বুছান আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত প্রদর্শিত হ’ব ৰীমা দাসৰ ‘তৰাজ হাজবেণ্ড’
নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: অস্কাৰৰ মজিয়া গৰকা ‘ভিলেজ ৰকষ্টার্ছ’ৰ নির্মাতা আন্তর্জাতিক খ্যাতিসম্পন্ন পৰিচালক ৰিমা দাসৰ বাবে আন এক সফলতা৷ তেওঁৰ বহুচর্চিত নতুন ছবি ‘তৰাজ হাজবেণ্ড’ প্রদর্শিত হ’ব সন্মানীয় বুছান আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ ২৭সংখ্যক সংস্কৰণত৷ অহা ৫ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া চলচ্চিত্র মহোৎসৱখনৰ ‘এছিয়ান চিনেমা ছেকচন’ত প্রদর্শনৰ বাবে ছবিখন নির্বাচিত হৈছে৷
ক’ভিডসৃষ্ট পৰিস্থিতিত আৰোপিত লকডাউনৰ ফলত এখন সৰু চহৰত ব্যৱসায় কৰা এজন লোকৰ জীৱন সংগ্রামক মূল উপজীব্য হিচাপে লৈ নির্মাণ কৰা ১৬০ মিনিট দৈর্ঘ্যৰ ‘তৰাজ হাজবেণ্ড’ৰ লগতে আন চাৰি ভাৰতীয় পৰিচালকৰ ছবিও প্রদর্শন কৰা হ’ব বুছান আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত৷ এই ছবিকেইখন হ’ল– নন্দিতা দাসৰ জ্বিগেটো, পুষাণ কৃপালিনীৰ গ’ল্ডফিছ, মহেশ নাৰায়ণনৰ আৰিয়িপ্পু আৰু অৰবিন্দ প্রতাপৰ মৰিয়ম৷
উল্লেখ্য যে বুছান আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত প্রদর্শিত হোৱাৰ উপৰি কালিৰে পৰা আৰম্ভ হোৱা টৰণ্টো আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ ৪৭সংখ্যক সংস্কৰণত ৱর্ল্ড প্রিমিয়াৰৰ বাবেও ইতিমধ্যে নির্বাচিত হৈছে ৰিমা দাসৰ ‘তৰাজ হাজবেণ্ড’৷ অহা ১৮ ছেপ্ঢেম্বৰলৈ চলিবলগীয়া চলচ্চিত্র মহোৎসৱখনত ‘প্লেটফর্ম’ শিতানত এই ছবিখন প্রদর্শিত হ’ব৷ লক্ষণীয়ভাৱে টৰণ্টো চলচ্চিত্র মহোৎসৱৰ প্লেটফর্ম শিতানত প্রদর্শনৰ বাবে নির্বাচিত হোৱা ‘তৰাজ হাজবেণ্ড’–এ হ’ল প্রথমখন ভাৰতীয় ছবি৷
পৰিচালক ৰিমা দাসে ছবিখন সন্দর্ভত জানিবলৈ দিয়া মতে, লকডাউন আৰু ক’ভিডসৃষ্ট পৰিস্থিতিৰ মাজতে সম্পূর্ণ প্রাকৃতিক পৰিৱেশ তথা বাস্তৱ লোকেচনত ছবিখনৰ দৃশ্যগ্রহণ কৰা হৈছিল৷ ক’ভিড সংক্রমণ প্রতিৰোধকল্পে আৰোপিত বাধা–নিষেধৰ পৰিপ্রেক্ষিতত পূর্বৰ ছবিকেইখনৰ তুলনাত ‘তৰাজ হাজবেণ্ড’ৰ দৃশ্যগ্রহণ কৰাটো যথেষ্ট প্রত্যাহ্বানমূলক আছিল বুলিও তেওঁ জানিবলৈ দিয়ে৷ অভিজিৎ দাস আৰু তৰালি কলিতা দাসে মুখ্য ভূমিকা ৰূপায়ণ কৰা ছবিখনৰ পৰিচালক ৰিমা দাসে তেওঁৰ পিতৃ প্রয়াত ভাৰত চন্দ্র দাসৰ সোঁৱৰণত উছর্গা কৰিছে৷ এই সন্দর্ভত তেওঁ কয়– ছবিখনৰ দৃশ্যগ্রহণৰ আৰম্ভণিৰ সময়তে মই মোৰ পিতৃক হেৰুৱাইছিলোঁ৷ মই এই ছবিখন মোৰ পিতৃৰ লগতে মহামাৰীৰ সময়ত মৃত্যুক আঁকোৱালি লোৱা প্রতিজন ব্যক্তিৰ নামত উছর্গা কৰিছোঁ৷