নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিকাবালিৰ ঐতিহাসিক মালিনী থানত ড০ শর্মাৰ পূজা–অর্চনা

ৰাজ্যবাসীৰ মংগলৰ বাবে ল’লে আশীর্বাদ

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ প্রাগ্–ঐতিহাসিক মালিনী থানত পূজা–র্চনা সেৱা আগবঢ়ালে ‘নেডা’ৰ আহ্বায়ক তথা প্রভাৱশালী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ অসম–ৰুণাচল সীমান্তৰ নামনি চিয়াং জিলাৰ সদৰ লিকাবালি পাহাৰত অৱস্থিত মালিনী মন্দিৰ হিন্দু ধর্মাৱলম্বীসকলৰ কাৰণে এক পৱিত্র তীর্থস্থান৷ কামাখ্যা মন্দিৰৰ পিছতে মালিনী থান পৰিদর্শন কৰিবলৈ দেশ–বিদেশৰ অগণন ভক্ত আৰু পর্যটকে ভিৰ কৰে৷ বগীবিল দলং মুকলি হোৱাৰ পিছত মালিনী থান পৰিদর্শন কৰিব অহা দর্শনার্থী–পর্যটক সংখ্যা বৃদ্ধি হোৱাৰ প্রতি লক্ষ্য ৰাখি অসম আৰু অৰুণাচল প্রদেশ চৰকাৰে যুটীয়াভাৱে পর্যটন কেন্দ্রলৈ ৰূপান্তৰিত কৰাৰ কাম হাতত লৈছে৷

বুধবাৰে দুপৰীয়া ১২ বজাত লিকাবালিৰ ২২নং অসম আৰক্ষীৰ মুখ্য কার্যালয় চৌহদত ড০ হিমন্ত বিশ্ব শর্মাৰ হেলিকপ্টাৰখন অৱতৰণ কৰে৷ লগত বিজেপিৰ কেন্দ্রীয় সমিতিৰ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াৰ সৈতে পোনে পোনে মালিনী থানলৈ ৰাওনা হয়৷ তেওঁ মালিনী থানত প্রায় ৩০ মিনিট পূজা–র্চনা কৰি সেৱা আগবঢ়ায়৷ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগত লখিমপুৰৰ সাংসদ প্রদান বৰুৱা, বিধায়কদ্বয় ডাঃ ৰণোজ পেগু, ভুবন পেগু, বলীন চেতিয়া, বিহপুৰীয়াৰ বিজেপি প্রার্থী অমিয় ভূঞা, ডুমডুমাৰ প্রার্থী ৰূপেশ গোৱালা, মিচিং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ যোগেশ্বৰ কুটুম, চিলাসুঁতি সমষ্টিৰ জি এম কনক দলে, মুক্তিয়াৰ সমষ্টিৰ জি এম প্রতাপ টায়ে, টি এম পি কেৰ কেন্দ্রীয় সাধাৰণ সম্পাদক তিলক দলে আদি কৰি বিজেপি মিত্রজোঁটৰ বহু কর্মীয়ে মন্ত্রীগৰাকীৰ সৈতে সাংসদ প্রদান বৰুৱাৰ পিতৃৰ বার্ষিক তিথিত অংশগ্রহণ কৰে৷ সাংসদ দিলীপ শইকীয়াই সাংবাদিকে কৰা প্রশ্ণৰ উত্তৰত কয় যে ৰাজ্যবাসীৰ মংগলৰ কাৰণে আশীর্বাদ ল’ব আহিছেছা৷ মালিনী থানখনক আধ্যাত্মিক কেন্দ্র হিচাপে প্রতিষ্ঠা কৰিবলৈ চৰকাৰে পর্যটন কেন্দ্রলৈ ৰূপান্তৰিত কৰিব বুলি তেওঁ সদৰী কৰে৷

You might also like