নিয়মীয়া বাৰ্তা,২০ মাৰ্চঃ অভিযোগ, প্ৰতিঅভিযোগ, মুখচুপতিৰে ৰসাল হৈ পৰিছে নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ আৰু ৰাজনীতি। আজি মৰিগাঁৱত এক দলীয় সভাত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে অংশগ্ৰহণ কৰাৰ সময়ত তেওঁৰ কাষত নাছিল কংগ্ৰেছৰ একাংশ জিলা নেতা। লাহৰীঘাটৰ বিধায়ক ডাঃ আচিফ নাজাৰে অলপ সময়ৰ বাবেহে তেওঁক সংগ দান কৰিছিল। নাছিল বট্টদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰা। আনকি মৰিগাঁও জিলাৰ কংগ্ৰেছৰ বহু কেইগৰাকী শীৰ্ষ নেতাৰ অনুপস্থিতি চকুতলগা হৈ পৰিছিল। সাংবাদিকেৰে কথা বতৰা হওঁতে প্ৰবল উস্মাৰে বৰদলৈয়ে উত্তৰ দিয়া কাৰ্যত তেওঁৰ হতশাগ্ৰস্ততাৰ প্ৰতিফলনো ঘটা বুলি প্ৰত্যক্ষদৰ্শীয়ে মন্তব্য কৰিছে। বিধায়ক ৰূপক শৰ্মাই তেওঁক অকমৰ্ণ্য আৰু বিক্ৰী নোহোৱা সামগ্ৰী বুলি কৰা সমালোচনা উনুকিয়াই দিওঁতে প্ৰত্যুত্তৰত তেওঁ কয়, এইবোৰ গোকাট মিছা, বিজেপিয়ে সদায়ে গোকাট মিছা কথা কয়। এআইইউডিএফ সন্দৰ্ভত কয়, এআইইউডিএফ আৰু বিজেপি একেডাল সূতাৰে বন্ধা। ৰাইজে নিৰ্বাচনত এইবোৰ বিচাৰ কৰিব। আন এক স্থানত এ আই উ ডি এফ প্ৰাৰ্থী আমিনুল ইছলামে কয় যে বিজেপিৰ নিৰ্দেশত চলে প্ৰদ্যুৎ বৰদলৈ। সুৰেশ বৰা বিজেপিৰ আচল প্ৰাৰ্থী আৰু প্ৰদ্যুৎ বৰদলৈ হৈছে গোপন প্ৰাৰ্থী। বিজেপি প্ৰাৰ্থী সুৰেশ বৰায়ো প্ৰদ্যুৎ বৰদলৈৰ ভাষ্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ভৱিষ্যত অন্ধকাৰ দেখি বৰদলৈয়ে যিকোনো কথা কবলৈ ধৰিছে। নগাঁৱত শেষ হাঁহি বিজেপিয়েই মাৰিব। উল্লেখ্য যে তীব্ৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজেৰে তিনিওগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী পৰিৱেশ উত্তপ্ত কৰি ৰাখিছে। আনহাতেদি সংখ্যালঘু ভোটাৰৰ মন আকৰ্ষণ কৰাৰ বাবে তিনিওগৰাকী প্ৰাৰ্থী বৰ্তমান ব্যস্ত হৈছে ইফতাৰ পাৰ্টীত অংশগ্ৰহণ কৰা ৰাজনীতিত।
প্ৰেৰক প্ৰতাপ হাজৰিকা