নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেলন ডি’অৰ বঁটা অৰ্জন লিঅ’নেল মেছিৰ

বিশেষ বাৰ্তা, ৩১ অক্টোবৰঃ ইতিহাস গঢ়ি অষ্টমবাৰ বেলন ডি’অৰ জয় কৰিলে আর্জেণ্টিনাৰ মহাতাৰকা লিঅ’নেল মেছিয়ে৷ আর্লিং হালাণ্ডক অতিক্রম কৰি ইতিহাস গঢ়িলে তাৰকাগৰাকীয়ে৷ বিশ্বকাপ জয়ৰ পাছত প্রথমবাৰৰ বাবে এই খিতাপ উঠিল মেছিৰ হাতত৷ মঞ্চত উপবিষ্ট হৈ মেছিয়ে এই ট্রফী কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনাক উৎসর্গা কৰে৷ কালি মাৰাডোনাৰ জন্ম দিন আছিল৷ সেইবাবেই যোৱা নিশা প্রদান কৰা এই সন্মান তেওঁ মাৰাডোনাক উছর্গা কৰে৷ বিশ্বকাপত দুর্দান্ত প্রদর্শন দাঙি ধৰাৰ বাবেই মেছিয়ে অন্য খেলুৱৈসকলক অতিক্রম কৰি এই সন্মান আঁজুৰি আনে৷ যোৱা বছৰ বেলন ডি’অৰ জয় কৰিছিল ফ্রান্স আৰু ৰিয়েল মাদ্রিদৰ তাৰকা কৰিম বেঞ্জামাই৷ সেইবাৰ মেছিৰ সন্মুখত তীব্র প্রত্যাহ্বানৰ সৃষ্টি কৰিছিল মানচেষ্টাৰ চিটিৰ হালাণ্ড আৰু ফ্রান্সৰ কিলিয়ান এমবাপেই৷ কিন্তু চূড়ান্ত ভোটিঙত অন্যসকলক পিছ পেলাই বেলন ডি’অৰ জয় কৰে আর্জেণ্টিনাৰ তাৰকাগৰাকীয়ে৷ দ্বিতীয় স্থানত থাকে হালাণ্ড আৰু তিনি নম্বৰ স্থান লাভ কৰে এমবাপেই৷ সোমবাৰে নিশা পেৰিছত এক বর্ণাঢ়্য অনুষ্ঠানত মেছিৰ হাতত তুলি দিয়া হয় এই পুৰস্কাৰ৷ উল্লেখযোগ্য যে কাটাৰ বিশ্বকাপত ৭ গ’ল দিছিল মেছিয়ে৷ তেওঁৰ দূৰন্ত প্রদর্শনৰ বাবেই আর্জেণ্টিনাই লাভ কৰিছিল চেম্পিয়নৰ সন্মান৷ প্রতিযোগিতাখনৰ শ্রেষ্ঠ ফুটবলাৰ নির্বাচিত হৈছিল মেছি৷ ২০০৯ চনত এই খিতাপ প্রথমবাৰৰ বাবে দখল কৰিছিল তেওঁ৷ ২০২৩ চনত অর্জন কৰে অষ্টমটো খিতাপ৷

You might also like