নিয়মীয়া বাৰ্তা, ১৩ জুনঃ মহানগৰীত ১৫দিনৰ ভিতৰত পৰীক্ষা কৰা হ’ব ৫০ হাজাৰ ক’ৰোনা টেষ্ট। ইয়াৰে ভিতৰত ৫০০জন লোক যদি আক্ৰান্ত হয় তেন্তে গুবাহাটীবাসী পুনৰ লক ডাউনৰ বাবে সাজু হওঁক। সংবাদমেলত এই মন্তব্য স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই সন্দৰ্ভত ৰাইজৰ লগতো আলোচনা কৰা হ’ব।
পাৰ্কিং, ডিপো, ধাবা, গুদামত ধাৰাবাহিকভাৱে পৰীক্ষা কৰা হ’ব। মহানগৰীত ৫০০জনো লোক আক্ৰান্ত হোৱা লগে লগেই কঠোৰ সিদ্ধান্ত লব লাগিব। এই শৃংখল ভংগ কৰিবলৈ আমি সাজু হ’বই লাগিব। জিকি জিকি আমি হাৰি যাব নোৱাৰো। গুৱাহাটীত সংক্ৰমণ অধিক উদ্বেগজনক কথা। গতিকে লক ডাউনৰ সন্দৰ্ভত এতিয়াই কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই কিন্তু আক্ৰান্তৰ সংখ্য়া বৃদ্ধি পালে নিশ্চয় পুনৰ লক ডাউনৰ দৰে সিদ্ধান্ত লোৱা হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।