বিশেষ বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ “শিক্ষা এনে এটা বিষয় যি এজন ব্যক্তিক আভ্যন্তৰীণ ভাৱে শক্তিশালী কৰি এখন বৃহত্তৰ সমাজৰ সন্মুখীন হোৱাত সহায় কৰে।” লোকমন্থনৰ দ্বাৰা আয়োজিত আলোচনা চক্ৰত উপস্থিত থাকি এনেদৰে নিজৰ অনুভৱ ব্যক্ত কৰে কিন্নৰ আখাৰা আৰু জুনা আখাৰাৰ মহামণ্ডলেশ্বৰ মাতা পৱিত্ৰানন্দ কুমাৰীয়ে। উল্লেখ্য যে এগৰাকী কিন্নৰ হিচাপে কৈশোৰত কিছু আহুকালপূৰ্ণ সময় অতিবাহিত কৰা পৱিত্ৰানন্দ কুমাৰী পৰৱৰ্তী সময়ত এগৰাকী শক্তিশালী তৃতীয় লিংগৰ ব্যক্তিলৈ ৰূপান্তৰ হয়। তৃতীয় লিংগৰ ব্যক্তিসকলক মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকাৰ শলাগ গৈ কুমাৰীয়ে মন্তব্য কৰে যে ” প্ৰাচীন কালত তৃতীয় লিংগৰ ব্যক্তিসকলক অতি সন্মানৰ দৃষ্টিৰে চোৱা গৈছিল। কিন্তু আজিৰ শতিকাত মোৰ পৰিয়ালে মোৰ পৰিচয় লুকুৱাবলৈ চেষ্টা কৰিছিল আৰু বিভিন্ন পৰিস্থিতিত পৰি মই অসহায় হৈ মৃত্যু বিচাৰিছিলো। নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত স্ত্ৰী-পুৰুষ সমন্বিতে তৃতীয় লিংগক স্বীকৃতি প্ৰদান কৰে। ইয়াৰ বাবে তেওঁক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো”। তেওঁ লগতে উল্লেখ কৰে যে শিক্ষাৰ দ্বাৰাহে তৃতীয় লিংগৰ ব্যক্তিসকলক সমমৰ্যাদা প্ৰদান কৰিব পৰা যাব। তেওঁৰ জীৱনত শিক্ষাৰ পৰা পোৱা নিৰাপত্তা আৰু স্বীকৃতিৰ বাবেই কোনোদিন হাত চাপৰি মাৰি ভিক্ষা বিচাৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই বুলিও কুমাৰীয়ে সংযোগ কৰে। উল্লেখ্য যে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উদযাপিত হৈ থকা লোকমন্থন ২০২২ৰ তৃতীয় দিনাৰ অনুষ্ঠানত কেইবালানিও আলোচনা চক্ৰৰ আয়োজন কৰা হৈছিল। দেশৰ পণ্ডিত-বুদ্ধিজীৱি-চিন্তাবিদৰ মিলনথলীলৈ ৰূপান্তৰ ঘটা আজিৰ সন্মিলনত “লোক পৰম্পৰাত শক্তিৰ ধাৰণা” শীৰ্ষক আলোচনা সত্ৰখনত সোনাল মানসিং, মাতা পৱিত্ৰানন্দ কুমাৰী আৰু মনোজ শ্ৰীবাস্তৱে অংশ লয়। পদ্ম বিভূষণ, পদ্ম ভূষণ, সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত ওডিচি নৃত্য শিল্পী শ্ৰীমতী সোনাল মানসিঙে নিজা বক্তব্যত শক্তি-শিৱ পূজাৰ ঐতিহ্য আৰু আজিৰ সময়তো ভিন ভিন ৰূপত এই শক্তিক আৰাধনা তথা ইয়াৰ প্ৰাসংগিকতাৰ বিষয়ে উল্লেখ কৰে। তেখেতে লগতে কয় যে যি কোনো এটা বিষয় সন্দৰ্ভত কথা বা আলোচনা হ’ব