঢ়ি দোৱা কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে ৷ ইপিনে, আজমলৰ ৰাজহুৱা এনে কেতবোৰ বিস্ফোৰক মন্তব্যই শেহতীয়াকৈ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ লগতে সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like