নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰত তিনি বছৰে অসম্পূৰ্ণ ২৭ লাখটকীয়া পুথিভঁৰাল

🔹 অনুসূচিত আদর্শ গাঁৱৰ আঁচনিত ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ
নিয়মীয়া বাৰ্তা, ১৭ জুলাই : এক বৃহৎ অনিয়মৰ তথ্য পোহৰলৈ অহাত সম্প্ৰতি সৰৱ হৈ উঠিছে অসম অনুসূচিত জাতি পৰিষদ তিতাবৰ জিলা সমিতি। ২৭ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিব লগা এটা পুথিভঁৰাল তিনি বছৰে অৰ্ধনিৰ্মিত হৈ পৰি থকাত বিভাগ আৰু ঠিকাদাৰে অনিয়ম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি এক প্ৰেছ বিবৃতিত পৰিষদৰ সভাপতি অৰবিন্দ হাজৰিকা আৰু সম্পাদক দিব্যৰঞ্জন দাসে উল্লেখ কৰিছে যে তিতাবৰ নামচুঙী গাঁও পঞ্চায়তৰ অন্তৰ্গত অনুসূচিত জাতি বসতিপ্ৰধান বালিপৰীয়া গাঁও আৰু চুঙী কৈৱৰ্ত গাঁৱলৈ আদৰ্শ গাঁৱৰ নামত ৯৪ লাখ আবন্টন হৈছিল। দুয়োখন গাঁৱতে দুটা পথ, ষ্ট্ৰীট লাইট, দুখন খেলপথাৰৰ উন্নীতকৰণ আৰু ২৭ লাখটকীয়া দুটা পুথিভঁৰাল-শৰীৰচৰ্চা কেন্দ্ৰ নিৰ্মাণৰ বাবে ধন মোকলাই দিয়া হৈছিল। তিতাবৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ পৰা পৰিচালিত উক্ত আঁচনিসমূহৰ ক্ষেত্ৰত দুয়োখন গাঁৱতে দুটা মুঠ ৫০০মিটাৰ ৰাস্তা, ৪০টা ষ্ট্ৰীট লাইটৰ বাহিৰে খেলপথাৰৰ বাবে অহা ধন ক’লৈ গ’ল সেই বিষয়টো আজিও ৰাইজৰ বাবে ৰহস্য হৈ আছে। তদুপৰি ২৭ লাখকৈ ব্যয় কৰি জিম-পুথিভঁৰাল অৰ্ধনিৰ্মিত হৈ পৰি আছে। বালিপৰীয়া গাঁৱৰ পুথিভঁৰালৰ কাম নীতিবহিৰ্ভূতভাৱে কাৰোবাৰ হেঁচাত ৰাজনৈতিক নেতাক কৰিবলৈ এৰি দি কামসমূহ আধৰুৱা কৰি সকলো এতিয়া ঘোৰ নিদ্ৰাত। ঠিক তেনেদৰে চুঙী কৈৱৰ্ত গাঁৱৰ জিম-পুথিভঁৰালৰ কাম বৰ্তমানলৈকে লেইন তাঁৰতে সীমাবদ্ধ হৈ আছে। অনুসূচিত জাতিৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক, মানসিক বিকাশৰ বাবে প্ৰধানমন্ত্ৰী আদৰ্শ গাঁৱৰ আঁচনিক লৈ এনেদৰে হেতালি খেলা কোনোপক্ষকে এৰি দিয়া নহ’ব, প্ৰয়োজনত সমূহ ৰাইজক লগত লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব। এই দুয়োখন গাঁৱলৈ অহা ৯৪ লাখ টকাক লৈ বহু ৰাজনীতি চলি গ’ল আৰু বৰ্তমানো চলি আছে, যাৰ বাবে গাঁও দুখনৰ অনুসূচিত ৰাইজ উপকৃত নহ’ল। এই কামৰ লগত জড়িত সকলো পক্ষকে শেষবাৰৰ বাবে সাৱধান কৰি দিছে তিতাবৰ জিলা অনুসূচিত জাতি পৰিষদে। সংবিধানপ্ৰদত্ত অধিকাৰৰ পৰা বঞ্চিত কৰি অনুসূচিত জাতিৰ বাবে অহা আঁচনিৰ নামত ‘বান্দৰ-মেকুৰীৰ পিঠা ভগোৱা নাটক’ কৰা সকলো পক্ষই তৎকালেই ইয়াৰ পৰিণাম ভুগিবলৈ সাজু থাকক বুলি হুংকাৰ দিছে সভাপতি তথা প্ৰাক্তন আছু নেতা অৰবিন্দ হাজৰিকা আৰু ভাৰপ্ৰাপ্ত সম্পাদক দিব্যৰঞ্জন দাসে।
প্ৰেৰক ইউচুফ আলী
You might also like