লাগে। ভাৰতীয় সংস্কৃতি তথা সংস্কাৰৰ সৈতে সংলগ্ন বিষয়বোৰ আমি যুক্তিসংগত আলোচনাৰ মাধ্যমেৰেহে শক্তিশালীভাৱে উপস্থাপন কৰিব পাৰিম। আলোচনাৰ বিস্তাৰেহে বক্তব্যক এক গতি দিব বুলিও সিঙে মন্তব্য কৰে। আলোচনা সত্ৰত উপস্থিত থকা মনোজ শ্ৰীবাস্তৱে নিজা বক্তব্যত মহিষাসুৰ মৰ্দিনীৰ প্ৰসংগ উত্থাপন কৰে। শক্তিৰ প্ৰতীক দেৱী দুৰ্গাই অসুৰ মহিষক বধ কৰি মহিষাসুৰ মৰ্দিনীৰ ৰূপ ধাৰণ কৰিছিল। ভাৰতীয় সংস্কৃতিত শক্তিৰূপী দুৰ্গাৰ মৰ্যাদা অসীম। তেখেতে ভাৰতবৰ্ষৰ শক্তিপীঠসমূহৰ ঐতিহ্য আৰু লোককথাসমূহৰ বিষয়েও তত্বগধুৰ ভাষণ প্ৰদান কৰে। ৩৭ খনতকৈও অধিক গ্ৰন্থৰ ৰচক শ্ৰীবাস্তৱ দীৰ্ঘসময়জুৰি প্ৰশাসনিক সেৱাৰ সৈতে জড়িত হৈ আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ১৫ শতিকাতে ধৰ্মযাত্ৰাৰ জৰিয়তে আহৰণ কৰা জ্ঞানৰ জৰিয়তে অসমৰ সভ্যতা-সংস্কৃতিলৈ অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই আনিছিল। ধাৰ্মিক যাত্ৰাৰ গুৰুত্ব আৰু তাৎপৰ্যৰ কথা আজিৰ অসমে গভীৰভাৱে উপলব্ধি কৰে। শংকৰদেৱে ভ্ৰমণ কালত আহৰণ কৰা প্ৰজ্ঞাৰ সংমিশ্ৰণতেই অসমীয়া জাতিৰ সংস্কৃতিৰ বৰভেটি গঢ় লৈছিল। আজিৰ অনুষ্ঠানৰ আন এক গুৰুত্বপূৰ্ণ আলোচনাচক্ৰত “ভাৰতত ধাৰ্মিক যাত্ৰা আৰু অন্নদানৰ লোক পৰম্পৰা”ৰ বিষয়ে বিস্তৰ আলোচনা হয়। ভাৰতীয় সমাজ জীৱন, লোক পৰম্পৰা তথা প্ৰাচীন কাহিনীসমূহতো ধাৰ্মিক যাত্ৰা তথা অন্নদানৰ মহত্বৰ কথা উল্লেখ আছে। ভাৰতীয় সভ্যতাই দান আৰু ত্যাগৰ নীতিত বিশ্বাস কৰে। ত্ৰৈত্ৰেৰীয় উপনিষদতে কোৱা হৈছে যে অন্নই জীৱন আৰু অন্নই প্ৰাণ। স্বয়ং মহাদেৱে ভিক্ষাৰ পাত্ৰ লৈ অন্নপূৰ্ণা মাৰ দুৱাৰত থিয় হোৱাৰ কথা আমাৰ সংস্কৃতিয়ে কয়। আজিৰ আলোচনাত কোকৰাঝাৰ চৰকাৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক বনবীনা ব্ৰহ্মই উত্তৰ-পূবৰ বিভিন্ন জাতি-জনজাতিৰ ধাৰ্মিক যাত্ৰা আৰু অন্নদানৰ লোক পৰম্পৰা সন্দৰ্ভত নিজা বক্তব্য ৰাখে। তেখেতে বেদত উল্লেখ কৰা তিনি দান, অন্ন দান, কন্যা দান আৰু গো দানৰ বিষয়ে উল্লেখ কৰে। তেখেতে অসমৰ বিশেষ উল্লিখনসহ হাজো, উমানন্দ, মাজুলী ইত্যাদিৰ প্ৰসংগ টানি আনে। ধৰ্ম যাত্ৰা ভাৰতবৰ্ষত কিমান পুণ্য কৰ্ম লগতে বড়ো জনগোষ্ঠীয় জীৱনত ধৰ্ম যাত্ৰাই জ্ঞানৰ ৰূপ লোৱাৰ কথাও তেওঁ উল্লেখ কৰে। সংস্কৃতি আৰু প্ৰকৃতিৰ সম্পৰ্ক সন্দৰ্ভতো তেওঁ নিজা বক্তব্য ৰাখে। আনহাতে ১৬৪২-৪৩ চনত