নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ বোমা বিস্ফোৰণ সন্দৰ্ভত আৰক্ষীৰ জালত আলফাৰ লিংকমেন

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ বিগত ৯ ডিচেম্বৰৰ নিশা শিৱসাগৰ চহৰৰ সমীপৰ জয়সাগৰস্থিত চি আৰ পি এফৰ শিবিৰৰ সমীপত সংঘটিত সন্দেহজনক বোমা বিস্ফোৰণৰ ঘটনাৰ সম্পৰ্কত শিৱসাগৰ আৰক্ষীয়ে চাৰিজনকৈ সন্দেহজনক আলফা স্বাধীনৰ লিংকমেনক আটক কৰাৰ বাতৰিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আলফা স্বাধীনৰ তৰফৰ পৰা সেই দিনা বোমা বিস্ফোৰণ সংঘটিত কৰা বুলি দাবী কৰাৰ বিপৰীতে এটা সপ্তাহ উকলি যোৱাৰ পিছতো আৰক্ষী-চি আৰ পি এফে বিস্ফোৰণস্থলী চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাছিল ৷ আন নালাগে আৰক্ষী-চি আৰ পি এফে কোনো বিস্ফোৰণ সংঘটিত হোৱা নাই বুলি স্পষ্ট কৰি দিয়াৰ পিছতো হঠাত এই ঘটনাৰ সম্পৰ্কত চাৰিজনকৈ সন্দেহজনক যুৱকক আটক কৰাৰ বাতৰিক লৈয়েই সৃষ্টি হৈছে এই চাঞ্চল্যৰ ৷ জিলাখনৰ ভিন্ন ভিন্ন স্থানৰ পৰা সোধা-পোচাৰ বাবে আটক কৰি আনি পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা সন্দেহজনক আলফা স্বাধীনৰ লিংকমেনকেইজন হৈছে মৰাণহাট থানাৰ অন্তৰ্গত মদুমণিৰ ৰাহুল মহন (২৪), নেমুগুৰি থানাৰ অন্তৰ্গত ৰিংকু নাথ (২৫), ডিমৌ থানাৰ অন্তৰ্গত বৰুৱা চাংমাই গাঁও নিৱাসী দিব্যজোতি চেতিয়া (২৬) আৰু একেটা অঞ্চলৰে নিৱাসী মিন্টু চেতিয়া (২৯) বুলি জানিব পৰা গৈছে৷ আটকাধীন আটাইকেইগৰাকী সন্দেহজনক আলফা স্বাধীনৰ লিংকমেনক দীৰ্ঘ সময় সোধা-পোচাৰ অন্তত গোচৰ নং ৮৫/ ২০২৩ ৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি ১২০( বি) আৰ/ডব্লিউ চেকচন ১০/ ১৩ অফ ই এ পিৰ অধীনত গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাত আদালতে জেললৈ প্ৰেৰণ কৰে ৷ সংবাদ মাধ্যমৰ পৰা অতি সংগোপনে ৰখা আলফা স্বাধীনৰ লিংকমেন গ্ৰেপ্তাৰৰ সংবাদ বহু পলমকৈহে ৰাজহুৱা হোৱাৰ লগতে অদ্য পৰিমিত শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা কোনো স্পষ্ট তথ্য অথবা ফটো ৰাজহুৱা কৰা নাই ৷ ইফালে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা সন্দেহজনক লিংকমেনকেইজনক পুৰ্বতে সদৰ থানাত আলফা সম্পৰ্কীয় এক গোচৰৰ ভিত্তিতহে গ্ৰেপ্তাৰ কৰা দেখুওৱা হৈছে যদিও বিভিন্ন সুত্ৰই শেহতীয়াকৈ সংঘটিত জয়সাগৰ বিস্ফোৰণ সম্পৰ্কতহে উক্ত যুৱককেইজনক গ্ৰেপ্তাৰ কৰিছে বুলি জানিবলৈ দিছে৷ অৱশ্যে আলফা স্বাধীনৰ তৰফৰ পৰা চি