মৰাণৰ লিজামণিৰ শিৰত ঐতিহ্যমণ্ডিত লতাশিলৰ বিহু সন্মিলনীৰ বিহু সম্রাজ্ঞীৰ খিতাপ
দুলীয়াজানৰ দীক্ষা গগৈৰ বিহু কুঁৱৰী, ধেমাজিৰ প্রীতিৰাণী বৰগোহাঁইৰ বিহুৰাণীৰ খিতাপ দখল
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ এপ্ৰিলঃ অৱশেষত মৰাণৰ লিজামণি শেনছোৱাই দখল কৰিলে চলিত বর্ষৰ ঐতিহ্যমণ্ডিত লতাশিলৰ বিহু সন্মিলনীৰ বিহু সম্রাজ্ঞীনৰ সন্মানীয় খিতাপ৷ কালি নিশা লতাশিলৰ বিহু বাকৰিত আয়োজিত প্রতিযোগিতাখনত মুঠ ৯ গৰাকী প্রতিযোগীৰ মাজৰ পৰা বিচাৰকে মৰাণৰ লিজামণি শেনছোৱাক বিজয়ীৰূপে ঘোষণা কৰে৷ দীর্ঘদিনীয়া সপোন পূৰণৰ অন্তত উৎফুল্লিত হৈ পৰা লিজামণি শেনছোৱাই খিতাপ দখল কৰাৰ পাছতে সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত কয় যে লতাশিলৰ বিহু সম্রাজ্ঞীৰ খিতাপ প্রতিগৰাকী নাচনিৰ এটা সপোন৷ ২০১৮ আৰু ২০১৯ চনতো বিহু সম্রাজ্ঞী প্রতিযোগিতাত অংশ লৈছিলো যদিও সফল হ’ব পৰা নাছিলো৷ ২০১৫ চনত বিহুৰাণী প্রতিযোগিতাত সফল হোৱাৰ পাছতো বিহু সম্রাজ্ঞী হ’বলৈ চেষ্টা এৰি দিয়া নাছিলোঁ৷ অৱশেষত এই সপোন পূৰণ হ’ল৷ মনত এটা দৃঢ় বিশ্বাস লৈ এইবাৰ প্রতিযোগিতাত অৱতীর্ণ হোৱা শিল্পীগৰাকীয়ে বিহু সম্রাজ্ঞীৰ খিতাপ লাভৰ পাছতে এতিয়াৰে পৰা দায়িত্ব অধিক বৃদ্ধি পালে বুলি মন্তব্য কৰে৷ উল্লেখ্য যে বিজয়ী প্রতিযোগীগৰাকীক বিহু সম্রাজ্ঞীৰ বেণ্ড, স্থায়ী ৰূপৰ মুকুট, বিহু সম্রাজ্ঞীৰ দণ্ড, নগদ একলাখ ১১ হাজাৰ টকা, দেৱজিৎ দাসৰ পৰিয়ালৰ পৰা ৩০ হাজাৰ টকা, চলন্ত বঁটা, মানপত্র, গামোচা, ফুলৰ তোড়া, ডায়মণ্ড ছেট, ১০গ্রামৰ শোণৰ মুদ্রা, ফ্রীজ, টিভি, ৱাছিং মেচিনকে ধৰি বহু সামগ্রী বঁটাটোৰ সৈতে প্রদান কৰা হয়৷ আনহাতে দুলীয়াজানৰ দীক্ষা গগৈয়ে বিহু কুঁৱৰী আৰু ধেমাজিৰ প্রীতিৰাণী বৰগোহাঁয়ে বিহুৰাণীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়৷ উক্ত দুয়োগৰাকী বিজয়ীকো নগদ ধন, ৰূপৰ মুকুটসহ আন কেইবাবিধো সামগ্রী বঁটাটোৰ সৈতে প্রদান কৰা হয়৷ একেদৰে কুল শইকীয়ালৈ শ্রেষ্ঠ পেঁপা বাদকৰ বঁটা আগবঢ়োৱাৰ লগতে বিচিত্র বৰগোহাঁইলৈ শ্রেষ্ঠ ঢ়োল বাদকৰ বঁটাও আগবঢ়োৱা হয়৷