নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজৱ! এইবাৰ গেলামালৰ দোকানত নাৰীদেহৰ বেহা

নিয়মীয়া বাৰ্তা ২৬ এপ্ৰিলঃ নিজৰ দোকানঘৰৰ ভিতৰতেই দীর্ঘদিন ধৰি অনৈতিক কার্য–কলাপ চলাই থকাৰ অভিযোগত যোৱা শুকুৰবাৰে হোজাইৰ গোবিন্দ পল্লীৰ প্রয়াত দেৱাশিস দে’ৰ পুত্র সঞ্জয় দে’ নামৰ ব্যৱসায়ীজনৰ লগতে হোজাইৰ পুৰণা বজাৰৰ আনোৱাৰ খানৰ পুত্র চাবিল খানক স্থানীয় ব্যৱসায়ী আৰু ৰাইজে কৰায়ত্ত কৰি উত্তম–মধ্যম দি আৰক্ষীক গতাই দিছে৷ অভিযোগ মতে, পুৰণা বজাৰৰ এখন দুমহলীয়া গেলামালৰ দোকানৰ ওপৰমহলাত প্রায়েই বাহিৰৰ পৰা যুৱতী আনি অনৈতিক কার্যকলাপ চলাই আছিল ব্যৱসায়ী সঞ্জয় দে’ই৷

শুকুৰবাৰে দুপৰীয়া এইখন গেলামাল দোকানৰ ওপৰ মহলাত এহাল যুৱক–যুৱতী অনৈতিক কার্যত লিপ্ত হৈ থকাৰ খবৰ লাভ কৰে অন্যান্য ব্যৱসায়ী আৰু স্থানীয় লোকে, আৰু হাতে–লোটে ধৰা পেলায় যুৱক–যুৱতীহালক৷ অৱশ্যে ঘটনাস্থলীৰ পৰা একাংশই যুৱতীগৰাকীক আঁতৰাই লৈ যায় যদিও গেলামাল দোকানৰ স্বত্বাধিকাৰীৰ লগতে অভিযুক্ত চাবিলক উত্তম–মাধ্যম দি আৰক্ষীক গতাই দিয়ে৷

ইফালে, আৰক্ষীয়ে সম্পূর্ণ তথ্য অনুসন্ধান কৰাৰ লগতে অভিযুক্ত যুৱতীগৰাকীৰ পৰিয়ালৰ ভাষ্য মতে সেইদিনা যুৱতীগৰাকীয়ে পূর্বৰ চিনাকি সূত্রে সঞ্জয়ৰ দোকানত চাবিলৰ লগত কথা পাতিছিল আৰু তথ্য মতে সেইদিনাই দোকানখন আৰম্ভ কৰা হৈছিল৷ যুৱতীপক্ষৰ ভাষ্য আৰু কোনো এজাহাৰ দাখিল নকৰাত ৰাইজে উত্তম–মধ্যম দি গতাই দিয়া দুই যুৱকক আৰক্ষীয়ে কালি নিজৰ জিম্মাৰ পৰা ঘৰলৈ যাবলৈ দিয়ে বুলি হোজাই থানাৰ ভাৰপ্রাপ্ত বিষয়া গৌতম কুমাৰে জানিবলৈ দিয়ে৷

You might also like