পুনৰ প্রাণ পালে লীলাবাৰী বিমানবন্দৰে; আজিৰ পৰা নিয়মীয়াকৈ চলিব ৭২ আসনযুক্ত এলায়েন্স এয়াৰৰ বিমান
নিয়মীয়া বার্তা, ১ জুনঃ লকডাউন আৰু সামগ্রিক বিমান সেৱা বন্ধ কৰি ৰখাৰ ফলত যোৱা দুটা মাহে নিজম পৰি থকা লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰে দেওবাৰে প্রাণ পাই উঠে৷
দেওবাৰে পুৱা বেলা গুৱাহাটী হৈ কলকাতাৰ পৰা পাঁচজন যাত্রীক লৈ বিমানবন্দৰটোত অৱতৰণ কৰে এলায়েন্স এয়াৰৰ এখন বিশেষ বিমানে৷ যোৱা ২৫ মার্চৰ পৰা নিজম পৰি থকা বিমানবন্দৰটোলৈ যোৱা ২৫ মে’ৰ পৰা কলকাতাৰ পৰা নিয়মীয়া বিমান সেৱা আৰম্ভ হোৱাৰ কথা আছিল যদিও ৰে’ড জ’ন হোৱা আৰু উম্পুনৰ প্রভাৱত কলকাতা বিপদসংকুল হৈ পৰাত শেষ মুহূর্তত বিমান সেৱা বাতিল কৰা হয়৷
ইপিনে আজিৰে পৰা নিয়মীয়াকৈ এই সেৱা আৰম্ভ হোৱাৰ কথা আছিল যদিও দেওবাৰে পৰীক্ষামূলকভাৱে এখন বিশেষ বিমানৰ চলাচল কৰোৱা হয়৷ কলকাতাৰ পৰা গুৱাহাটী হৈ এলায়েন্স এয়াৰৰ ৭২ খন আসনযুক্ত বিমানখনে পাঁচজন যাত্রীক কঢ়িয়াই আনি লখিমপুৰত অৱতৰণ কৰি এঘণ্টামানৰ পিছত পুনৰায় গুৱাহাটী হৈ দিল্লীলৈ যায়৷ ওভতনি যাত্রাত বিমানখনে লখিমপুৰৰ পৰা মাত্র এজনহে যাত্রী পাবলৈ সক্ষম হয়৷
উল্লেখ্য যে লীলাবাৰী বিমানবন্দৰত বিমানখনে অৱতৰণ কৰাৰ পিছতে জিলাৰ আৰক্ষী আৰু স্বাস্থ্য বিভাগে যাত্রী ৫ জনৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত কোৱাৰেণ্টাইনলৈ লৈ যায়৷ আজিৰ পৰা নিয়মীয়াকৈ চলিবলগীয়া আন এখন ৭২ আসনযুক্ত এলায়েন্স এয়াৰৰ বিমানে কলকাতা আৰু লীলাবাৰীৰ মাজতহে পোনপটীয়াকৈ চলিব৷ নিয়মীয়া বিমানখনে গুৱাহাটীক এৰাই চলিব৷ এই বিষয়টো লৈ ৰাইজৰ মাজত পূর্বে অসন্তুষ্টিয়ে দেখা দিছিল যদিও বন্ধৰ পিছতো এতিয়া পূর্বৰ সিদ্ধান্তকে বাহাল ৰখা হ’ল৷