চীনা তীৰ্থযাত্ৰীয়ে অসমলৈ ধৰ্মমূলক ভ্ৰমণৰ বাবে অহা ইতিহাসত লিপিবদ্ধ কথাই প্ৰমাণ কৰে যে তীৰ্থ বা ধাৰ্মিক যাত্ৰা কেৱল ভাৰতীয় সংস্কৃতিতে সীমাবদ্ধ নহয়। বিশ্বৰ প্ৰান্তে প্ৰান্তে বিবিধ ৰূপত ই বিৰাজমান। এই আলোচনা চক্ৰত অংশ লোৱা আনজন বক্তা ড° পংকজ চাক্সেনা এজন অধ্যাপক তথা লেখক। তেখেতে হাজাৰৰো অধিক মন্দিৰ দৰ্শন কৰি ইয়াৰ ইতিহাস আৰু স্থাপত্য সন্দৰ্ভত গৱেষণা কৰিছে। নিজা বক্তব্যত ড° চাক্সেনাই উল্লেখ কৰে যে তীৰ্থ যাত্ৰাৰ কাহিনী ভাৰতবৰ্ষৰ ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই বৰ্ণিত। প্ৰতিটো অঞ্চলতে এই সম্বন্ধীয় লোক কথা তথা ইতিহাস আছে। লোক কথাসমূহত ভাৰতবৰ্ষ অত্যন্ত চহকী। ধৰ্ম বা জ্ঞানৰ অন্বেষণ সদায়েই যাত্ৰাৰ সৈতে সংলগ্ন বুলিও তেখেতে উল্লেখ কৰে। আলোচনাত অংশ লোৱা আনজন বক্তা মহাৰাষ্ট্ৰ নিবাসী মুকুণ্ড দাতাৰ পেছাত অধ্যাপক আৰু এজন লিখক তথা সংগঠক। তেখেতে মহাৰাষ্ট্ৰৰ ‘ৱাৰী’ বা ধাৰ্মিক যাত্ৰাৰ বিষয়ে উল্লেখ কৰে। ‘ৱাৰী’ত অংশ লোৱা অত্যন্ত সন্মানজনক। এইয়া এক প্ৰকাৰৰ ধাৰ্মিক আন্দোলন। দাতাৰে ভিট্টাল ৰুক্মিণী মন্দিৰৰ মহত্ব আৰু মাৰাঠাসকলৰ মাজত ইয়াৰ গুৰুত্বৰ লগতে অন্নদান আৰু অন্যান্য ধাৰ্মিক যাত্ৰা সম্পৰ্কেও আলোচনা আগবঢ়ায়। আজিৰ কাৰ্যসূচীত “লোক পৰম্পৰাত কৃষি আৰু খাদ্য”, “লোক পৰম্পৰাত শিক্ষা আৰু কাহিনী কথন” আৰু “লোক পৰম্পৰাত বাদ্য সংস্কৃতি” সন্দৰ্ভত অন্যান্য তিনিখন আলোচনা চক্ৰৰো আয়োজন কৰা হয়। “লোক পৰম্পৰাত শিক্ষা আৰু কাহিনী কথন” শীৰ্ষক আলোচনাচক্ৰত অধ্যাপক ড° অৰ্চনা বৰুৱাই তেখেতৰ বক্তব্যত অসমৰ বাৰে ৰহনীয়া সংস্কৃতিৰ কথা উল্লেখ কৰে। ‘আহোম জনগোষ্ঠী’ৰ ইতিহাস সন্দৰ্ভত বিস্তৰ বাখ্যা আগবঢ়াই ড° বৰুৱাই অসমৰ ‘নামঘৰ’ আৰু ‘ভকতসকল’ৰ কথা কয়। নামঘৰত জাতি-ধৰ্ম নিৰ্বিশেষে মুক্ত আলোচনা হয়। অসমীয়া মহিলাই লোক পৰম্পৰাগত ভাৱে আহৰণ কৰা বয়ন বিদ্যাৰ কথাও তেখেতে উল্লেখ কৰে। প্ৰসিদ্ধ লেখক তথা অধ্যাপক ড° সুজাতা মিৰিয়ে নিজা বক্তব্যত অতি গুৰুত্বপূৰ্ণ কিছু বক্তব্য উপস্থাপন কৰে। ড° মিৰিয়ে কয় যে ভাৰতীয় সাধু বা সন্যাসীসকলৰ আদৰ্শৰ বিষয়ে সকলোৱে কথা পাতে কিন্তু সেই তত্ববোৰ প্ৰকৃত জীৱনত ক্ৰমশ ধূসৰ হৈ আহিছে। আদিম মানুহে পৃথিৱী আৰু ভগৱান সন্দৰ্ভত ভিন্ন মত পোষণ কৰিছিল। সূৰ্য, চন্দ্ৰ, পৃথিৱী, নদী সকলোবোৰ ভিন্ন হিন্দ দেৱতাৰ ৰূপত পূজিত