আৰ পি এফৰ শিবিৰত আক্ৰমণ চলোৱা বুলি দাবী কৰিছিল যদিও বৰ্তমানলৈকে বিস্ফোৰণস্থলী চিনাক্ত নোহোৱাৰ বাবে এই সম্পৰ্কত বৰ্তমানলৈকে কোনো গোচৰেই আৰক্ষীয়ে পঞ্জীয়ন কৰা নাই বুলি জানিব পৰা গৈছে ৷ উল্লেখ কৰা প্ৰয়োজন যে আলফা স্বাধীনৰ শেহতীয়া গতি বিধি তথা বিভিন্ন মাধ্যমেৰে যোগাযোগ ৰখাৰ অভিযোগত শিৱসাগৰ আৰক্ষীয়ে অতি সতৰ্কতাৰে দুজনকৈ কিশোৰক আটক কৰি সোধা-পোচা চলাইছিল৷ জানিব পৰা মতে দুয়োগৰাকী কিশোৰকে কাউঞ্চেলিঙৰ জৰিয়তে সংশোধনীৰ ব্যৱস্থাৰে পৰিয়ালৰ জিম্মাত গতাই দিয়াৰ বাতৰি আহিছে ৷ আনহাতেদি বিগত কেইটামান দিনৰ ভিতৰত অৰ্থাত ২২ নৱেম্বৰত ডিৰাক কপাহথলী ১৯নং ডোগ্ৰা ৰেজিমেন্টৰ সেনা শিবিৰত আক্ৰমণ, ৯ ডিচেম্বৰত জয়সাগৰ বিস্ফোৰণ আৰু তাৰ চাৰিটা দিনৰ অন্তত লিচুবাৰীস্থিত সেনা শিবিৰত আক্ৰমণৰ পৰৱৰ্তী সময়ত আতংকৰ পৰিৱেশৰ বিৰাজ কৰি থকাৰ সময়তেই শেহতীয়াকৈ আলফা স্বাধীন বনাম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ বিৰ্বৃতি যুদ্ধই সমগ্ৰ উজনিৰ পৰিৱেশ অধিক গোমা কৰি তুলিছে ৷ বিগত ৭২ ঘন্টা ধৰি শিৱসাগৰ আৰক্ষীৰ যুদ্ধংদেহী স্থিতি, বিভিন্ন স্থানত আকস্মিক তালাচী অভিযানৰ মাজতেই শিৱসাগৰ জিলাস্থিত ১৪৯ চি আৰ পি এফৰ শিবিৰৰ মুখ্য কাৰ্য্যালয়ৰ লগতে আটাই কেইটা শিবিৰৰ সন্মুখত বেৰিকেড স্থাপনেৰে কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে৷ সম্ভাব্য আলফা স্বাধীন বনাম আৰক্ষী চি আৰ পিৰ মাজত কোনো অনাহূত ঘটনা ঘটাৰ আশংকাত সন্ধিয়াৰ পৰাই শিৱসাগৰৰ গ্ৰাম্য অঞ্চলৰ বাট-পথসমূহ শূণ্য হৈ পৰাৰ লগতে চহৰ অঞ্চলতো পুৰ্বৰ তুলনাত সেৰেঙা পৰিৱেশে বিৰাজ কৰিছে৷ আলফাৰ জন্ম স্থান শিৱসাগৰত দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত হৰ্ঠাত নিষিদ্ধ সংগঠনটোৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ তথা অঘোষিত শক্তি প্ৰদৰ্শনৰ স্থলী হৈ পৰাৰ পিছতেই বছৰটোৰ শেষাৰ্ধৰ আনন্দ-উৎসৱৰ মুহূত্বখিনিত ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ স্মৰ্তব্য যে, আলফা স্বাধীনৰ শেহতীয়া বিস্ফোৰণৰ ঘটনাৰ অনুসন্ধানৰ বাবে দিল্লীৰ পৰা অহা নিয়াৰ এটা দলে যোৰহাটৰ লিচুবাৰী সেনা শিবিৰ আৰু তিনিচুকীয়াৰ সেনা শিবিৰৰ বিস্ফোৰণস্থলী পৰিদৰ্শন কৰিছিল যদিও শিৱসাগৰৰ জয়সাগৰৰ সন্দেহজনক বিস্ফোৰনস্থলী পৰিদৰ্শন নকৰাকৈয়ে ডিব্ৰুগড় বিমানবন্দৰৰ পৰাই দিল্লীলৈ উৰা মৰাৰ বাতৰি পোৱা গৈছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like