নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ তাৰাবাৰীত মধ্যাহ্ন ভোজনৰ নামত খুৱাইছে দুৰ্গন্ধময় খাদ্য

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ : মধ্যাহ্ন ভোজনৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ এক গুৰুতৰ অভিযোগ উঠিছে ৰূপহীহাটৰ তাৰাবাৰী পূব বৰপকা বালিকা মোক্তাব বিদ্যালয়ৰ বিৰুদ্ধে। লাওখোৱা শিক্ষা খণ্ডৰ অন্তৰ্গত ৮৪নং বৰপকা মোক্তাৱ বিদ্যালয়খনত দীৰ্ঘদিন ধৰি ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰি আহিছে দুৰ্গন্ধময় খাদ্য। প্ৰধান শিক্ষক জামাল উদ্দিনৰ মইমতালিৰ বাবেই ছাত্ৰ-ছাত্ৰী সকলে গ্ৰহণ কৰিবলগীয়া হৈছে এনে পোকযুক্ত দু্ৰ্গন্ধময় খাদ্য। আজি প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকল। আনহাতে প্ৰধান শিক্ষক গৰাকীয়ে মিলি অবৈধ সভাপতিৰে বিদ্যালয়খনত লুণ্ঠনৰাজ চলোৱাৰ আন এক অভিযোগ উত্থাপিত হৈছে। আনপিনে অবৈধ সভাপতি আৰু দুৰ্নীতিকাৰী প্ৰধান শিক্ষক গৰাকীক ৰক্ষণাবেক্ষণ দিয়াৰ আন এক অভিযোগ তুলিছে লাওখোৱা প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া গন্থম শইকীয়াৰ বিৰুদ্ধে। দুৰ্নীতিকাৰী প্ৰধান শিক্ষক আৰু অবৈধ সভাপতিৰ বিৰুদ্ধে ব্যাৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষাবিভাগৰ উৰ্ধতম কতৃপক্ষৰ ওচৰত ৰাইজে দাবী জনাইছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like