হৈছিল। লোক কাহিনীৰ বাখ্যাৰে মিৰিয়ে বক্তব্যৰ সামৰণি মাৰে। আলোচনা চক্ৰত উপস্থিত থকা আনজন বক্তা গিৰিশ প্ৰভুনে এজন সমাজকৰ্মী। ২০২১ চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়। প্ৰভুনেয়ে মহাৰাষ্ট্ৰৰ ভিতৰুৱা গাঁৱত বসতি কৰা নমাডিক পাৰ্ধী জনজাতিৰ উন্নয়নৰ হকে দীৰ্ঘ সময়জুৰি কাম কৰি আছে। তেখেতে ৰামায়ণ-মহাভাৰতৰ উল্লেখসহ ভাৰতৰ বিবিধ জনগোষ্ঠীৰ সংস্কৃতি আৰু পৰম্পৰা সন্দৰ্ভত বাখ্যা আগবঢ়ায়। ভাৰতৰ শিক্ষাৰ ইতিহাস সন্দৰ্ভত ক’বলৈ গৈ তেখেতে নিজা মত দিয়ে যে শিক্ষাত পুথিগত বিদ্যাতকৈ অভিজ্ঞতা অধিক ফলপ্ৰসু। প্ৰাচীন ভাৰতত প্ৰায় অধিকাংশ মহিলাই আয়ুৰ্বেদিক ঔষধ সম্পৰ্কে জ্ঞাত আছিল। এইয়া আছিল অভিজ্ঞতাৰ পৰা আৰ্জিত জ্ঞান। তেখেতৰ মতে কোনো বিশেষ ক্ষেত্ৰতকৈ শিক্ষা সৰ্বত্ৰতে লাভ কৰিব পাৰি। শেষত তেখেতে উল্লেখ কৰে যে আমি পৰম্পৰাগত ভাৱেই আমাৰ জীৱনৰ প্ৰাথমিক শিক্ষা আহৰণ কৰো। শক্তি বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আজিৰ সাংস্কৃতিক সন্ধিয়াত গুৰুত্বপূৰ্ণ অনুষ্ঠান মহাৰাষ্ট্ৰৰ ‘শক্তি আৰাধনা’ আৰু ৰাজস্থানৰ ‘লোক সংগীত’ তথা ‘লোক নৃত্য’ৰ প্ৰদৰ্শন হয়।ইয়াৰ উপৰিও অসমৰ বিহু নৃত্য, বড়োসকলৰ পৰম্পৰাগত শস্য চপোৱা উৎসৱৰ নৃত্য বাৰদৈ-চিখলা, ৰাভাসকলৰ কৃষিভিত্তিক হামজাৰ নৃত্য, কাৰ্বি কৃষি নৃত্য দ’মাহী কিকান, মিচিং জনগোষ্ঠীৰ প্ৰধান কৃষি নৃত্য গুমৰাগ, চাহ জনগোষ্ঠীয় সকলৰ ঝুমুৰ নৃত্য, মিজোৰামৰ পৰম্পৰাগত বাঁহ নৃত্য চেৰাউ, নাগালেণ্ডৰ থুবু ছেলে পেঠা( ছাকেচাঙ চিকেন নৃত্য). মণিপুৰৰ অনবদ্য লোক সংস্কৃতিৰ অংগ পঙ চালম আৰু থাং টা, অৰুণাচলৰ নিছি জনগোষ্ঠীৰ পৰম্পৰাগত ৰিখ’ম পাড়া নৃত্যৰ নান্দনিক উপস্থাপনে উপস্থিতসকলক আনন্দ দিয়ে। আজিৰ সন্ধিয়াৰ মুখ্য আকৰ্ষণ আছিল প্ৰসিদ্ধ লোক সংগীত শিল্পী কল্পনা পাটোৱাৰী আৰু ময়ূৰী দত্তৰ সংগীতানুষ্ঠান। লোকমন্থনৰ অধিৱেশনথলীত আয়োজিত লোকপৰম্পৰা বিষয়ক প্ৰদৰ্শনী, লোক স্থাপত্যৰ সম্ভাৰ, থলুৱা খাদ্য-বস্ত্ৰৰ বিপনীয়ে উপস্থিতসকলক আকৰ্ষণ কৰে। লোকমন্থনৰ ২৪ তাৰিখৰ অনুষ্ঠানতো বহু গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাৰ লগতে কেৰেলাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সাধাৰণ সম্পাদক দত্তাত্ৰেয় হ’জাবেলে উপস্থিত থকিব বুলি বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।