নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেলকনীত উলংগ হৈ ফটোশ্বুটঃ গ্রেপ্তাৰ ১২গৰাকী মহিলা

ৰুছ ফটোগ্রাফাৰৰ বিৰুদ্ধেও কঠোৰ ইউএই প্রশাসন

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ সংযুক্ত আৰব আমিৰশ্বাহী (ইউএই)ৰ পর্যটন নগৰী ডুবাইৰ মেৰিনা অঞ্চলৰ বেলকনীত উলংগ হৈ ফটোশ্বুটত অংশ লোৱা ১৩গৰাকী বিদেশী লোকক দেশখনৰ পৰা বিতাড়ন কৰিছে প্রশাসনে৷ এই ১৩গৰাকী লোকৰ ভিতৰত আছে ১২গৰাকী ইউক্রেইনী মহিলা আৰু এজন ৰাছিয়ান লোক৷

ছ’চিয়েল মিডিয়াত উলংগ হৈ প্রস্তুত কৰা এক ভিডিঅ’ পোষ্ট কৰাৰ পিছতে আটাইকেইগৰাকী লোকক ডুবাই আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ ৰাজহুৱা স্থানত ভ্রষ্ট চৰিত্রৰ এই আচৰণৰ বাবে আটাইকেইজনক গ্রেপ্তাৰ কৰি আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব বুলি ঘোষণা কৰিছিল৷ উল্লেখনীয় যে ৰাজহুৱা স্থানত উলংগ হৈ অশ্লীল নৃত্য প্রদর্শন কৰা লোকক ইউ এ ইত ছমাহ পর্যন্ত কাৰাদণ্ড আৰু দেশখনৰ মুদ্রা ৫০০০ ডিৰহাম পর্যন্ত জৰিমনা বিহা হয়৷

উল্লেখনীয় যে জনপ্রিয় পর্যটন ক্ষেত্র হ’লেও ডুবাইৰ প্রশাসনে কঠোৰ আইন প্রয়োগ কৰি আহিছে৷ পর্যটকসকলৰ ক্ষেত্রতো এনে আইন সম্পূর্ণৰূপে প্রযোজ্য৷ উল্লেখনীয় যে উলংগ হোৱা ১২গৰাকী মহিলাৰ উপৰি ৰুছ ফটোগ্রাফাৰজনক ডুবাইত গ্রেপ্তাৰ কৰাৰ পিছতে বিষয়টোক লৈ বিশ্বৰ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷

ইউক্রেইনৰ বিদেশ মন্ত্রালয়ে সদৰী কৰা অনুসৰি ডুবাইস্থিত কনছুলেট কার্যালয়ৰ তৰফৰ পৰা এই ১২গৰাকী মহিলাক তাৎক্ষণিকভাৱে গৃহভূমিলৈ প্রেৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ স্মর্তব্য যে ২০১৭ চনত এগৰাকী ব্রিটিছ মহিলাক বিবাহবহির্ভূত শাৰীৰিক সম্পর্কৰ বাবে ডুবাইত এবছৰ কাৰাদণ্ড বিহা হৈছিল৷

You might also like