সত্ৰনগৰী বৰপেটাত জীৱন্ত ৰাসলীলা : স্মৰণিকা উন্মোচন মৃণালিনী দেৱীৰ
বাৰ্তা ব্যুৰো, বৰপেটা ২১ নৱেম্বৰ : উজনি অসমৰ পিচত এইবাৰ নামনি অসমত আৰম্ভ হৈছে শ্ৰীশ্ৰী কৃষ্ণৰ জীৱন্ত ৰূপত ৰাসলীলা৷ মৃন্ময় মূৰ্ত্তিৰে নহয়,শৰতৰ নিৰ্মল আকাশৰ তলত এইবাৰ জীৱন্ত ৰূপত উদযাপিত হ’ল শ্ৰীকৃষ্ণৰ এই ৰাসলীলা৷ সত্ৰনগৰী বৰপেটাত পোণ প্ৰথমবাৰৰ বাবে উদযাপিত হোৱা এই জীৱন্ত ৰাসৰ দৃশ্য উপভোগ কৰিবলৈ উবুৰি খায় পৰিল ৰাইজ৷ বৰপেটা সামাজিক,সাংস্কৃতিক অনুষ্ঠান বৰগীত বিদ্যালয়ৰ অনন্য প্ৰয়াসেৰে ছায়াৰাম শিক্ষানুষ্ঠানৰ খেলপথাৰত আয়োজিত শ্ৰীকৃষ্ণৰ এই ৰাসলীলাত নবীন প্ৰবীণ প্ৰায় ডেৰ শতাধিক শিল্পীৰ অভিনয়ে মুগ্ধ কৰিলে হাজাৰ বিজাৰ দৰ্শকক ৷ বিশিষ্ট সত্ৰীয়া নৃত্যগুৰু তথা বৰপেটা বৰগীত বিদ্যালয়ৰ অধ্যক্ষা ৰিঞ্জুমণি শইকীয়া আৰু বৰপেটাৰ বিশিষ্ট সত্ৰীয়া শিল্পী তথা অভিনেতা দীনেশ চন্দ্ৰ দাসে পৰিচালনা কৰা “শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা” নাটখনত ৰাসৰ প্ৰকৃত তাৎপৰ্য নিহিত হৈ থকাৰ লগতে এই অনুষ্ঠানে কাৰ্যত: সত্ৰনগৰী বৰপেটাত শ্ৰীকৃষ্ণৰ ৰাসলীলাক অন্য এক মাত্ৰা প্ৰদান কৰে৷ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড: বাবুল চন্দ্ৰ দাসে বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰা এই ৰাসলীলাৰ মঞ্চ মুকলি কৰে উদযাপন সমিতিৰ সভাপতি গুণীন্দ্ৰ নাথ দাসে৷ ইয়াৰ পিচতে অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে স্মৰণিকা উন্মোচন কৰে৷ স্মৰণিকা উন্মোচন কৰি তেওঁ কয় যে,বৰপেটাত পোন প্ৰথমবাৰৰ বাবে উদযাপন কৰা ৰাসলীলাৰ কাৰুকাৰ্য দেখি মই সচাঁকৈয়ে আনন্দিত হৈছোঁ ৷ আমি ৰাসলীলা উদযাপন কৰিলেই নহব,ৰাস লীলাৰ তাৎপৰ্য, ৰাস লীলাৰ মহত্ব উপলব্ধি কৰিব পাৰিব লাগিব৷ আত্মা পৰমাত্মাৰ মিলনেই হৈছে ৰাসলীলা৷ ৰাসলীলাৰ জৰিয়তে ভগৱানৰ তত্বগধুৰ কথাবোৰ আমি হৃদয়ংগম কৰিব লাগিব৷ তেতিয়াহে ৰাসলীলা উদযাপন কৰাৰ সাৰ্থকতা থাকিব ৷ তেওঁ কয় যে,ৰাস মানে ৰস৷ এই ৰসেই হল ভগৱান শ্ৰীকৃষ্ণৰ মোহনবাহীৰ অমৃত ৷ সেয়া আমি হৃদয়েৰে গ্ৰহণ কৰিব লাগিব ৷ প্ৰথমবাৰতে যি ধৰণে শ্ৰীকৃষ্ণৰ আয়োজন কৰা হৈছে,মই আশাবাদী যে,আগন্তুক দিনত বৰপেটাৰ এই ৰাস উৎসৱ অধিক প্ৰসাৰিত হব ৷ শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ডা:কমল কৃষ্ণ দাসে আদৰণি ভাষণেৰে আৰম্ভ কৰা উদ্বোধনী অনুষ্ঠানটো পৰিচালনা কৰে বৰপেটা বৰগীত পৰিচালনা সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ কলিতা আৰু ৰাস উদযাপন সমিতিৰ সম্পাদক কল্যাণজ্যোতি দাসে৷ এই অনুষ্ঠানত সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰী বাপজনা, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, প্ৰাক্তন বিধায়ক ডাঃ তাৰা প্ৰসাদ দাস, বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাস, বৰপেটা পৌৰ সভাৰ পৌৰপতি ছবিলাল দাস উপস্থিত থাকে। উল্লেখ্য যে সত্ৰনগৰী বৰপেটাত পোন প্ৰথমবাৰৰ অনুষ্ঠিত শ্ৰীকৃষ্ণৰ জীৱন্ত ৰূপৰ ৰাসলীলাই উপস্থিত ৰাইজক আপ্লুত কৰে ৷
প্ৰেৰক নৱজিত বায়ন